--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ খনি আৰু ভূ-বিজ্ঞান বিভাগৰ উপ-সঞ্চালক প্ৰতিমা কেএছক তেওঁৰ ঘৰতে  হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াৰ হত্যাই ৰাজ্যখনত আলোড়ণৰ  সৃষ্টি কৰি থকাৰ মাজতে  আৰক্ষীয়ে সোমবাৰে ঘটনাটোত জড়িত থকাৰ সন্দেহত  এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোক জনে  চৰকাৰী বিভাগটোৰ বাহন চলাইছিল। দহ দিন আগতে উপ-সঞ্চালক প্ৰতিমাৰ নিৰ্দেশত চালকজনক নিলম্বিত কৰা হৈছিল। জানিব পৰা মতে  অভিযুক্তজনে স্বীকাৰ কৰিছে যে তেওঁ প্ৰতিমাক বৰ্খাস্ত কৰাৰ প্ৰতিশোধ ল'বলৈ হত্যা কৰিছে ।

৪৫ বছৰীয়া প্ৰতিমা আৰু তেওঁৰ পৰিয়ালে যোৱা আঠ বছৰ ধৰি বাংগালুৰুৰ সুব্ৰমন্যপোৰা অঞ্চলত তেওঁলোকৰ ঘৰত বাস কৰি আছিল। খনি আৰু ভূতত্ত্ব বিভাগৰ উপ সঞ্চালকগৰাকীৰ  স্বামী আৰু পুত্ৰ শনিবাৰে ঘৰত নাছিল। তেওঁলোক শিৱমোগা জিলাৰ তীৰ্থহাল্লিলৈ গৈছিল। শনিবাৰে সন্ধিয়া কামৰ পিছত প্ৰতিমাক চৰকাৰী বিভাগৰ বৰ্তমানৰ চালকে ঘৰত থৈ গৈছিল।সেই নিশাই তেওঁক হত্যা কৰা হৈছিল।

প্ৰতিমাৰ ভায়েক দেওবাৰে পুৱা বিষয়াগৰাকীৰ  ঘৰলৈ আহি মৃতদেহটো দেখা পাইছিল।   আৰক্ষীয়ে কৈছে যে প্ৰতিমা সেইদিনা  সন্ধিয়া ৬ বজালৈকে কাৰ্যালয়তে আছিল। তাৰ পিছত তেওঁ ঘৰলৈ গৈছিল। আৰক্ষীৰ মতে, প্ৰতিমাক শনিবাৰে নিশা ৮ বজাৰ পৰা দেওবাৰে পুৱা ৮ বজাৰ ভিতৰত হত্যা কৰা হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি খনি আৰু ভূ-বিজ্ঞান বিভাগৰ উপ-সঞ্চালকগৰাকীক শ্বাসনলী কাটি হত্যা কৰা হৈছিল। অভিযুক্ত চালকজনক কিৰণ বুলি চিনাক্ত কৰা হৈছে। যোৱা পাঁচ বছৰ ধৰি তেওঁ চৰকাৰী বিভাগটোত গাড়ীচালক হিচাপে কাম কৰি আছিল। তেওঁক ১০ দিন আগতে বৰ্খাস্ত কৰা হৈছিল।

মৃত উপ-সঞ্চালকগৰাকীৰ  সহকৰ্মীসকলৰ মতে, প্ৰতিমা বিভাগটোৰ এজন সাহসী বিষয়া হিচাপে পৰিচিত আছিল। খনি আৰু ভূতত্ত্ব বিভাগে বিভিন্ন সময়ত তেওঁৰ নেতৃত্বত কেইবাটাও সফল অভিযান চলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু