--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ এগৰাকী মহিলাই একেলগে চাৰিটিকৈ কন্যা সন্তানৰ জন্ম দি সকলোকে আচৰিত কৰি তুলিছে৷ মহিলাগৰাকীয়ে একেলগে চাৰিজনী কন্যাসন্তানৰ জন্ম দিয়াৰ পিছত এতিয়া সন্তানসহ নিজেও সুস্থ হৈ থকা বুলি জানিব পৰা গৈছে। ইপিনে  পৰিয়ালটোৱে একেলগে চাৰিগৰাকী  কন্যা সন্তান লাভ কৰি  সুখী হৈ পৰিছে। ঘটনাটো বাংলাদেশৰ জামালপুৰৰ সৰিচাবাৰী উপ-জিলাত ঘটিছে৷ হৈছিল। চিকিৎসকসকলে কৈছে  যে চাৰিটাও নৱজাতক স্বাস্থ্যৱান অৱস্থাতে জন্মগ্ৰহণ কৰিছে।

বাতৰিটো বাংলাদেশী সংবাদ মাধ্যম 'প্ৰথম আলো'ত প্ৰকাশ পাইছে৷   খবৰ অনুসৰি ২১ বছৰীয়া অঞ্জুয়াৰা বেগমে  জামালপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চাৰিজনী কন্যা সন্তান জন্ম দিয়ে। ৪ জনী কন্যা সন্তানৰ  ওজন ক্ৰমে  ১ কিগ্ৰা ৮০০ গ্ৰাম, ১ কিগ্ৰা ৭০০ গ্ৰাম, ১কিগ্ৰা ৬০০ গ্ৰাম আৰু ১ কিগ্ৰা ৪০০ গ্ৰাম। নৱজাতককেইটি স্বাস্থ্যকৰ্মীৰ  পৰ্যবেক্ষণত আছে। মহিলাগৰাকীও সুস্থ অৱস্থাতে থকা বুলি চিকিৎসকে প্ৰকাশ কৰিছে৷

মহিলাগৰাকীয়ে  ছয় বছৰ আগতে আতাউৰ ৰহমান বাবু নামৰ এজন লোকৰ  সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু ছবছৰ ধৰি তেওঁলোকে সন্তানৰ মুখ দেখা নাছিল৷ এইবাৰ  প্ৰথমবাৰৰ বাবে তেওঁ  মাতৃ হৈছে। 

একেলগে চাৰিটা সন্তানৰ জন্মৰ কথা  নতুন নহয়।অতীততো এনে ধৰণৰ ঘটনাৰ উদাহৰণ আছে। ২০১৯  চনত এগৰাকী মহিলাই ভাৰতৰ উত্তৰ প্ৰদেশৰ গোণ্ডা অঞ্চলত একেলগে চাৰিটা সন্তান জন্ম দিছিল। যোৱা বছৰ ওড়িশাৰ ৰ এগৰাকী মহিলাইএকেলগে চাৰিটা সন্তান জন্ম দিছিল। ৪ টাতকৈ অধিক শিশু একেলগে জন্ম হোৱাৰ উদাহৰণো আছে। যোৱা বছৰ মৰক্কোৰ এগৰাকী মহিলাই একেলগে নটা সন্তান জন্ম দিছিল। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছে এই তথ্য নথিভুক্ত কৰিছিল৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ