--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকে ধাবাত সোমাই যোৱাৰ ফলত কমেও ১৫ জন লোক নিহত হোৱাৰ লগতে কুৰি জনৰো অধিক লোক আহত হৈছে।মহাৰাষ্ট্ৰৰ মুম্বাই-আগ্ৰা ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।

মঙলবাৰে দুপৰীয়া  মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ পালচনাৰ গাঁৱত দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰত্যদৰ্শীয়ে প্ৰকাশ কৰা মতে ট্ৰাকখনে তীব্ৰ গতিত যাত্ৰা কৰি আছিল। ট্ৰাকখনে  প্ৰথমে ৰাজপথত থকা চাৰিখন বাহনক খুন্দা মাৰি ৰাজপথৰ কাষত থকা এখন ধাবাত সোমাই যায়।দুপৰীয়াৰ সময় হোৱা বাবে সেই সময়ত বহুলোকে ধাবাৰ ভিতৰত আহাৰ খাই আছিল।

কিছুসংখ্যক লোকে  ধাবাৰ কাষৰ বাছ ষ্টপত বাছৰ বাবে অপেক্ষা কৰি আছিল। ট্ৰাকৰ খুন্দাত কমেও ১৫ জন লোকৰ মৃত্যু ঘটে। নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে। উল্লেখ্য পালচনাৰ গাওঁখন মুম্বাইৰ পৰা ৩০০ কিলোমিটাৰ দূৰৈত অৱস্থিত । এজন আৰক্ষী বিষয়াই কয় যে ট্ৰাকখন মধ্য প্ৰদেশৰ পৰা আহি আছিল। গন্তব্যস্থান আছিল ধুলি। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছিল যে ট্ৰাকখন দ্ৰুত গতিত গৈ আছিল। হঠাতে ট্ৰাক খনৰ  ব্ৰেক বিফল হৈ পৰে আৰু দুৰ্ঘটনাত পতিত হয়। 

দুৰ্ঘটনাটোত আহতসকলক ততাতৈয়াকৈ শিৰপুৰ আৰু ধুলেৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।  মৃতদেহমৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান