--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰিদিন আগৰ বিশ্বকাপৰ ফাইনেলৰ পৰাজয়ৰ হতাশা কেএল ৰাহুলে এতিয়াও অতিক্ৰম কৰিব পৰা নাই। আজি দুপৰীয়া ছ’চিয়েল মিডিয়াত ৰাহুলৰ পোষ্টটোৱে সেই হতাশাৰ কথা মনত পেলাই দিলে।

ক্ৰিকেট প্ৰেমীৰ সৈতে ৰাহুলে শ্বেয়াৰ কৰিলে তিনিখন ছবি। প্ৰথমখন ফাইনেল মেচ আৰম্ভ হোৱাৰ আগতে তোলা গোটেই দলটোৰ ছবি। দ্বিতীয়খনত ফাইনেলত পৰাস্ত হোৱাৰ পিছত খেলপথাৰৰ এফালে থিয় হৈ থকা ৰোহিত শৰ্মা, বিৰাট কোহলীৰ ছবি। বাকীখন ফটোত আছে কেৱল ৰাহুল।

ফটোখনত দেখা গৈছে গ্লেন মেক্সৱেলে শেষ ৰাণ লোৱাৰ লগে লগে ভাৰতীয় দলৰ হতাশ হৈ পৰা উইকেটকীপাৰ-বেটছমেনজন খেলপথাৰত আঁঠু লৈ পৰিছে। লগতে লিখিছে- "এতিয়াও এই বিষটো আছে।!!’’

উল্লেখ্য যে ফাইনেলত ভাৰতৰ বেটিং ব্যৰ্থতা চলিছিল। তেনেসময়তে কে এল ৰাহলে বিৰাট কোহলীৰ স’তে দীঘলিয়া পাৰ্টনাৰশ্বিপ খেলাৰ প্ৰচেষ্টা চলাইছিল। কিন্তু পেট কামিন্সৰ বলত বিৰাট আউট হোৱাৰ পাছত পাৰ্টনাৰশ্বিপ ভাঙি যায়। ফলস্বৰূপে ৰাহুলে লেহেমীয়া গতিৰে বেটিং লাইনৰ মেৰুদণ্ড হিচাপে বৰ্তি থাকিব লগা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক