--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অসুস্থ পত্নী৷ অৱশেষত জামিন লাভ কৰিলে দুবাৰকৈ  অলিম্পিক পদক বিজয়ী মল্লযোদ্ধা সুশীল কুমাৰে ৷ ২৭ বছৰীয়া মল্লযোদ্ধা সাগৰ ধনখৰৰ হত্যাৰ সন্দৰ্ভত সুশীল দীৰ্ঘদিন ধৰি কাৰাগাৰত আছিল সুশীল কুমাৰ৷ বৰ্তমান  তেওঁৰ পত্নী চাবি অসুস্থ হৈ পৰাৰ বাবে সন্তান দুটাৰ যত্ন ল'বলৈ কোনো নাই। গতিকে সুশীলে অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন কৰিছিল। তেওঁ শুক্ৰবাৰে অন্তৱৰ্তীকালীন জামিন আৱেদন মঞ্জুৰ কৰা হয়৷ 

দীঘলীয়া সময় কাৰাগাৰত কটোৱাৰ পিছত অৱশেষত মল্লযোদ্ধা সুশীল কুমাৰক জামিন দিয়া হৈছে। দিল্লীৰ এখন আদালতে শুকুৰবাৰে দুবাৰৰ অলিম্পিক পদক বিজয়ী মল্লযোদ্ধাগৰাকীক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। যদিও তেওঁ অন্তৱৰ্তীকালীন জামিন লাভ কৰে তেওঁ ১ লাখ টকা জমা দিব লগা হৈছিল।

অৱশ্যে আদালতে সাক্ষীসকলৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিছিল৷ লগতে  দুজন নিৰাপত্তাৰক্ষীয়ে সকলো সময়তে সুশীলৰ ওপৰত নজৰ ৰাখিব বুলি জানিব পৰা গৈছে। এতিয়ালৈকে, আৰক্ষীয়ে গোচৰটোত মুঠ ১৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে। সুশীলৰ বিৰুদ্ধে দুখন অভিযোগপত্ৰ দাখিল কৰা হৈছে।

যোৱা মাহত, দিল্লীৰ এখন আদালতে সুশীল আৰু আন ১৭ জনৰ বিৰুদ্ধে অভিযোগ গঠন কৰিছিল। দিল্লীৰ আদালতে সুশীলৰ বিৰুদ্ধে হত্যা, হত্যাৰ চেষ্টা, দাঙ্গা, বেআইনী সমাবেশ আৰু অপৰাধমূলক ষড়যন্ত্ৰকে ধৰি কেইবাটাও অভিযোগত অভিযোগ গঠন কৰিছে।

২০২১ চনৰ ৪ মে তাৰিখে, সুশীল আৰু তেওঁৰ কিছু সহযোগীয়ে সম্পত্তিৰ বিবাদৰ বাবে কুস্তিৰ প্ৰাক্তন কনিষ্ঠ ৰাষ্ট্ৰীয় চেম্পিয়ন সাগৰক  আক্ৰমণ কৰিছিল। সাগৰ গুৰুতৰভাৱে আহত হৈছিল। পিছত তেওঁৰ মৃত্যু হয়। মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পাইছিল যে কোনো ভোঁতা বস্তুৰ দ্বাৰা আঘাত প্ৰাপ্ত হোৱাৰ ফলত সাগৰৰ ৰক্তক্ষৰণৰ ফলত মৃত্যু হৈছিল। দিল্লী আৰক্ষীয়ে বিভিন্ন ধাৰাৰ অধীনত সুশীলকে ধৰি ২০ জন লোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছিল। ইয়াৰ ভিতৰত আছে হত্যা, হত্যাৰ চেষ্টা, ষড়যন্ত্ৰ, অপহৰণৰ অভিযোগ।

২০২১ চনৰ ২৩ মে'ত সুশীলক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ২ আগষ্টত আৰক্ষীয়ে দাখিল কৰা প্ৰথম অভিযোগপত্ৰত কোৱা হৈছিল যে সুশীলে এটা ষড়যন্ত্ৰত আক্ৰমণ চলাইছিল।
২০২১ চনৰ ২ জুনৰ পৰা সুশীল ন্যায়িক জিম্মাত আছিল। সুশীলৰ জামিনৰ আবেদন যোৱা বছৰ বিচাৰ আদালতে নাকচ কৰিছিল। বিচাৰ আদালতে কৈছিল যে প্ৰথমতে, সুশীলক আক্ৰমণৰ ভিডিঅ' ফুটেজত দেখা গৈছিল। অলিম্পিক কুস্তি পদক বিজয়ীগৰাকীয়ে জামিন বিচাৰিছিল আৰু কৈছিল যে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে মিছা গোচৰ ৰুজু কৰিছে। অৱশ্যে, আদালতে আৱেদনটোৰ কোনো সঁহাৰি দিয়া নাছিল।

সুশীলে এই বছৰৰ মাৰ্চ মাহত বন্দীসকলক মল্লযুদ্ধ শিকোৱা আৰম্ভ কৰিছিল। তেওঁ নিজকে সুস্থ ৰাখিবলৈ কাৰাগাৰত মুক্ত হাতৰ অনুশীলন কৰিছিল। কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা অনুমতি পোৱাৰ পিছত, তেওঁ বাকী বন্দীসকলকো শিক্ষা প্ৰদান কৰি আছিল সুশীলে ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু