--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰী গাড়ী দুৰ্ঘটনাত মৃত্যু হোৱাৰ দুমাহৰ পাছত শনিবাৰে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ আৰক্ষীয়ে ডাঃ অনাহিতা পাণ্ডোলেক ৰেচ ড্ৰাইভিঙৰ অভিযোগত গোচৰ ৰুজু কৰে। আৰক্ষীৰ মতে, মটৰ গাড়ী আইন (এম ভি আইন)ৰ বাহিৰেও আই পি চিৰ ৩০৪ (ক) ২৭৯ আৰু ২৩৭ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। গাফিলতিৰ বাবে কাৰোবাৰ মৃত্যুৰ ক্ষেত্ৰত ধাৰা ৩০৪ (ক) প্ৰযোজ্য।

২৭৯ধাৰা তেতিয়া প্ৰযোজ্য হয় যেতিয়া কোনোবাই অসাৱধানতাৰে পথত বাহন চলায়। যেতিয়া আনৰ জীৱন আৰু ব্যক্তিগত সুৰক্ষা বিপন্ন কৰি মৃত্যু হয় তেতিয়া ৩৩৭ ধাৰা প্ৰযোজ্য। কাছা আৰক্ষী থানাত ৰুজু হৈছে এটা গোচৰ।

২০২২ চনৰ ৪ ছেপ্টেম্বৰত মুম্বাইৰ সংলগ্ন পালঘৰ জিলাৰ মুম্বাই-আহমেদাবাদ ঘাইপথত সংঘটিত হোৱা এক গাড়ী দুৰ্ঘটনাত চাইৰাছ মিস্ত্ৰী আৰু তেওঁৰ সতীৰ্থ বন্ধু জহাংগীৰ পাণ্ডোলে নিহত হয়। দুয়োজনেই মাৰ্চিডিজ গাড়ীখনৰ পাছৰ চিটত বহি থকাৰ সময়তে অনাহিতাই গাড়ীখন চলাই আছিল আৰু তেওঁৰ স্বামী ডাৰিয়াছ পাণ্ডোলেও আগৰ চিটত বহি আছিল।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় পাণ্ডোল দম্পতী। আৰক্ষীয়ে জাৰি কৰা বিবৃতি অনুসৰি তদন্তৰ সময়ত সাক্ষীসকলক সোধা-পোছা কৰা হয় আৰু আঞ্চলিক পৰিবহণ কাৰ্যালয় আৰু পুনেৰ মাৰ্চিডিজ বেঞ্জ ইণ্ডিয়াৰ পৰা প্ৰতিবেদন লোৱাৰ পিছত এই গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে নিজৰ বিবৃতিত কয়, ‘ৰিপ’ৰ্ট আৰু তদন্তৰ ভিত্তিত ৰেচ আৰু গাফিলতিৰে গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। সেয়েহে ডাঃ অনাহিতা পাণ্ডোলেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

শুকুৰবাৰে ডাৰিয়াছ পাণ্ডোলে আৰক্ষীক জনাইছিল যে তেওঁৰ পত্নী ডাঃ অনাহিতাই তিনি নম্বৰ লেনত মাৰ্চিডিজ বেঞ্জ গাড়ী চলাই আহিছিল আৰু পালঘৰৰ সূৰ্য্য নদীৰ দলঙৰ ওপৰেৰে পথটো সংকীৰ্ণ হৈ পৰাত গাড়ীখন তিনি নম্বৰ লেনৰ পৰা দ্বিতীয় লেনলৈ লৈ যাব পৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement