--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব, মণিপুৰ আৰু গোৱাৰ বিধানসভা নিৰ্বাচন সমাগত৷ শাসকীয় বিজেপিৰ লগতে ৰাজ্যসমূহৰ বিৰোধী দলসমূহো সাজু হৈছে নিৰ্বাচনৰ বাবে৷ প্ৰতিটো ৰাজনৈতিক দলে নিজা নিজা কৰ্মসূচী আৰু ভৱিষ্যৎ পৰিকল্পনাৰে ভোটাৰৰ কাষ চাপিছে৷ বিজেপি শাসিত ৰাজ্যসমূহত নিৰ্বাচনৰ বাবে বিজেপিৰ বিৰুদ্ধে পৰিকল্পনা প্ৰস্তুত কৰিছে বিৰোধী দলসমূহে৷ একেদৰে, বিজেপিয়েও নিজা ৰণকৌশলেৰে নিৰ্বাচনৰ বাবে নিজকে প্ৰস্তুত কৰিছে৷ প্ৰতিখন ৰাজ্যতে সুকীয়া ৰণনীতি আৰু পৃথক নিৰ্বাচনী ইচ্ছ্যুৰে ভোটযুদ্ধত নামিব শাসক-বিৰোধী৷ শাসক-বিৰোধীৰ নিৰ্বাচনী ইচ্ছ্যুত হেৰাই গৈছে জনগণৰ মৌলিক সমস্যা৷ স্থান পোৱা নাই স্বাস্থ্য, শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়৷ জনজীৱনক প্ৰভাৱিত কৰি ৰখা মৌলিক বিষয়বোৰক বাদ দি অনুষ্ঠিত হ’বলৈ গৈ আছে নিৰ্বাচন৷ ক’ভিডোত্তৰ সময়ৰ বিপৰ্যস্ত অৰ্থনীতিৰ পুনৰুদ্ধাৰ অথবা ক্ৰমবৰ্ধমান আত্মহত্যাৰ বিষয়ে স্থান পোৱা নাই নিৰ্বাচনী ৰণনীতিত৷ মণিপুৰকে ধৰি পাঁচখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ এমাহৰো কম সময় বাকী আছে আৰু বিজেপি, কংগ্ৰেছৰ দৰে অন্যান্য ৰাজনৈতিক নেতাসকলে ক্ষমতা দখল কৰিবলৈ সকলো প্ৰচেষ্টা চলাইছে৷ মণিপুৰত যদিও বিজেপিয়ে নিজৰ কৰ্মসূচীত আফস্পা, শান্তি, উন্নয়ন আৰু প্ৰব্ৰজনৰ দৰে বিষয় অন্তৰ্ভুক্ত কৰিছে, কংগ্ৰেছে ২০০২-২০১৭ৰ ভিতৰত প্ৰাপ্তিৰ ট্ৰেক ৰেকৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’ব৷ নিৰ্বাচন আয়োগে মণিপুৰত ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত দ্বৈত পৰ্যায়ৰ পৰা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে, মণিপুৰ বিধানসভা নিৰ্বাচনত কেতবোৰ গুৰুত্বপূৰ্ণ ইচ্ছ্যুৱে ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ উগ্ৰপন্থী সমস্যাই সৃষ্টি কৰা জটিলতা আৰু ‘বিদ্ৰোহ’ হৈছে ৰাজ্য চৰকাৰখনে সন্মুখীন হোৱা আটাইতকৈ প্ৰত্যাহ্বানমূলক সমস্যা, কিয়নো পূৰ্বতে প্ৰাক-নিৰ্বাচনী হিংসাৰ কেইটামান ঘটনাই তুলনামূলকভাৱে শান্তিপূৰ্ণ পৰিৱেশ ব্যাহত কৰিছিল। ১৩ নৱেম্বৰত অসম ৰাইফলছৰ বিষয়া কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী আৰু তেওঁলোকৰ পাঁচ বছৰীয়া পুত্ৰকে ধৰি ৭ জন লোক নিহত হৈছিল। ৫ জানুৱাৰীত থৌবাল জিলাত হোৱা বোমা বিস্ফোৰণত অসম ৰাইফলছৰ এজন সৈনিক নিহত হয় আৰু আন এজন আহত হয়। উত্তৰ-পূবৰ নগালেণ্ডৰ পাছত দ্বিতীয় সৰ্বাধিক নিবনুৱা (৯.৫%), ৰাজনৈতিক স্থিৰতা, আভ্যন্তৰীণ নিৰাপত্তা, আৰু ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৫৭% মণিপুৰৰ মেইটেই জনজাতিৰ বাবে অনুসূচীত জনজাতিৰ মৰ্যাদা আদি মণিপুৰত নিৰ্বাচনী ইচ্ছ্যু হ’ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে৷ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত মণিপুৰত নিবনুৱাৰ হাৰ দ্বিতীয় সৰ্বাধিত৷ ৰাজ্যখনত যুৱভোটাৰৰ সিদ্ধান্ত নিৰ্ভৰ কৰিব কোনটো দলে নিবনুৱা সমস্যা সমাধানৰ বাবে আশ্বস্ত হ’ব পৰাকৈ নিৰ্বাচনী কৌশল প্ৰস্তুত কৰে৷ আনহাতে, ক্ৰমশ: আকৰ্ষণীয় হৈ উঠিছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট৷ ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ ৰাজ্যখনত বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ছবিৰ সৈতে চুৰাটত শাড়ী প্ৰস্তুত কৰিছে৷ প্ৰতিটো দিনৰ লগে লগে সলনি হৈছে দৃশ্যপট৷ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ আটাইতকৈ আকৰ্ষণীয় বিষয়ৰ ভিতৰত অন্যতম হৈছে চুৰাটৰ শাড়ী, যাক ইতিমধ্যে উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে। মোদী আৰু যোগীৰ লগতে অযোধ্যাৰ ৰাম মন্দিৰ, বাৰাণসীৰ বিভিন্ন ঘাটৰ লগতে কাশী বিশ্বনাথ কৰিডৰৰ ছবিৰেও প্ৰস্তত কৰা হৈছে শাড়ী৷ এনেদৰেই এতিয়া নিৰ্বাচন হ’বলগীয়া ৰাজ্যসমূহত দেখা গৈছে ভিন্ন নিৰ্বাচনী ইচ্ছ্যু৷ কোনোৱে যদি ভোটাৰক আকৰ্ষিত কৰিবলৈ প্ৰস্তুত কৰিছে শাড়ী, আন কোনোৱে আকৌ নিৰ্মাণ কৰিছে ভিডিঅ’ ইস্তাহাৰ৷ প্ৰতিটো ৰাজনৈতিক দলে সৰ্বোচ্চ চেষ্টাৰে নিৰ্বাচনী ৰণত নামিব৷ লক্ষ্যণীয় হ’ব, ভোটাৰে কোনবোৰ বিষয়ক প্ৰাধান্য দি গণতন্ত্ৰৰ এই বৃহৎ উৎসৱত অংশগ্ৰহণ কৰিব৷ কিয়নো, সমাগত পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ওপৰতে নিৰ্ভৰ কৰিছে দেশৰ ভৱিষ্যতৰ ৰাজনীতিৰ ৰূপৰেখা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
তিনিখন বিধেয়ক সদনত উত্থাপনৰ বাবে সংসদৰ অনুমোদন, লোকসভাৰ আসন বৃদ্ধিৰ বিতৰ্ক আৰম্ভ
বাক্সাৰ বৰমাত লটাৰীৰ নামত ভয়ংকৰ প্ৰবঞ্চনা; আৰক্ষীৰ কাষ চাপিল ভাগ্যৱান বিজেতা!
বহু ঔষধি গুণেৰে সমৃদ্ধ অমৰা; বিতংকৈ জানো আহক
অহা বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকিব শীর্ষ স্থানৰ তালিকা
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন