--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰী গাড়ী দুৰ্ঘটনাত মৃত্যু হোৱাৰ দুমাহৰ পাছত শনিবাৰে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ আৰক্ষীয়ে ডাঃ অনাহিতা পাণ্ডোলেক ৰেচ ড্ৰাইভিঙৰ অভিযোগত গোচৰ ৰুজু কৰে। আৰক্ষীৰ মতে, মটৰ গাড়ী আইন (এম ভি আইন)ৰ বাহিৰেও আই পি চিৰ ৩০৪ (ক) ২৭৯ আৰু ২৩৭ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। গাফিলতিৰ বাবে কাৰোবাৰ মৃত্যুৰ ক্ষেত্ৰত ধাৰা ৩০৪ (ক) প্ৰযোজ্য।

২৭৯ধাৰা তেতিয়া প্ৰযোজ্য হয় যেতিয়া কোনোবাই অসাৱধানতাৰে পথত বাহন চলায়। যেতিয়া আনৰ জীৱন আৰু ব্যক্তিগত সুৰক্ষা বিপন্ন কৰি মৃত্যু হয় তেতিয়া ৩৩৭ ধাৰা প্ৰযোজ্য। কাছা আৰক্ষী থানাত ৰুজু হৈছে এটা গোচৰ।

২০২২ চনৰ ৪ ছেপ্টেম্বৰত মুম্বাইৰ সংলগ্ন পালঘৰ জিলাৰ মুম্বাই-আহমেদাবাদ ঘাইপথত সংঘটিত হোৱা এক গাড়ী দুৰ্ঘটনাত চাইৰাছ মিস্ত্ৰী আৰু তেওঁৰ সতীৰ্থ বন্ধু জহাংগীৰ পাণ্ডোলে নিহত হয়। দুয়োজনেই মাৰ্চিডিজ গাড়ীখনৰ পাছৰ চিটত বহি থকাৰ সময়তে অনাহিতাই গাড়ীখন চলাই আছিল আৰু তেওঁৰ স্বামী ডাৰিয়াছ পাণ্ডোলেও আগৰ চিটত বহি আছিল।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় পাণ্ডোল দম্পতী। আৰক্ষীয়ে জাৰি কৰা বিবৃতি অনুসৰি তদন্তৰ সময়ত সাক্ষীসকলক সোধা-পোছা কৰা হয় আৰু আঞ্চলিক পৰিবহণ কাৰ্যালয় আৰু পুনেৰ মাৰ্চিডিজ বেঞ্জ ইণ্ডিয়াৰ পৰা প্ৰতিবেদন লোৱাৰ পিছত এই গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে নিজৰ বিবৃতিত কয়, ‘ৰিপ’ৰ্ট আৰু তদন্তৰ ভিত্তিত ৰেচ আৰু গাফিলতিৰে গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। সেয়েহে ডাঃ অনাহিতা পাণ্ডোলেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

শুকুৰবাৰে ডাৰিয়াছ পাণ্ডোলে আৰক্ষীক জনাইছিল যে তেওঁৰ পত্নী ডাঃ অনাহিতাই তিনি নম্বৰ লেনত মাৰ্চিডিজ বেঞ্জ গাড়ী চলাই আহিছিল আৰু পালঘৰৰ সূৰ্য্য নদীৰ দলঙৰ ওপৰেৰে পথটো সংকীৰ্ণ হৈ পৰাত গাড়ীখন তিনি নম্বৰ লেনৰ পৰা দ্বিতীয় লেনলৈ লৈ যাব পৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু