--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল ব্ৰাজিল-আৰ্জেণ্টিনাই নহয়, লেটিন আমেৰিকাৰ ফুটবলৰ জঞ্জালৰ সৈতে জড়িত হৈছে আন দুখন দেশ। ভেনিজুৱেলাই পেৰুৰ বিৰুদ্ধে তেওঁলোকৰ জাতীয় দলটোক “অপহৰণ” কৰাৰ অভিযোগ উত্থাপন কৰে। বিশ্বকাপৰ কোৱালিফাইং মেচত দুয়োখন দেশৰ মাজত ১-১ গ’লত ড্ৰ’ হোৱাৰ পাছত এই ঘটনা সংঘটিত হয়। মেচখনতো অনেক জঞ্জাল হয়।

ভেনিজুৱেলাৰ অভিযোগ যে মেচৰ পিছত ফুটবলাৰসকলে ঘৰলৈ উভতি আহোঁতে অসুবিধা হয়। পেৰু চৰকাৰে ভেনিজুৱেলাৰ বিমানখনত ইন্ধন ভৰোৱাৰ বাবে অস্বীকাৰ কৰে। ফলত বিমানখন পেৰুৰ বিমানবন্দৰত ৰৈ যাব লগা হয়।

ভেনিজুৱেলাৰ বৈদেশিক মন্ত্ৰী ইভান গিলে ছ’চিয়েল মিডিয়াত লিখিছে, “পেৰুৱে পুনৰ ভেনিজুৱেলাৰ বিৰুদ্ধে স্বেচ্ছাচাৰী কাৰ্য্য আৰম্ভ কৰিছে। ফুটবলাৰসকলে ঘৰলৈ উভতি অহা বিমানত ইন্ধন ভৰোৱাৰ অনুমতি নিদিয়ে। যিহেতু আমাৰ দলটোৱে খেলপথাৰত ভাল খেলিছিল, সেয়েহে ইয়াৰ প্ৰতিশোধ বেলেগ ধৰণেৰে লোৱা হৈছে। ই এক প্ৰকাৰৰ অপহৰণ।”

আনহাতে পেৰু চৰকাৰে কয় যে ভেনিজুৱেলাই বাণিজ্যিক বিমান আনিছিল। তেওঁলোকৰ নিজস্ব কিছুমান বাধা আছে। ইয়াৰ ওপৰত পেৰু চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই। অতি সোনকালে সমস্যাটো সমাধানৰ প্ৰচেষ্টা চলোৱা হৈছে।’

কেৱল সেয়াই নহয়, ভেনিজুৱেলাই অভিযোগ কৰিছে যে মেচৰ পিছত পেৰুৰ আৰক্ষীয়ে তেওঁলোকৰ ফুটবলাৰসকলে নিজৰ দেশৰ সমৰ্থকৰ সৈতে হাত মিলাবলৈ যোৱাৰ সময়ত লাঠিৰে কোবাইছিল। ভেনিজুৱেলাৰ ফুটবলাৰ নাহুৱেল ফেৰাৰেছিৰ সোঁহাতত বেণ্ডেজ লগোৱা ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তেওঁ কয় যে এনে ঘটনা একেবাৰেই হ’ব নালাগে। মই কেতিয়াও ভবা নাছিলো যে মেচৰ পিছত অনুৰাগীক সম্ভাষণ জনাই এনে ঘটনাৰ সন্মুখীন হ’ব লাগিব।”

খেলখনৰ পিছত আৰু কিছু ভিডিঅ’ ভাইৰেল হৈ পৰে। তাত পেৰুৰ আৰক্ষীয়ে ভেনিজুৱেলাৰ ফুটবলাৰক লাঠিৰে খেদি যোৱা দেখা গৈছিল। ক্ষেত্ৰখনত এই ঘটনাৰ পিছত দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক অধিক জটিল হৈ পৰিছে। শেহতীয়াকৈ পেৰু চৰকাৰে এখন আইন প্ৰণয়ন কৰি সকলো অবৈধ অনুপ্ৰৱেশকাৰীক দেশখনৰ পৰা বহিষ্কাৰ কৰিবলৈ উলাইছে। আৰ্থিক সংকটৰ বাবে পেৰুত ১৫ লাখ ভেনিজুৱেলাবাসীয়ে বাস কৰে। তেওঁলোক অস্তিত্বৰ সংকটত পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক