--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকে ধাবাত সোমাই যোৱাৰ ফলত কমেও ১৫ জন লোক নিহত হোৱাৰ লগতে কুৰি জনৰো অধিক লোক আহত হৈছে।মহাৰাষ্ট্ৰৰ মুম্বাই-আগ্ৰা ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।

মঙলবাৰে দুপৰীয়া  মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ পালচনাৰ গাঁৱত দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰত্যদৰ্শীয়ে প্ৰকাশ কৰা মতে ট্ৰাকখনে তীব্ৰ গতিত যাত্ৰা কৰি আছিল। ট্ৰাকখনে  প্ৰথমে ৰাজপথত থকা চাৰিখন বাহনক খুন্দা মাৰি ৰাজপথৰ কাষত থকা এখন ধাবাত সোমাই যায়।দুপৰীয়াৰ সময় হোৱা বাবে সেই সময়ত বহুলোকে ধাবাৰ ভিতৰত আহাৰ খাই আছিল।

কিছুসংখ্যক লোকে  ধাবাৰ কাষৰ বাছ ষ্টপত বাছৰ বাবে অপেক্ষা কৰি আছিল। ট্ৰাকৰ খুন্দাত কমেও ১৫ জন লোকৰ মৃত্যু ঘটে। নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে। উল্লেখ্য পালচনাৰ গাওঁখন মুম্বাইৰ পৰা ৩০০ কিলোমিটাৰ দূৰৈত অৱস্থিত । এজন আৰক্ষী বিষয়াই কয় যে ট্ৰাকখন মধ্য প্ৰদেশৰ পৰা আহি আছিল। গন্তব্যস্থান আছিল ধুলি। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছিল যে ট্ৰাকখন দ্ৰুত গতিত গৈ আছিল। হঠাতে ট্ৰাক খনৰ  ব্ৰেক বিফল হৈ পৰে আৰু দুৰ্ঘটনাত পতিত হয়। 

দুৰ্ঘটনাটোত আহতসকলক ততাতৈয়াকৈ শিৰপুৰ আৰু ধুলেৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।  মৃতদেহমৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস