--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোলেণ্ডৰ এগৰাকী মহিলাই ইনষ্টাগ্ৰামত চিনাকি হৈ ঝাৰখণ্ডৰ এজন যুৱকৰ প্ৰেমত পৰে। মহিলাগৰাকী ইমানেই প্ৰেমত মত্ত পৰিল যে ছয় বছৰীয়া কন্যা সন্তানৰ সৈতে তেওঁ ভাৰতত ভৰি দিলেহি। বৰ্তমান হাজৰিবাগ জিলাৰ কটকমছান্দি ব্লকৰ অন্তৰ্গত খুতৰা গাঁৱত প্ৰেমিক মহম্মদ শাদাবৰ সৈতে বাস কৰি আছে মহিলাগৰাকী। মহিলাগৰাকীৰ নাম পৌলাক বাৰবৰা। পৌলাক বাৰবৰা আৰু শাদাব দুয়োজনে ইজনে সিজনক বিয়া কৰাব বিচাৰে। পৌলাক বাৰবৰাৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হৈছে। তেওঁ বিচাৰে শাদাবে তেওঁক বিয়া কৰাই তেওঁৰ লগত পোলেণ্ডত বসতি স্থাপন কৰক।

পৌলাক বাৰবৰাৰ বয়স ৪৫ বছৰ আনহাতে প্ৰেমিক শাদাবৰ বয়স ৩৫ বছৰ। ২০২১ চনত দুয়োজনেই ইনষ্টাগ্ৰামত বন্ধুত্ব গঢ়ি তুলিছিল। ইয়াত চাট কৰি থাকোঁতে ইজনে সিজনক ভাল পাবলৈ ধৰিলে। পৌলাক বাৰবৰাই ভাৰতলৈ আহিবলৈ ভিছাৰ বাবে আবেদন কৰিছিল। দীঘলীয়া প্ৰক্ৰিয়াৰ অন্তত কেইদিনমান আগতে ভিছা পোৱাৰ লগে লগে তেওঁ হাজৰিবাগ পালেহি। কেইদিনমান হোটেল এখনত থকাৰ পাছত যোৱা পাঁচ দিন ধৰি শাদাবৰ গাঁৱৰ ঘৰতেই তেওঁ বসবাস কৰি আছে।

অৱশ্যে গাঁও পোৱাৰ লগে লগে গৰমে তেওঁক ইমানেই আমনি কৰিলে যে শাদাবে দুটা এচি লগাব লগা হ’ল। বিদেশী অতিথিৰ বাবে নতুন ৰঙীন টিভিও স্থাপন কৰা হৈছে।

বিশেষ কথাটো হ'ল শাদাবৰ ঘৰত পৌলাকে ঘৰুৱা কামত সহায় কৰি আছে। গৰুৰ গোবৰ আৰু জাবৰ-জোঁথৰো চাফা কৰি আছে। পৌলাকক চাবলৈ প্ৰতিদিনে শাদাবৰ ঘৰত উপস্থিত হৈছে শ শ মানুহ। এই কথাত তেওঁ অশান্তি পাইছে। তেওঁ কয় যে তেওঁ ভাৰতক এখন অতি সুন্দৰ দেশ বুলি ভাবে। ইয়াৰ মানুহবোৰো বৰ ধুনীয়া, কিন্তু গোটেই দিনটো মানুহে মোক ঘেৰি ধৰিলে মোৰ মনটো বেয়া লাগে।

বিদেশী মহিলা গাঁৱত উপস্থিত হোৱাৰ খবৰ পোৱাৰ পিছত হাজৰিবাগ মুখ্য কাৰ্যালয়ৰ ডি এছ পি ৰাজীৱ কুমাৰ আৰু অঞ্চলটোৰ পৰিদৰ্শক অভিষেক কুমাৰে খুতৰাত উপস্থিত হৈ পৌলাক বাৰবৰাৰ সৈতে কথা পাতিলে। তেওঁ নিজৰ ভিছা আৰক্ষী বিষয়াসকলক দেখুৱাই দিলে।

পৌলাক বাৰবৰাই আগন্তুক কেইদিনমানৰ ভিতৰত নিজৰ দেশলৈ উভতি যাব বুলি ক’লে। পৌলাকে শাদাবক পোলেণ্ডৰ ভিছা দিয়াৰ চেষ্টা কৰিব। পৌলাক বাৰবৰাৰ বাংলো-গাড়ী সকলো আছে। কেৰিয়াৰৰ সন্ধানত পোলেণ্ডলৈ যাবলৈ সাজু শাদাব।

শাদাবে হাৰ্ডৱেৰ নেটৱৰ্কিঙত ডিপ্লমা লাভ কৰিছে। তেওঁ কয় যে তেওঁ কেৰিয়াৰৰ সন্ধানত পোলেণ্ডলৈ যাব বিচাৰে। পৌলাক বাৰবৰাক বিয়া কৰাবলৈও তেওঁৰ ইচ্ছা আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু