--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দেশৰ চাৰি  খন ৰাজ্যত বিজেপিৰ সভাপতি সলনি কৰাৰ সিদ্ধান্ত হৈছে। সেইমৰ্মে বিজেপিয়ে পঞ্জাৱ, অন্ধ্ৰ, তেলেংগানা আৰু ঝাৰখণ্ডৰ সভাপতি সলনি কৰিছে। নিৰ্বাচনমুখী তেলেংগানাত জি কিষাণ ৰেড্ডীক সভাপতিৰ দায়িত্ব অৰ্পন কৰা হৈছে। দেশৰ ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু অহা বছৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই  বিজেপিয়ে ৪ খন ৰাজ্যৰ ৰাজ্যিক সভাপতি সলনি কৰিছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। 

শেহতীয়া খবৰ অনুসৰি পঞ্জাৱ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু ঝাৰখণ্ডত বিজেপিৰ সভাপতি সলনি কৰা হৈছে।  সুনীল জাখৰক পঞ্জাৱত, ডি পুৰন্দেশ্বৰীক অন্ধ্ৰত, জি কিষাণ ৰেড্ডীক তেলেংগানাত আৰু বাবুলাল মাৰাণ্ডীক ঝাৰখণ্ডত ৰাজ্যিক বিজেপিৰ সভাপতি হিচাবে নতুনকৈ দায়িত্ব দিয়া হৈছে। জাখৰে ২০১৭ চনৰ পৰা ২০২১ চনলৈ পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ যোৱা বছৰ মে’ মাহত বিজেপিত যোগদান কৰিছিল। তেওঁ ২০১২-২০১৭ লৈ  পঞ্জাৱ বিধানসভাৰ বিৰোধী দলৰ নেতাও আছিল।অভিনেতা বিনোদ খান্নাৰ মৃত্যুৰ পিছত সুনীল জাখৰে গুৰদাসপুৰ লোকসভা আসনত জয়লাভ কৰিছিল।সুনীল জাখৰৰ পিতৃ  ড০ বলৰাম জাখৰ এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা আছিল। তেওঁ ১০ বছৰ ধৰি লোকসভাৰ অধ্যক্ষ আৰু মধ্য প্ৰদেশৰ ৰাজ্যপাল আছিল।

একেদৰে ঝাৰখণ্ডত ৰাজ্যিক বিজেপিৰ সভাপতি হিচাবে দায়িত্ব লাভ কৰা বাবুলাল মাৰাণ্ডি ঝাৰখণ্ডৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছিল। তেওঁ ১৯৯১ আৰু ১৯৯৬ চনত লোকসভা নিৰ্বাচনত পৰাজিত হৈছিল, কিন্তু ১৯৯৮ চনৰ নিৰ্বাচনত তেওঁ সন্তলৰ পৰা শিবু সোৰেনক পৰাজিত কৰিছিল।২০০৬ চনত তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰে আৰু ঝাৰখণ্ড বিকাশ মৰ্চা নামৰ এটা নতুন ৰাজনৈতিক দল গঠন কৰিছিল।২০০৭ চনৰ ২৭ অক্টোবৰত ঝাৰখণ্ডৰ গিৰিদিহ অঞ্চলত নক্সাল আক্ৰমণত তেওঁৰ পুত্ৰ অনুপ মাৰাণ্ডি নিহত হৈছিল।২০২০ চনৰ ১৭ ফেব্ৰুৱাৰীত ঝাৰখণ্ড বিকা মৰ্চা বিজেপিৰ সৈতে চামিল হৈছিল আৰু মাৰাণ্ডী পুনৰ বিজেপি নেতা হৈ পৰিছিল। দক্ষিণৰ সুষমা স্বৰাজ হিচাবে পৰিচিত ডি পুৰন্দেশ্বৰীয়ে ২০২০ চনৰ শেষলৈকে ওড়িশাৰ ৰাজ্যিক বিজেপিৰ সভাপতি আছিল। আজি তেওঁক অন্ধ্ৰপ্ৰদেশৰ বিজেপি সভাপতি হিচাবে দায়িত্ব অৰ্পন কৰা হয়। 

ইপিনে অসমতো বিজেপিৰ সভাপতি সলনি হ’ব পাৰে বুলি ব্যাপক চৰ্চা চলিছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে অসমত বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক আঁতৰাই আন এগৰাকী ব্যক্তিক সভাপতিৰ পদত বহুৱাব পাৰে।  শেহতীয়াকৈ অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ কেতবোৰ তুলুঙা মন্ত্ব্যই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। 

বিশেষকৈ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত ভৱেশ কলিতাই দাম বাঢ়িছে যদি বস্তু কমাই খালেই হ’ল, দেউতাক যদি পাপা বোলে মাকক পাপী বুলিব নেকি আদি জাতীয় মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। তদুপৰি অসম বিজেপিত চলি থকা ন বিজেপি-পুৰণি বিজেপিৰ ভিতৰুৱা সংঘাতৰ বাবেও ভৱেশ কলিতা সভাপতিৰ পদৰ পৰা আঁতৰিবলগীয়া হ’ব পাৰে বুলি সূত্ৰটোৱে মন্তব্য কৰিছে। ভৱেশ কলিতাৰ ঠাইত যোগেন মোহনে ৰাজ্যিক বিজেপিৰ আসন খন শুৱনি কৰাৰ সম্ভাৱনা থকা বুলিও সূত্ৰটোৱে সদৰি কৰিছে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement