--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় চাৰিখন হাত থকা শিশু বা ছয়খন ঠেং থকা গৰু বা ছাগলী জন্ম হোৱাৰ কথা শুনিছে। কিন্তু কেতিয়াবা চাৰিখন কাণ থকা মেকুৰী জন্ম হোৱাৰ কথা শুনিছেনে...এটা মেকুৰীৰ কথা পোহৰলৈ আহিছে, মেকুৰীটোক লৈ চৰ্চা আৰম্ভ হৈছে ছ’চিয়েল মিডিয়াত। এই মেকুৰীটোৰ আছে চাৰিখন কাণ। প্ৰায় ১০ মহীয়া এই মেকুৰীটোৰ নাম মিডাছ।
 মিডাছৰ নিজা ইনষ্টাগ্ৰাম পেজো আছে। মিডাছৰ ইনষ্টাগ্ৰামত ৩লাখ ২৪ হাজাৰতকৈ অধিক ফ'ল'ৱাৰ্ছ আছে। উল্লেখ্য যে এই অনন্য মেকুৰীটোৰ চাৰিখন কাণ থকাই নহয় ইয়াৰ বুকুত এটা বগা জন্মৰ চিনো আছে যিটো দেখাত হাৰ্ট আকৃতিৰ।
 
ৰাছিয়াত জন্মগ্ৰহণ কৰিছিল মিডাছে কিন্তু তুৰস্কৰ এগৰাকী মহিলাই মিডাছক তুলি লোৱাৰ দায়িত্ব গ্ৰহণ কৰে। বৰ্তমান মিডাছ তুৰস্কৰ বাসিন্দা। ছ’চিয়েল মিডিয়াত মিডাছ অতি জনপ্ৰিয়। মিডাছক তুলি লোৱাৰ পূৰ্বে মহিলাগৰাকীৰ ঘৰত ১২ বছৰীয়া কুকুৰ চুজি আছিল। 

মিডাছ আৰু চুজিৰ মাজত বহুত ভাল বন্ধুত্ব। দুয়োটাৰ মাজতে বৰ মিল। মিডাছ আৰু চুজিয়ে একেলগে খেলা বহু ফটো আৰু ভিডিঅ’ ইনষ্টাগ্ৰাম একাউন্টত আছে। যিবোৰ চাই মানুহে বৰ ভালপায়। এটা ভিডিঅ’ত মেকুৰীটোৱে বন্ধু চুজিক গুড নাইট কিছ দিয়া দেখা গৈছে।যিটো ভিডিঅ’য়ে নেটিজনৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
 
মেকুৰীটোৰ গৰাকীয়ে মিডাছৰ চাৰিখন কাণে তাৰ শ্ৰৱণ ক্ষমতাত কোনো প্ৰভাৱ পেলোৱা নাই বুলি জনাইছে। স্বাভাৱিকভাৱেই মিডাছে গৰাকীক সঁহাৰি দিয়ে। প্ৰকৃতিয়ে সৃষ্টি জগতত কেতিয়াবা আজৱ খেল প্ৰদৰ্শন কৰে। এইবোৰ ঘটনাই নিশ্চয়কৈ সেই কথাই প্ৰমাণ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি