--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  লাডাখকলৈ ভাৰত আৰু চীনৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে আজি চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে পূব লাডাখৰ ভাৰত-চীন সীমান্তত নিয়োজিত সৈনিকসকলৰ সৈতে ভিডিঅ' কথোপকথন কৰি যুদ্ধৰ প্ৰস্তুতিৰ বুজ লোৱা বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমে খবৰ প্ৰকাশ কৰিছে৷ 

চীনৰ  চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জিনপিঙে  পিপলছ লিবাৰেচন আৰ্মীৰ (পিএলএ) মুখ্য কাৰ্যালয়ৰ পৰা জিনজিয়াং মিলিটাৰী কমাণ্ডৰ অধীনৰ খুঞ্জেৰাবৰ সীমান্তৰ প্ৰতিৰক্ষা পৰিস্থিতি সন্দৰ্ভত সৈন্যসকলক সম্বোধন কৰে। চীনৰ শাসনাধিষ্ঠ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক আৰু পিএলএৰ কমাণ্ডাৰ-ইন-চীফ জিনপিঙে  সৈন্যসকলককয়  যে কেনেকৈ "শেহতীয়া বছৰবোৰত, অঞ্চলটোত নিৰন্তৰ পৰিৱৰ্তন হৈ আহিছে" ৷ 

চৰকাৰী মাধ্যমত দেখুওৱা ভিডিঅ' জিনপিঙে  চীনৰ সৈন্যসকলৰ যুঁজৰ  তৎপৰতা সন্দৰ্ভত খবৰ লয়। এজন সৈন্যই এইবুলি উত্তৰ দিয়ে  যে তেওঁলোকে এতিয়া সীমান্তত ২৪  ঘণ্টা নিৰীক্ষণ কৰি আছে। চৰকাৰী সংবাদ মাধ্যমৰ খবৰ অনুসৰি ঝিয়ে  সীমান্তৰক্ষীসকলক প্ৰশংসা কৰিছিল আৰু তেওঁলোকক তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰিছিল।" 

পূব লাডাখত ৫ মে, ২০২০ত  ভাৰত আৰু চীনৰ সেনাৰ মাজত  সংঘৰ্ষ হৈছিল৷ য’ত ২০ জন ভাৰতীয় সেনা নিহত হৈছিল৷ চীনৰ বহু সেনা হতা-হত হৈছিল৷  এই সংঘৰ্ষৰ পিছতে লাডাখকলৈ  ভাৰত আৰু চীনৰ মাজত  অচলাৱস্থাৰ সৃষ্টি হৈছিল। দুয়োপক্ষই পূব লাডাখৰ বিষয়টোকলৈ  ১৭ লানি উচ্চ পৰ্যায়ৰ সামৰিক আলোচনা অনুষ্ঠিত কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ