--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  লাডাখকলৈ ভাৰত আৰু চীনৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে আজি চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে পূব লাডাখৰ ভাৰত-চীন সীমান্তত নিয়োজিত সৈনিকসকলৰ সৈতে ভিডিঅ' কথোপকথন কৰি যুদ্ধৰ প্ৰস্তুতিৰ বুজ লোৱা বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমে খবৰ প্ৰকাশ কৰিছে৷ 

চীনৰ  চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জিনপিঙে  পিপলছ লিবাৰেচন আৰ্মীৰ (পিএলএ) মুখ্য কাৰ্যালয়ৰ পৰা জিনজিয়াং মিলিটাৰী কমাণ্ডৰ অধীনৰ খুঞ্জেৰাবৰ সীমান্তৰ প্ৰতিৰক্ষা পৰিস্থিতি সন্দৰ্ভত সৈন্যসকলক সম্বোধন কৰে। চীনৰ শাসনাধিষ্ঠ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক আৰু পিএলএৰ কমাণ্ডাৰ-ইন-চীফ জিনপিঙে  সৈন্যসকলককয়  যে কেনেকৈ "শেহতীয়া বছৰবোৰত, অঞ্চলটোত নিৰন্তৰ পৰিৱৰ্তন হৈ আহিছে" ৷ 

চৰকাৰী মাধ্যমত দেখুওৱা ভিডিঅ' জিনপিঙে  চীনৰ সৈন্যসকলৰ যুঁজৰ  তৎপৰতা সন্দৰ্ভত খবৰ লয়। এজন সৈন্যই এইবুলি উত্তৰ দিয়ে  যে তেওঁলোকে এতিয়া সীমান্তত ২৪  ঘণ্টা নিৰীক্ষণ কৰি আছে। চৰকাৰী সংবাদ মাধ্যমৰ খবৰ অনুসৰি ঝিয়ে  সীমান্তৰক্ষীসকলক প্ৰশংসা কৰিছিল আৰু তেওঁলোকক তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰিছিল।" 

পূব লাডাখত ৫ মে, ২০২০ত  ভাৰত আৰু চীনৰ সেনাৰ মাজত  সংঘৰ্ষ হৈছিল৷ য’ত ২০ জন ভাৰতীয় সেনা নিহত হৈছিল৷ চীনৰ বহু সেনা হতা-হত হৈছিল৷  এই সংঘৰ্ষৰ পিছতে লাডাখকলৈ  ভাৰত আৰু চীনৰ মাজত  অচলাৱস্থাৰ সৃষ্টি হৈছিল। দুয়োপক্ষই পূব লাডাখৰ বিষয়টোকলৈ  ১৭ লানি উচ্চ পৰ্যায়ৰ সামৰিক আলোচনা অনুষ্ঠিত কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে