--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰিদিনীয়া ভ্ৰমণসূচীলৈ আজি নতুন দিল্লীত  উপস্থিত হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা।নতুন দিল্লীৰ ইন্দিৰাগান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱা হয়।হাছিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা আছে। হাছিনাই ইয়াৰ পূৰ্বে ২০১৯ চনত ভাৰত ভ্ৰমণ কৰিছিল।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা প্ৰায় তিনি বছৰৰ ব্যৱধানৰ পিছত সোমবাৰে ভাৰতত উপস্থিত হৈছে। চাৰিদিনীয়া ভ্ৰমণকালত দুয়োখন দেশৰ মাজত সাতখন চুক্তি স্বাক্ষৰিত হ'ব বুলি আশা কৰা হৈছে।

সংবাদ সংস্থাৰ বাতৰি অনুসৰি  হাছিনাৰ এই ভ্ৰমণকালতে ভাৰত আৰু বাংলাদেশৰ মাজত পানীৰ ভাগ-বতৰা, ৰে'ল, বিজ্ঞান, প্ৰযুক্তিকে ধৰি সাতখন চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনে এইকথা প্ৰকাশ কৰিছে। তেওঁ কয় "আশা কৰোঁ, শ্বেইখ হাছিনাৰ ভ্ৰমণ সফল হ'ব। এই ভ্ৰমণে আমাক আমাৰ লক্ষ্য প্ৰাপ্ত কৰাত সহায় কৰিব। দুয়োখন দেশৰ নেতাই শক্তি খণ্ডৰ বিষয়তো  কথা পাতিব। বাংলাদেশৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে  কয়  যে  দুয়োখন দেশৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত  হোৱা সন্দৰ্ভত  আলোচনা চলি আছে। চুক্তিৰ সংখ্যা ৭ খনৰ পৰা আৰু অধিক বৃদ্ধি হ'ব পাৰে।

উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে সোমবাৰে হাছিনা ভাৰতত উপস্থিত হয়। দৰাচলতে মোদী আৰু হাছিনাৰ মাজত আৰম্ভনিৰে পৰাই সৌহাৰ্দ্যমূলক  সম্পৰ্ক আছে। 

ভাৰত ভ্ৰমণৰ পূৰ্বে সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত হাছিনাই  ভাৰতৰ সৈতে পানী ভাগ-বতৰাৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ কৈছিল , "মই ভাবো এই সমস্যাটো সমাধান কৰা উচিত। এইটো এটা দীৰ্ঘদিনীয়া সমস্যা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই সমস্যা সমাধানৰ বাবে আগ্ৰহী। "হাছিনাই তেওঁৰ চাৰিদিনীয়া ভ্ৰমণ সমাপ্ত কৰাৰ পিছত ৮ ছেপ্টেম্বৰত বাংলাদেশলৈ উভতি যোৱাৰ কথা ।

তেওঁ ভ্ৰমণৰ প্ৰথম দিনাই দিল্লীৰ হজৰত নিজামুদ্দিন আউলিয়া দৰগাহ দৰ্শন  কৰাৰ কথা আছে। ইয়াৰ পিছতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ ল’ব।  প্ৰধানমন্ত্ৰীৰ লগতে হাছিনাই  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। 

ভ্ৰমণৰ অন্তিম দিনটোত তেওঁ ৰাজস্থানৰ আজমেৰলৈ যাব। তাৰ পৰাই  হাছিনাই বাংলাদেশলৈ উভতি যাব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।ইপিনে হাছিনাৰ ভাৰত ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰ নতুন দিল্লীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু