--°C
Loading...
Listen to Article
2 min read
80%
ডেস্কঃ চাহৰ ডিজিটেল  বজাৰ খনে এতিয়া সমগ্ৰ বিশ্বৰে অৰ্থনীতিত বিশেষ প্ৰভাৱ পেলাইছে। বজাৰত এতিয়া বিভিন্ন প্ৰজাতিৰ পৰা উৎ পাদন হোৱা চাহ পোৱা যায়। কিন্তু বিশ্বত এনে এবিধ চাহো আছে যাৰ প্ৰতিকিলোগ্ৰামত দাম প্ৰায় ৯ কোটি টকা। আচৰিত কথাটো হ’ল তেনে প্ৰজাতিৰ মাত্ৰ ৬ জোপা চাহ গছহে এতিয়া জীয়াই আছে। কলম দি অথবা আন পদ্ধতিৰে সেই বিশেষ প্ৰজাতিৰ চাহ গছৰ বংশ বৃদ্ধি কৰাৰ চেষ্টা চলিছে যদিও সেয়া সফল হোৱা নাই।

আপুনি সোণতকৈয়ো চৰা চাহৰ দামৰ কথা কেতিয়াবা শুনিছেনে? যাৰ একাপ চাহৰ দামেই ৭লাখ টকাতকৈয়ো বেছি।  বিশ্বৰ অত্যন্ত দামী এই চাহৰ নাম ‘দ্য হোং পাও’। চীনৰ ফুজিয়ান প্ৰদেশৰ উয়ি পৰ্বতত উৎপাদন হয় অতি বিৰল প্ৰজাতিৰ এই চাহ।

কিন্তু এই চাহ ইমান মহাৰ্ঘ্য কিয়। ইয়াৰ আঁৰত নিশ্চিতভাৱে কিছু কাৰণ আছে।সমগ্ৰ বিশ্বৰ ভিতৰত অকল চীনতহৈ এই চাহৰ ছয় ডাল গছ আছে। ইয়াৰ উৎকৃষ্ট গুণ তথা বিৰল হোৱাৰ বাবে ইয়াক চাহৰ ৰজা বুলি কোৱা হয়। তিনিশ বছৰ ধৰি চীনত এই চাহৰ খেতি হৈছে।

২০০৬চনত চীনৰ চৰকাৰে এই ছয় ডাল গছৰ বাবে ১১৭কোটি টকাৰ বীমা  কৰিছে। এই চাহ ১কেজিৰ দাম প্ৰায় ৯কোটি টকা।

এই চাহত আছে কেফেইন, থিঅ’ফিলিন, পলিফেনলছ তথা ফ্ল্যাবোনয়ড। স্বাস্থ্যৰ বাবে এইবোৰ অত্যন্ত উপকাৰী।

এই চাহ নিয়মিত পান কৰিলে ছাল উজ্বল হৈ থাকে। বিশুদ্ধ পানীৰে মাটিৰ পাত্ৰত এই চাহ বনোৱা হয়। সুগন্ধিৰ বাবেও ইয়াৰ দাম ইমান বেছি।

দা হং পাওৰ নামৰ উৎপত্তি সম্পৰ্কে বহুতো কাহিনী আছে। আটাইতকৈ প্ৰচলিত কাহিনীটো হৈছে যে বহু দিনৰ আগতে এজন পণ্ডিত আছিল যিয়ে পৰীক্ষা দিবলৈ  বেইজিঙলৈ যাওঁতে অতি অসুস্থ হৈ পৰিছিল। তিয়ানক্সিন মন্দিৰৰ এজন সন্ন্যাসীয়ে তেওঁক পাইছিল আৰু পণ্ডিতজনৰ বাবে উয়ি পৰ্বতৰ পৰা  চাহৰ পাত আনি পানীয় এটা তৈয়াৰ কৰিছিল। চাহ খোৱাৰ পিছত, পণ্ডিতজনে বহুত ভাল আৰু উদ্যমী অনুভৱ কৰিছিল। কেইদিনমানৰ পিছত, তেওঁ পৰীক্ষাত প্ৰথম স্থান লাভ কৰে। তেওঁ মন্দিৰলৈ ঘূৰি আহিছিল, তেওঁক ৰক্ষা কৰা সন্ন্যাসীজনক ধন্যবাদ জনাবলৈ। 

পিছলৈ তেওঁ সম্ৰাটৰ অসুস্থতা নিৰাময়ৰ বাবেও এই চাহ ব্যৱহাৰ কৰে। সম্ৰাটে পণ্ডিতজনক ৰঙা পোছাকেৰে পুৰস্কৃত কৰিছিল আৰু পণ্ডিতজনক চাহ গছত ৰঙা পোছাক আঁৰি দিবলৈ কৈছিল। সেই সময়ত ৰঙা পোছাকক উচ্চ সন্মানৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল।  চাহ গছবোৰৰ নামো বিগ ৰেড ৰোব ৰখা হৈছিল যিটো চীনা উচ্চাৰণত দা হং পাও।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে