--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ এগৰাকী মহিলাই একেলগে চাৰিটিকৈ কন্যা সন্তানৰ জন্ম দি সকলোকে আচৰিত কৰি তুলিছে৷ মহিলাগৰাকীয়ে একেলগে চাৰিজনী কন্যাসন্তানৰ জন্ম দিয়াৰ পিছত এতিয়া সন্তানসহ নিজেও সুস্থ হৈ থকা বুলি জানিব পৰা গৈছে। ইপিনে  পৰিয়ালটোৱে একেলগে চাৰিগৰাকী  কন্যা সন্তান লাভ কৰি  সুখী হৈ পৰিছে। ঘটনাটো বাংলাদেশৰ জামালপুৰৰ সৰিচাবাৰী উপ-জিলাত ঘটিছে৷ হৈছিল। চিকিৎসকসকলে কৈছে  যে চাৰিটাও নৱজাতক স্বাস্থ্যৱান অৱস্থাতে জন্মগ্ৰহণ কৰিছে।

বাতৰিটো বাংলাদেশী সংবাদ মাধ্যম 'প্ৰথম আলো'ত প্ৰকাশ পাইছে৷   খবৰ অনুসৰি ২১ বছৰীয়া অঞ্জুয়াৰা বেগমে  জামালপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চাৰিজনী কন্যা সন্তান জন্ম দিয়ে। ৪ জনী কন্যা সন্তানৰ  ওজন ক্ৰমে  ১ কিগ্ৰা ৮০০ গ্ৰাম, ১ কিগ্ৰা ৭০০ গ্ৰাম, ১কিগ্ৰা ৬০০ গ্ৰাম আৰু ১ কিগ্ৰা ৪০০ গ্ৰাম। নৱজাতককেইটি স্বাস্থ্যকৰ্মীৰ  পৰ্যবেক্ষণত আছে। মহিলাগৰাকীও সুস্থ অৱস্থাতে থকা বুলি চিকিৎসকে প্ৰকাশ কৰিছে৷

মহিলাগৰাকীয়ে  ছয় বছৰ আগতে আতাউৰ ৰহমান বাবু নামৰ এজন লোকৰ  সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু ছবছৰ ধৰি তেওঁলোকে সন্তানৰ মুখ দেখা নাছিল৷ এইবাৰ  প্ৰথমবাৰৰ বাবে তেওঁ  মাতৃ হৈছে। 

একেলগে চাৰিটা সন্তানৰ জন্মৰ কথা  নতুন নহয়।অতীততো এনে ধৰণৰ ঘটনাৰ উদাহৰণ আছে। ২০১৯  চনত এগৰাকী মহিলাই ভাৰতৰ উত্তৰ প্ৰদেশৰ গোণ্ডা অঞ্চলত একেলগে চাৰিটা সন্তান জন্ম দিছিল। যোৱা বছৰ ওড়িশাৰ ৰ এগৰাকী মহিলাইএকেলগে চাৰিটা সন্তান জন্ম দিছিল। ৪ টাতকৈ অধিক শিশু একেলগে জন্ম হোৱাৰ উদাহৰণো আছে। যোৱা বছৰ মৰক্কোৰ এগৰাকী মহিলাই একেলগে নটা সন্তান জন্ম দিছিল। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছে এই তথ্য নথিভুক্ত কৰিছিল৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে