--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল ব্ৰাজিল-আৰ্জেণ্টিনাই নহয়, লেটিন আমেৰিকাৰ ফুটবলৰ জঞ্জালৰ সৈতে জড়িত হৈছে আন দুখন দেশ। ভেনিজুৱেলাই পেৰুৰ বিৰুদ্ধে তেওঁলোকৰ জাতীয় দলটোক “অপহৰণ” কৰাৰ অভিযোগ উত্থাপন কৰে। বিশ্বকাপৰ কোৱালিফাইং মেচত দুয়োখন দেশৰ মাজত ১-১ গ’লত ড্ৰ’ হোৱাৰ পাছত এই ঘটনা সংঘটিত হয়। মেচখনতো অনেক জঞ্জাল হয়।

ভেনিজুৱেলাৰ অভিযোগ যে মেচৰ পিছত ফুটবলাৰসকলে ঘৰলৈ উভতি আহোঁতে অসুবিধা হয়। পেৰু চৰকাৰে ভেনিজুৱেলাৰ বিমানখনত ইন্ধন ভৰোৱাৰ বাবে অস্বীকাৰ কৰে। ফলত বিমানখন পেৰুৰ বিমানবন্দৰত ৰৈ যাব লগা হয়।

ভেনিজুৱেলাৰ বৈদেশিক মন্ত্ৰী ইভান গিলে ছ’চিয়েল মিডিয়াত লিখিছে, “পেৰুৱে পুনৰ ভেনিজুৱেলাৰ বিৰুদ্ধে স্বেচ্ছাচাৰী কাৰ্য্য আৰম্ভ কৰিছে। ফুটবলাৰসকলে ঘৰলৈ উভতি অহা বিমানত ইন্ধন ভৰোৱাৰ অনুমতি নিদিয়ে। যিহেতু আমাৰ দলটোৱে খেলপথাৰত ভাল খেলিছিল, সেয়েহে ইয়াৰ প্ৰতিশোধ বেলেগ ধৰণেৰে লোৱা হৈছে। ই এক প্ৰকাৰৰ অপহৰণ।”

আনহাতে পেৰু চৰকাৰে কয় যে ভেনিজুৱেলাই বাণিজ্যিক বিমান আনিছিল। তেওঁলোকৰ নিজস্ব কিছুমান বাধা আছে। ইয়াৰ ওপৰত পেৰু চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই। অতি সোনকালে সমস্যাটো সমাধানৰ প্ৰচেষ্টা চলোৱা হৈছে।’

কেৱল সেয়াই নহয়, ভেনিজুৱেলাই অভিযোগ কৰিছে যে মেচৰ পিছত পেৰুৰ আৰক্ষীয়ে তেওঁলোকৰ ফুটবলাৰসকলে নিজৰ দেশৰ সমৰ্থকৰ সৈতে হাত মিলাবলৈ যোৱাৰ সময়ত লাঠিৰে কোবাইছিল। ভেনিজুৱেলাৰ ফুটবলাৰ নাহুৱেল ফেৰাৰেছিৰ সোঁহাতত বেণ্ডেজ লগোৱা ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তেওঁ কয় যে এনে ঘটনা একেবাৰেই হ’ব নালাগে। মই কেতিয়াও ভবা নাছিলো যে মেচৰ পিছত অনুৰাগীক সম্ভাষণ জনাই এনে ঘটনাৰ সন্মুখীন হ’ব লাগিব।”

খেলখনৰ পিছত আৰু কিছু ভিডিঅ’ ভাইৰেল হৈ পৰে। তাত পেৰুৰ আৰক্ষীয়ে ভেনিজুৱেলাৰ ফুটবলাৰক লাঠিৰে খেদি যোৱা দেখা গৈছিল। ক্ষেত্ৰখনত এই ঘটনাৰ পিছত দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক অধিক জটিল হৈ পৰিছে। শেহতীয়াকৈ পেৰু চৰকাৰে এখন আইন প্ৰণয়ন কৰি সকলো অবৈধ অনুপ্ৰৱেশকাৰীক দেশখনৰ পৰা বহিষ্কাৰ কৰিবলৈ উলাইছে। আৰ্থিক সংকটৰ বাবে পেৰুত ১৫ লাখ ভেনিজুৱেলাবাসীয়ে বাস কৰে। তেওঁলোক অস্তিত্বৰ সংকটত পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক