--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰদূষণে গ্ৰাস কৰিলে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীক। এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে আবেলি দিল্লীত প্ৰদূষণৰ স্তৰ নিয়ন্ত্ৰণৰ উপায় উদ্ভাৱন কৰিবলৈ এখন উচ্চ পৰ্যায়ৰ জৰুৰী বৈঠক অনুষ্ঠিত  কৰে । 

বৈঠকত যুগ্ম-অযুগ্ম  নম্বৰ-প্লেটৰ  বাহনৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা পুনৰ প্ৰৱৰ্তন কৰাৰ  সিদ্ধান্ত লোৱা হয়। অৱশ্যে  এই ব্যৱস্থা  দেৱালীৰ পিছতহে কাৰ্যকৰী কৰা হ'ব। দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে এই সপ্তাহৰ পৰা সকলো বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।

সোমবাৰে কেজৰিৱালৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকৰ পিছত ৰায়ে কয় যে প্ৰদূষণৰ পৰিস্থিতিৰ বাবে ১০ নৱেম্বৰলৈ সকলো বিদ্যালয় বন্ধ থাকিব। ব'ৰ্ড পৰীক্ষাৰ বাবে কেৱল দশম আৰু দ্বাদশ শ্ৰেণীৰ  শ্ৰেণীসমূহ বিদ্যালয় সমূহত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ কথা মনত ৰাখি পঞ্চম শ্ৰেণীলৈকে বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল। 

আনহাতে যুগ্ম-অযুগ্ম নম্বৰ-প্লেটৰ গাড়ীৰ নিয়মবোৰ পুনৰ প্ৰৱৰ্তন কৰা হ’ব বুলি তেওঁ কয়। দিল্লী চৰকাৰে দাবী কৰিছে যে পথত বাহনৰ সংখ্যা হ্ৰাস কৰিব পাৰিলেই  প্ৰদূষণ যথেষ্ট পৰিমাণে হ্ৰাস পাব। এই নিষেধাজ্ঞাসমূহ ১৩-২০ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি, এই ব্যৱস্থাৰ ম্যাদও বৃদ্ধি কৰিব পৰা যাব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement