--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; কণ কণ শিক্ষাৰ্থীৰ স্কুলবেগৰ বোজাক লৈ আলোচনা হৈ থাকে৷ কিন্তু, সময় আৰু পৰিস্থিতিৰ তাগিদাত পিঠিত কঢ়িয়াই নিবলগীয়া হয় স্কুলবেগৰ গধুৰ বোজা৷ চৰকাৰে শ্ৰেণী অনুযায়ী স্কুলবেগৰ ওজনো নিৰ্ধাৰণ কৰি দিছে৷ এইবাৰ স্কুলবেগৰ বোজাৰ পৰা শিক্ষাৰ্থীক ৰেহাই দিবলৈ নতুন নীতি প্ৰৱৰ্তন কৰিছে এখন চৰকাৰে৷

মধ্যপ্ৰদেশ চৰকাৰে ৰাজ্যখনত স্কুলবেগৰ ভাৰ হ্ৰাস কৰিবলৈ গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ৷ এতিয়াৰে পৰা সপ্তাহৰ এটা দিনত শিক্ষাৰ্থীসকলে আন দিনাৰ দৰে বিদ্যালয়লৈ আহিব যদিও সেইদিনা তেওঁলোকৰ পিঠিত নাথাকিব স্কুলবেগ৷ শ্ৰেণী অনুযায়ী তাৰো তালিকা প্ৰস্তুত কৰিছে শিক্ষা বিভাগে৷ প্ৰতিখন বিদ্যালয়ে সেই তালিকা সকলোৰে দৃষ্টি পৰাকৈ আঁৰি থ’ব লাগিব৷ 

আনহাতে, হোমৱ’ৰ্কৰ মানসিক চাপ হ্ৰাস কৰিবলৈও বিশেষ উদ্যোগ লৈছে মধ্যপ্ৰদেশ চৰকাৰে৷ ৰাজ্যখনৰ শিক্ষা বিভাগে জনাইছে যে দ্বিতীয় শ্ৰেণী পৰ্যন্ত হোমৱ’ৰ্ক দিয়া নহ’ব৷ তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত মুঠ পাঁচঘণ্টাৰহে হোমৱ’ৰ্ক দিব পাৰিব৷ ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰতিদিনে এঘণ্টা আৰু নৱম-দশম শ্ৰেণীত দৈনিক দুঘণ্টাৰ বেছি হোমৱ’ৰ্ক দিব নোৱাৰিব বুলি চৰকাৰী নিৰ্দেশনাত প্ৰকাশ পাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু