--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ খনি আৰু ভূ-বিজ্ঞান বিভাগৰ উপ-সঞ্চালক প্ৰতিমা কেএছক তেওঁৰ ঘৰতে  হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াৰ হত্যাই ৰাজ্যখনত আলোড়ণৰ  সৃষ্টি কৰি থকাৰ মাজতে  আৰক্ষীয়ে সোমবাৰে ঘটনাটোত জড়িত থকাৰ সন্দেহত  এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোক জনে  চৰকাৰী বিভাগটোৰ বাহন চলাইছিল। দহ দিন আগতে উপ-সঞ্চালক প্ৰতিমাৰ নিৰ্দেশত চালকজনক নিলম্বিত কৰা হৈছিল। জানিব পৰা মতে  অভিযুক্তজনে স্বীকাৰ কৰিছে যে তেওঁ প্ৰতিমাক বৰ্খাস্ত কৰাৰ প্ৰতিশোধ ল'বলৈ হত্যা কৰিছে ।

৪৫ বছৰীয়া প্ৰতিমা আৰু তেওঁৰ পৰিয়ালে যোৱা আঠ বছৰ ধৰি বাংগালুৰুৰ সুব্ৰমন্যপোৰা অঞ্চলত তেওঁলোকৰ ঘৰত বাস কৰি আছিল। খনি আৰু ভূতত্ত্ব বিভাগৰ উপ সঞ্চালকগৰাকীৰ  স্বামী আৰু পুত্ৰ শনিবাৰে ঘৰত নাছিল। তেওঁলোক শিৱমোগা জিলাৰ তীৰ্থহাল্লিলৈ গৈছিল। শনিবাৰে সন্ধিয়া কামৰ পিছত প্ৰতিমাক চৰকাৰী বিভাগৰ বৰ্তমানৰ চালকে ঘৰত থৈ গৈছিল।সেই নিশাই তেওঁক হত্যা কৰা হৈছিল।

প্ৰতিমাৰ ভায়েক দেওবাৰে পুৱা বিষয়াগৰাকীৰ  ঘৰলৈ আহি মৃতদেহটো দেখা পাইছিল।   আৰক্ষীয়ে কৈছে যে প্ৰতিমা সেইদিনা  সন্ধিয়া ৬ বজালৈকে কাৰ্যালয়তে আছিল। তাৰ পিছত তেওঁ ঘৰলৈ গৈছিল। আৰক্ষীৰ মতে, প্ৰতিমাক শনিবাৰে নিশা ৮ বজাৰ পৰা দেওবাৰে পুৱা ৮ বজাৰ ভিতৰত হত্যা কৰা হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি খনি আৰু ভূ-বিজ্ঞান বিভাগৰ উপ-সঞ্চালকগৰাকীক শ্বাসনলী কাটি হত্যা কৰা হৈছিল। অভিযুক্ত চালকজনক কিৰণ বুলি চিনাক্ত কৰা হৈছে। যোৱা পাঁচ বছৰ ধৰি তেওঁ চৰকাৰী বিভাগটোত গাড়ীচালক হিচাপে কাম কৰি আছিল। তেওঁক ১০ দিন আগতে বৰ্খাস্ত কৰা হৈছিল।

মৃত উপ-সঞ্চালকগৰাকীৰ  সহকৰ্মীসকলৰ মতে, প্ৰতিমা বিভাগটোৰ এজন সাহসী বিষয়া হিচাপে পৰিচিত আছিল। খনি আৰু ভূতত্ত্ব বিভাগে বিভিন্ন সময়ত তেওঁৰ নেতৃত্বত কেইবাটাও সফল অভিযান চলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ