--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ দিল্লীৰ বায়ু প্ৰদূষণৰ পৰিস্থিতি মুঠেও  উন্নত হোৱা নাই। সোমবাৰে পুৱাও  দিল্লীৰ আকাশত ধোঁৱা আৰু ধূলিৰ স্তৰে আৱৰি ৰাখে। ফলত দিল্লীৰ বাসিন্দাসকল অধিক শংকিত হৈ পৰিছে।  বায়ুৰ গুণমান সূচক (একিউআই) অনুসৰি বায়ুত প্ৰদূষিত কণাৰ পৰিমাণ সৰ্বাধিক ৪৮৮ থকা।কিন্তু দিল্লীত  এই সুৰক্ষিত স্তৰতকৈ ৮০ গুণ বেছি প্ৰদূষিত কণা বায়ুত মিহলি হৈ আছে! 

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে  এক উচ্চ পৰ্যায়ৰ জৰুৰী বৈঠকৰ আহ্বান কৰিছে।  বৈঠকত পৰিৱেশ মন্ত্ৰী গোপাল ৰায় আৰু সংশ্লিষ্ট সকলো বিভাগৰ বিষয়া উপস্থিত থাকিব। 

ৰাজধানীখনৰ আৰ কে পুৰম, পাটপাৰগঞ্জ, নিউ মতিবাগৰ দৰে অঞ্চলত পৰিস্থিতি আটাইতকৈ বেয়াৰ দিশে ধাৱমান হৈছে। চাৰিওটা স্থানতে, বায়ুৰ মানদণ্ড সূচক ৪০০-ৰ ওপৰত। 

 কেন্দ্ৰীয় চৰকাৰৰ প্ৰদূষণ-বিৰোধী জোখ মাপ সংস্থাৰ মতে, দিল্লী বৰ্তমান প্ৰদূৰ্ষণৰ চতুৰ্থ পৰ্যায়ৰ শ্ৰেণীত আছে। এই পৰ্যায়টো একিউআইৰ দ্বাৰা বিচাৰ কৰা হয়। যদি ই ৪৫০-তকৈ অধিক হয়, ইয়াক 'গুৰুতৰ' বা অতি গুৰুতৰ বুলি গণ্য কৰা হয়। সোমবাৰে, দিল্লীৰ একিউআই আছিল ৪৬৬ । যোৱা পাঁচ দিন ধৰি এয়া  প্ৰায় একেই হৈ আছে, কোনো উন্নতি হোৱা নাই।

কেজৰিৱাল চৰকাৰে প্ৰদূষণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১০ মে'লৈকে বিদ্যালয় বন্ধ ঘোষণা কৰিছে। ব্যক্তিগত কাৰ্যালয়ত ৫০  শতাংশ কৰ্মচাৰীক ঘৰৰ পৰা  কাম কৰিবলৈ অনুমতি দিয়া হৈছে। দিল্লীৰ সকলো নিৰ্মাণ কাৰ্য বৰ্তমানৰ বাবে বন্ধ কৰি দিয়া হৈছে,  যাতে  অধিক প্ৰদূষণ বৃদ্ধি হোৱা প্ৰতিহত কৰিব পৰা যায়। পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে কৈছে  যে ৰাস্তাত পেট্ৰ'ল আৰু ডিজেল বাহনৰ চলাচলৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

যোৱা কেইবছৰমানৰ পৰা, দিল্লীৰ লোকসকলে উপলব্ধি কৰি আহিছে যে এই বায়ু প্ৰদূষণ কিমান মাৰাত্মক হৈ পৰিছে। প্ৰকৃততে, ৰাজধানী চহৰখন 'গেছ চেম্বাৰ' হৈ পৰিছে। উশাহ লোৱাটো এক ভয়ৰ কথা হৈ পৰিছে। চিকাগো বিশ্ববিদ্যালয়ৰ এক অধ্যয়ন অনুসৰি, প্ৰদূষণে মানুহৰ গড় আয়ুস ১২  বছৰ হ্ৰাস কৰিব পাৰে। অৱশ্যে, দিল্লীৰ দৰেই পৃথিৱীৰ বহু ৰাজধানী চহৰত এই সমস্যা বৃদ্ধি পাইছে, যি কথা  উদ্বেগজনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement