--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; কণ কণ শিক্ষাৰ্থীৰ স্কুলবেগৰ বোজাক লৈ আলোচনা হৈ থাকে৷ কিন্তু, সময় আৰু পৰিস্থিতিৰ তাগিদাত পিঠিত কঢ়িয়াই নিবলগীয়া হয় স্কুলবেগৰ গধুৰ বোজা৷ চৰকাৰে শ্ৰেণী অনুযায়ী স্কুলবেগৰ ওজনো নিৰ্ধাৰণ কৰি দিছে৷ এইবাৰ স্কুলবেগৰ বোজাৰ পৰা শিক্ষাৰ্থীক ৰেহাই দিবলৈ নতুন নীতি প্ৰৱৰ্তন কৰিছে এখন চৰকাৰে৷

মধ্যপ্ৰদেশ চৰকাৰে ৰাজ্যখনত স্কুলবেগৰ ভাৰ হ্ৰাস কৰিবলৈ গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ৷ এতিয়াৰে পৰা সপ্তাহৰ এটা দিনত শিক্ষাৰ্থীসকলে আন দিনাৰ দৰে বিদ্যালয়লৈ আহিব যদিও সেইদিনা তেওঁলোকৰ পিঠিত নাথাকিব স্কুলবেগ৷ শ্ৰেণী অনুযায়ী তাৰো তালিকা প্ৰস্তুত কৰিছে শিক্ষা বিভাগে৷ প্ৰতিখন বিদ্যালয়ে সেই তালিকা সকলোৰে দৃষ্টি পৰাকৈ আঁৰি থ’ব লাগিব৷ 

আনহাতে, হোমৱ’ৰ্কৰ মানসিক চাপ হ্ৰাস কৰিবলৈও বিশেষ উদ্যোগ লৈছে মধ্যপ্ৰদেশ চৰকাৰে৷ ৰাজ্যখনৰ শিক্ষা বিভাগে জনাইছে যে দ্বিতীয় শ্ৰেণী পৰ্যন্ত হোমৱ’ৰ্ক দিয়া নহ’ব৷ তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত মুঠ পাঁচঘণ্টাৰহে হোমৱ’ৰ্ক দিব পাৰিব৷ ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰতিদিনে এঘণ্টা আৰু নৱম-দশম শ্ৰেণীত দৈনিক দুঘণ্টাৰ বেছি হোমৱ’ৰ্ক দিব নোৱাৰিব বুলি চৰকাৰী নিৰ্দেশনাত প্ৰকাশ পাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী