--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অসুস্থ পত্নী৷ অৱশেষত জামিন লাভ কৰিলে দুবাৰকৈ  অলিম্পিক পদক বিজয়ী মল্লযোদ্ধা সুশীল কুমাৰে ৷ ২৭ বছৰীয়া মল্লযোদ্ধা সাগৰ ধনখৰৰ হত্যাৰ সন্দৰ্ভত সুশীল দীৰ্ঘদিন ধৰি কাৰাগাৰত আছিল সুশীল কুমাৰ৷ বৰ্তমান  তেওঁৰ পত্নী চাবি অসুস্থ হৈ পৰাৰ বাবে সন্তান দুটাৰ যত্ন ল'বলৈ কোনো নাই। গতিকে সুশীলে অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন কৰিছিল। তেওঁ শুক্ৰবাৰে অন্তৱৰ্তীকালীন জামিন আৱেদন মঞ্জুৰ কৰা হয়৷ 

দীঘলীয়া সময় কাৰাগাৰত কটোৱাৰ পিছত অৱশেষত মল্লযোদ্ধা সুশীল কুমাৰক জামিন দিয়া হৈছে। দিল্লীৰ এখন আদালতে শুকুৰবাৰে দুবাৰৰ অলিম্পিক পদক বিজয়ী মল্লযোদ্ধাগৰাকীক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। যদিও তেওঁ অন্তৱৰ্তীকালীন জামিন লাভ কৰে তেওঁ ১ লাখ টকা জমা দিব লগা হৈছিল।

অৱশ্যে আদালতে সাক্ষীসকলৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিছিল৷ লগতে  দুজন নিৰাপত্তাৰক্ষীয়ে সকলো সময়তে সুশীলৰ ওপৰত নজৰ ৰাখিব বুলি জানিব পৰা গৈছে। এতিয়ালৈকে, আৰক্ষীয়ে গোচৰটোত মুঠ ১৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে। সুশীলৰ বিৰুদ্ধে দুখন অভিযোগপত্ৰ দাখিল কৰা হৈছে।

যোৱা মাহত, দিল্লীৰ এখন আদালতে সুশীল আৰু আন ১৭ জনৰ বিৰুদ্ধে অভিযোগ গঠন কৰিছিল। দিল্লীৰ আদালতে সুশীলৰ বিৰুদ্ধে হত্যা, হত্যাৰ চেষ্টা, দাঙ্গা, বেআইনী সমাবেশ আৰু অপৰাধমূলক ষড়যন্ত্ৰকে ধৰি কেইবাটাও অভিযোগত অভিযোগ গঠন কৰিছে।

২০২১ চনৰ ৪ মে তাৰিখে, সুশীল আৰু তেওঁৰ কিছু সহযোগীয়ে সম্পত্তিৰ বিবাদৰ বাবে কুস্তিৰ প্ৰাক্তন কনিষ্ঠ ৰাষ্ট্ৰীয় চেম্পিয়ন সাগৰক  আক্ৰমণ কৰিছিল। সাগৰ গুৰুতৰভাৱে আহত হৈছিল। পিছত তেওঁৰ মৃত্যু হয়। মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পাইছিল যে কোনো ভোঁতা বস্তুৰ দ্বাৰা আঘাত প্ৰাপ্ত হোৱাৰ ফলত সাগৰৰ ৰক্তক্ষৰণৰ ফলত মৃত্যু হৈছিল। দিল্লী আৰক্ষীয়ে বিভিন্ন ধাৰাৰ অধীনত সুশীলকে ধৰি ২০ জন লোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছিল। ইয়াৰ ভিতৰত আছে হত্যা, হত্যাৰ চেষ্টা, ষড়যন্ত্ৰ, অপহৰণৰ অভিযোগ।

২০২১ চনৰ ২৩ মে'ত সুশীলক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ২ আগষ্টত আৰক্ষীয়ে দাখিল কৰা প্ৰথম অভিযোগপত্ৰত কোৱা হৈছিল যে সুশীলে এটা ষড়যন্ত্ৰত আক্ৰমণ চলাইছিল।
২০২১ চনৰ ২ জুনৰ পৰা সুশীল ন্যায়িক জিম্মাত আছিল। সুশীলৰ জামিনৰ আবেদন যোৱা বছৰ বিচাৰ আদালতে নাকচ কৰিছিল। বিচাৰ আদালতে কৈছিল যে প্ৰথমতে, সুশীলক আক্ৰমণৰ ভিডিঅ' ফুটেজত দেখা গৈছিল। অলিম্পিক কুস্তি পদক বিজয়ীগৰাকীয়ে জামিন বিচাৰিছিল আৰু কৈছিল যে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে মিছা গোচৰ ৰুজু কৰিছে। অৱশ্যে, আদালতে আৱেদনটোৰ কোনো সঁহাৰি দিয়া নাছিল।

সুশীলে এই বছৰৰ মাৰ্চ মাহত বন্দীসকলক মল্লযুদ্ধ শিকোৱা আৰম্ভ কৰিছিল। তেওঁ নিজকে সুস্থ ৰাখিবলৈ কাৰাগাৰত মুক্ত হাতৰ অনুশীলন কৰিছিল। কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা অনুমতি পোৱাৰ পিছত, তেওঁ বাকী বন্দীসকলকো শিক্ষা প্ৰদান কৰি আছিল সুশীলে ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement