--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰিদিনীয়া ভ্ৰমণসূচীলৈ আজি নতুন দিল্লীত  উপস্থিত হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা।নতুন দিল্লীৰ ইন্দিৰাগান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱা হয়।হাছিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা আছে। হাছিনাই ইয়াৰ পূৰ্বে ২০১৯ চনত ভাৰত ভ্ৰমণ কৰিছিল।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা প্ৰায় তিনি বছৰৰ ব্যৱধানৰ পিছত সোমবাৰে ভাৰতত উপস্থিত হৈছে। চাৰিদিনীয়া ভ্ৰমণকালত দুয়োখন দেশৰ মাজত সাতখন চুক্তি স্বাক্ষৰিত হ'ব বুলি আশা কৰা হৈছে।

সংবাদ সংস্থাৰ বাতৰি অনুসৰি  হাছিনাৰ এই ভ্ৰমণকালতে ভাৰত আৰু বাংলাদেশৰ মাজত পানীৰ ভাগ-বতৰা, ৰে'ল, বিজ্ঞান, প্ৰযুক্তিকে ধৰি সাতখন চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনে এইকথা প্ৰকাশ কৰিছে। তেওঁ কয় "আশা কৰোঁ, শ্বেইখ হাছিনাৰ ভ্ৰমণ সফল হ'ব। এই ভ্ৰমণে আমাক আমাৰ লক্ষ্য প্ৰাপ্ত কৰাত সহায় কৰিব। দুয়োখন দেশৰ নেতাই শক্তি খণ্ডৰ বিষয়তো  কথা পাতিব। বাংলাদেশৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে  কয়  যে  দুয়োখন দেশৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত  হোৱা সন্দৰ্ভত  আলোচনা চলি আছে। চুক্তিৰ সংখ্যা ৭ খনৰ পৰা আৰু অধিক বৃদ্ধি হ'ব পাৰে।

উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে সোমবাৰে হাছিনা ভাৰতত উপস্থিত হয়। দৰাচলতে মোদী আৰু হাছিনাৰ মাজত আৰম্ভনিৰে পৰাই সৌহাৰ্দ্যমূলক  সম্পৰ্ক আছে। 

ভাৰত ভ্ৰমণৰ পূৰ্বে সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত হাছিনাই  ভাৰতৰ সৈতে পানী ভাগ-বতৰাৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ কৈছিল , "মই ভাবো এই সমস্যাটো সমাধান কৰা উচিত। এইটো এটা দীৰ্ঘদিনীয়া সমস্যা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই সমস্যা সমাধানৰ বাবে আগ্ৰহী। "হাছিনাই তেওঁৰ চাৰিদিনীয়া ভ্ৰমণ সমাপ্ত কৰাৰ পিছত ৮ ছেপ্টেম্বৰত বাংলাদেশলৈ উভতি যোৱাৰ কথা ।

তেওঁ ভ্ৰমণৰ প্ৰথম দিনাই দিল্লীৰ হজৰত নিজামুদ্দিন আউলিয়া দৰগাহ দৰ্শন  কৰাৰ কথা আছে। ইয়াৰ পিছতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ ল’ব।  প্ৰধানমন্ত্ৰীৰ লগতে হাছিনাই  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। 

ভ্ৰমণৰ অন্তিম দিনটোত তেওঁ ৰাজস্থানৰ আজমেৰলৈ যাব। তাৰ পৰাই  হাছিনাই বাংলাদেশলৈ উভতি যাব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।ইপিনে হাছিনাৰ ভাৰত ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰ নতুন দিল্লীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী