--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় চাৰিখন হাত থকা শিশু বা ছয়খন ঠেং থকা গৰু বা ছাগলী জন্ম হোৱাৰ কথা শুনিছে। কিন্তু কেতিয়াবা চাৰিখন কাণ থকা মেকুৰী জন্ম হোৱাৰ কথা শুনিছেনে...এটা মেকুৰীৰ কথা পোহৰলৈ আহিছে, মেকুৰীটোক লৈ চৰ্চা আৰম্ভ হৈছে ছ’চিয়েল মিডিয়াত। এই মেকুৰীটোৰ আছে চাৰিখন কাণ। প্ৰায় ১০ মহীয়া এই মেকুৰীটোৰ নাম মিডাছ।
 মিডাছৰ নিজা ইনষ্টাগ্ৰাম পেজো আছে। মিডাছৰ ইনষ্টাগ্ৰামত ৩লাখ ২৪ হাজাৰতকৈ অধিক ফ'ল'ৱাৰ্ছ আছে। উল্লেখ্য যে এই অনন্য মেকুৰীটোৰ চাৰিখন কাণ থকাই নহয় ইয়াৰ বুকুত এটা বগা জন্মৰ চিনো আছে যিটো দেখাত হাৰ্ট আকৃতিৰ।
 
ৰাছিয়াত জন্মগ্ৰহণ কৰিছিল মিডাছে কিন্তু তুৰস্কৰ এগৰাকী মহিলাই মিডাছক তুলি লোৱাৰ দায়িত্ব গ্ৰহণ কৰে। বৰ্তমান মিডাছ তুৰস্কৰ বাসিন্দা। ছ’চিয়েল মিডিয়াত মিডাছ অতি জনপ্ৰিয়। মিডাছক তুলি লোৱাৰ পূৰ্বে মহিলাগৰাকীৰ ঘৰত ১২ বছৰীয়া কুকুৰ চুজি আছিল। 

মিডাছ আৰু চুজিৰ মাজত বহুত ভাল বন্ধুত্ব। দুয়োটাৰ মাজতে বৰ মিল। মিডাছ আৰু চুজিয়ে একেলগে খেলা বহু ফটো আৰু ভিডিঅ’ ইনষ্টাগ্ৰাম একাউন্টত আছে। যিবোৰ চাই মানুহে বৰ ভালপায়। এটা ভিডিঅ’ত মেকুৰীটোৱে বন্ধু চুজিক গুড নাইট কিছ দিয়া দেখা গৈছে।যিটো ভিডিঅ’য়ে নেটিজনৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
 
মেকুৰীটোৰ গৰাকীয়ে মিডাছৰ চাৰিখন কাণে তাৰ শ্ৰৱণ ক্ষমতাত কোনো প্ৰভাৱ পেলোৱা নাই বুলি জনাইছে। স্বাভাৱিকভাৱেই মিডাছে গৰাকীক সঁহাৰি দিয়ে। প্ৰকৃতিয়ে সৃষ্টি জগতত কেতিয়াবা আজৱ খেল প্ৰদৰ্শন কৰে। এইবোৰ ঘটনাই নিশ্চয়কৈ সেই কথাই প্ৰমাণ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে