--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ দিল্লীৰ বায়ু প্ৰদূষণৰ পৰিস্থিতি মুঠেও  উন্নত হোৱা নাই। সোমবাৰে পুৱাও  দিল্লীৰ আকাশত ধোঁৱা আৰু ধূলিৰ স্তৰে আৱৰি ৰাখে। ফলত দিল্লীৰ বাসিন্দাসকল অধিক শংকিত হৈ পৰিছে।  বায়ুৰ গুণমান সূচক (একিউআই) অনুসৰি বায়ুত প্ৰদূষিত কণাৰ পৰিমাণ সৰ্বাধিক ৪৮৮ থকা।কিন্তু দিল্লীত  এই সুৰক্ষিত স্তৰতকৈ ৮০ গুণ বেছি প্ৰদূষিত কণা বায়ুত মিহলি হৈ আছে! 

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে  এক উচ্চ পৰ্যায়ৰ জৰুৰী বৈঠকৰ আহ্বান কৰিছে।  বৈঠকত পৰিৱেশ মন্ত্ৰী গোপাল ৰায় আৰু সংশ্লিষ্ট সকলো বিভাগৰ বিষয়া উপস্থিত থাকিব। 

ৰাজধানীখনৰ আৰ কে পুৰম, পাটপাৰগঞ্জ, নিউ মতিবাগৰ দৰে অঞ্চলত পৰিস্থিতি আটাইতকৈ বেয়াৰ দিশে ধাৱমান হৈছে। চাৰিওটা স্থানতে, বায়ুৰ মানদণ্ড সূচক ৪০০-ৰ ওপৰত। 

 কেন্দ্ৰীয় চৰকাৰৰ প্ৰদূষণ-বিৰোধী জোখ মাপ সংস্থাৰ মতে, দিল্লী বৰ্তমান প্ৰদূৰ্ষণৰ চতুৰ্থ পৰ্যায়ৰ শ্ৰেণীত আছে। এই পৰ্যায়টো একিউআইৰ দ্বাৰা বিচাৰ কৰা হয়। যদি ই ৪৫০-তকৈ অধিক হয়, ইয়াক 'গুৰুতৰ' বা অতি গুৰুতৰ বুলি গণ্য কৰা হয়। সোমবাৰে, দিল্লীৰ একিউআই আছিল ৪৬৬ । যোৱা পাঁচ দিন ধৰি এয়া  প্ৰায় একেই হৈ আছে, কোনো উন্নতি হোৱা নাই।

কেজৰিৱাল চৰকাৰে প্ৰদূষণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১০ মে'লৈকে বিদ্যালয় বন্ধ ঘোষণা কৰিছে। ব্যক্তিগত কাৰ্যালয়ত ৫০  শতাংশ কৰ্মচাৰীক ঘৰৰ পৰা  কাম কৰিবলৈ অনুমতি দিয়া হৈছে। দিল্লীৰ সকলো নিৰ্মাণ কাৰ্য বৰ্তমানৰ বাবে বন্ধ কৰি দিয়া হৈছে,  যাতে  অধিক প্ৰদূষণ বৃদ্ধি হোৱা প্ৰতিহত কৰিব পৰা যায়। পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে কৈছে  যে ৰাস্তাত পেট্ৰ'ল আৰু ডিজেল বাহনৰ চলাচলৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

যোৱা কেইবছৰমানৰ পৰা, দিল্লীৰ লোকসকলে উপলব্ধি কৰি আহিছে যে এই বায়ু প্ৰদূষণ কিমান মাৰাত্মক হৈ পৰিছে। প্ৰকৃততে, ৰাজধানী চহৰখন 'গেছ চেম্বাৰ' হৈ পৰিছে। উশাহ লোৱাটো এক ভয়ৰ কথা হৈ পৰিছে। চিকাগো বিশ্ববিদ্যালয়ৰ এক অধ্যয়ন অনুসৰি, প্ৰদূষণে মানুহৰ গড় আয়ুস ১২  বছৰ হ্ৰাস কৰিব পাৰে। অৱশ্যে, দিল্লীৰ দৰেই পৃথিৱীৰ বহু ৰাজধানী চহৰত এই সমস্যা বৃদ্ধি পাইছে, যি কথা  উদ্বেগজনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু