--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব, মণিপুৰ আৰু গোৱাৰ বিধানসভা নিৰ্বাচন সমাগত৷ শাসকীয় বিজেপিৰ লগতে ৰাজ্যসমূহৰ বিৰোধী দলসমূহো সাজু হৈছে নিৰ্বাচনৰ বাবে৷ প্ৰতিটো ৰাজনৈতিক দলে নিজা নিজা কৰ্মসূচী আৰু ভৱিষ্যৎ পৰিকল্পনাৰে ভোটাৰৰ কাষ চাপিছে৷ বিজেপি শাসিত ৰাজ্যসমূহত নিৰ্বাচনৰ বাবে বিজেপিৰ বিৰুদ্ধে পৰিকল্পনা প্ৰস্তুত কৰিছে বিৰোধী দলসমূহে৷ একেদৰে, বিজেপিয়েও নিজা ৰণকৌশলেৰে নিৰ্বাচনৰ বাবে নিজকে প্ৰস্তুত কৰিছে৷ প্ৰতিখন ৰাজ্যতে সুকীয়া ৰণনীতি আৰু পৃথক নিৰ্বাচনী ইচ্ছ্যুৰে ভোটযুদ্ধত নামিব শাসক-বিৰোধী৷ শাসক-বিৰোধীৰ নিৰ্বাচনী ইচ্ছ্যুত হেৰাই গৈছে জনগণৰ মৌলিক সমস্যা৷ স্থান পোৱা নাই স্বাস্থ্য, শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়৷ জনজীৱনক প্ৰভাৱিত কৰি ৰখা মৌলিক বিষয়বোৰক বাদ দি অনুষ্ঠিত হ’বলৈ গৈ আছে নিৰ্বাচন৷ ক’ভিডোত্তৰ সময়ৰ বিপৰ্যস্ত অৰ্থনীতিৰ পুনৰুদ্ধাৰ অথবা ক্ৰমবৰ্ধমান আত্মহত্যাৰ বিষয়ে স্থান পোৱা নাই নিৰ্বাচনী ৰণনীতিত৷ মণিপুৰকে ধৰি পাঁচখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ এমাহৰো কম সময় বাকী আছে আৰু বিজেপি, কংগ্ৰেছৰ দৰে অন্যান্য ৰাজনৈতিক নেতাসকলে ক্ষমতা দখল কৰিবলৈ সকলো প্ৰচেষ্টা চলাইছে৷ মণিপুৰত যদিও বিজেপিয়ে নিজৰ কৰ্মসূচীত আফস্পা, শান্তি, উন্নয়ন আৰু প্ৰব্ৰজনৰ দৰে বিষয় অন্তৰ্ভুক্ত কৰিছে, কংগ্ৰেছে ২০০২-২০১৭ৰ ভিতৰত প্ৰাপ্তিৰ ট্ৰেক ৰেকৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’ব৷ নিৰ্বাচন আয়োগে মণিপুৰত ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত দ্বৈত পৰ্যায়ৰ পৰা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে, মণিপুৰ বিধানসভা নিৰ্বাচনত কেতবোৰ গুৰুত্বপূৰ্ণ ইচ্ছ্যুৱে ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ উগ্ৰপন্থী সমস্যাই সৃষ্টি কৰা জটিলতা আৰু ‘বিদ্ৰোহ’ হৈছে ৰাজ্য চৰকাৰখনে সন্মুখীন হোৱা আটাইতকৈ প্ৰত্যাহ্বানমূলক সমস্যা, কিয়নো পূৰ্বতে প্ৰাক-নিৰ্বাচনী হিংসাৰ কেইটামান ঘটনাই তুলনামূলকভাৱে শান্তিপূৰ্ণ পৰিৱেশ ব্যাহত কৰিছিল। ১৩ নৱেম্বৰত অসম ৰাইফলছৰ বিষয়া কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী আৰু তেওঁলোকৰ পাঁচ বছৰীয়া পুত্ৰকে ধৰি ৭ জন লোক নিহত হৈছিল। ৫ জানুৱাৰীত থৌবাল জিলাত হোৱা বোমা বিস্ফোৰণত অসম ৰাইফলছৰ এজন সৈনিক নিহত হয় আৰু আন এজন আহত হয়। উত্তৰ-পূবৰ নগালেণ্ডৰ পাছত দ্বিতীয় সৰ্বাধিক নিবনুৱা (৯.৫%), ৰাজনৈতিক স্থিৰতা, আভ্যন্তৰীণ নিৰাপত্তা, আৰু ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৫৭% মণিপুৰৰ মেইটেই জনজাতিৰ বাবে অনুসূচীত জনজাতিৰ মৰ্যাদা আদি মণিপুৰত নিৰ্বাচনী ইচ্ছ্যু হ’ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে৷ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত মণিপুৰত নিবনুৱাৰ হাৰ দ্বিতীয় সৰ্বাধিত৷ ৰাজ্যখনত যুৱভোটাৰৰ সিদ্ধান্ত নিৰ্ভৰ কৰিব কোনটো দলে নিবনুৱা সমস্যা সমাধানৰ বাবে আশ্বস্ত হ’ব পৰাকৈ নিৰ্বাচনী কৌশল প্ৰস্তুত কৰে৷ আনহাতে, ক্ৰমশ: আকৰ্ষণীয় হৈ উঠিছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট৷ ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ ৰাজ্যখনত বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ছবিৰ সৈতে চুৰাটত শাড়ী প্ৰস্তুত কৰিছে৷ প্ৰতিটো দিনৰ লগে লগে সলনি হৈছে দৃশ্যপট৷ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ আটাইতকৈ আকৰ্ষণীয় বিষয়ৰ ভিতৰত অন্যতম হৈছে চুৰাটৰ শাড়ী, যাক ইতিমধ্যে উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে। মোদী আৰু যোগীৰ লগতে অযোধ্যাৰ ৰাম মন্দিৰ, বাৰাণসীৰ বিভিন্ন ঘাটৰ লগতে কাশী বিশ্বনাথ কৰিডৰৰ ছবিৰেও প্ৰস্তত কৰা হৈছে শাড়ী৷ এনেদৰেই এতিয়া নিৰ্বাচন হ’বলগীয়া ৰাজ্যসমূহত দেখা গৈছে ভিন্ন নিৰ্বাচনী ইচ্ছ্যু৷ কোনোৱে যদি ভোটাৰক আকৰ্ষিত কৰিবলৈ প্ৰস্তুত কৰিছে শাড়ী, আন কোনোৱে আকৌ নিৰ্মাণ কৰিছে ভিডিঅ’ ইস্তাহাৰ৷ প্ৰতিটো ৰাজনৈতিক দলে সৰ্বোচ্চ চেষ্টাৰে নিৰ্বাচনী ৰণত নামিব৷ লক্ষ্যণীয় হ’ব, ভোটাৰে কোনবোৰ বিষয়ক প্ৰাধান্য দি গণতন্ত্ৰৰ এই বৃহৎ উৎসৱত অংশগ্ৰহণ কৰিব৷ কিয়নো, সমাগত পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ওপৰতে নিৰ্ভৰ কৰিছে দেশৰ ভৱিষ্যতৰ ৰাজনীতিৰ ৰূপৰেখা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা