--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোলেণ্ডৰ এগৰাকী মহিলাই ইনষ্টাগ্ৰামত চিনাকি হৈ ঝাৰখণ্ডৰ এজন যুৱকৰ প্ৰেমত পৰে। মহিলাগৰাকী ইমানেই প্ৰেমত মত্ত পৰিল যে ছয় বছৰীয়া কন্যা সন্তানৰ সৈতে তেওঁ ভাৰতত ভৰি দিলেহি। বৰ্তমান হাজৰিবাগ জিলাৰ কটকমছান্দি ব্লকৰ অন্তৰ্গত খুতৰা গাঁৱত প্ৰেমিক মহম্মদ শাদাবৰ সৈতে বাস কৰি আছে মহিলাগৰাকী। মহিলাগৰাকীৰ নাম পৌলাক বাৰবৰা। পৌলাক বাৰবৰা আৰু শাদাব দুয়োজনে ইজনে সিজনক বিয়া কৰাব বিচাৰে। পৌলাক বাৰবৰাৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হৈছে। তেওঁ বিচাৰে শাদাবে তেওঁক বিয়া কৰাই তেওঁৰ লগত পোলেণ্ডত বসতি স্থাপন কৰক।

পৌলাক বাৰবৰাৰ বয়স ৪৫ বছৰ আনহাতে প্ৰেমিক শাদাবৰ বয়স ৩৫ বছৰ। ২০২১ চনত দুয়োজনেই ইনষ্টাগ্ৰামত বন্ধুত্ব গঢ়ি তুলিছিল। ইয়াত চাট কৰি থাকোঁতে ইজনে সিজনক ভাল পাবলৈ ধৰিলে। পৌলাক বাৰবৰাই ভাৰতলৈ আহিবলৈ ভিছাৰ বাবে আবেদন কৰিছিল। দীঘলীয়া প্ৰক্ৰিয়াৰ অন্তত কেইদিনমান আগতে ভিছা পোৱাৰ লগে লগে তেওঁ হাজৰিবাগ পালেহি। কেইদিনমান হোটেল এখনত থকাৰ পাছত যোৱা পাঁচ দিন ধৰি শাদাবৰ গাঁৱৰ ঘৰতেই তেওঁ বসবাস কৰি আছে।

অৱশ্যে গাঁও পোৱাৰ লগে লগে গৰমে তেওঁক ইমানেই আমনি কৰিলে যে শাদাবে দুটা এচি লগাব লগা হ’ল। বিদেশী অতিথিৰ বাবে নতুন ৰঙীন টিভিও স্থাপন কৰা হৈছে।

বিশেষ কথাটো হ'ল শাদাবৰ ঘৰত পৌলাকে ঘৰুৱা কামত সহায় কৰি আছে। গৰুৰ গোবৰ আৰু জাবৰ-জোঁথৰো চাফা কৰি আছে। পৌলাকক চাবলৈ প্ৰতিদিনে শাদাবৰ ঘৰত উপস্থিত হৈছে শ শ মানুহ। এই কথাত তেওঁ অশান্তি পাইছে। তেওঁ কয় যে তেওঁ ভাৰতক এখন অতি সুন্দৰ দেশ বুলি ভাবে। ইয়াৰ মানুহবোৰো বৰ ধুনীয়া, কিন্তু গোটেই দিনটো মানুহে মোক ঘেৰি ধৰিলে মোৰ মনটো বেয়া লাগে।

বিদেশী মহিলা গাঁৱত উপস্থিত হোৱাৰ খবৰ পোৱাৰ পিছত হাজৰিবাগ মুখ্য কাৰ্যালয়ৰ ডি এছ পি ৰাজীৱ কুমাৰ আৰু অঞ্চলটোৰ পৰিদৰ্শক অভিষেক কুমাৰে খুতৰাত উপস্থিত হৈ পৌলাক বাৰবৰাৰ সৈতে কথা পাতিলে। তেওঁ নিজৰ ভিছা আৰক্ষী বিষয়াসকলক দেখুৱাই দিলে।

পৌলাক বাৰবৰাই আগন্তুক কেইদিনমানৰ ভিতৰত নিজৰ দেশলৈ উভতি যাব বুলি ক’লে। পৌলাকে শাদাবক পোলেণ্ডৰ ভিছা দিয়াৰ চেষ্টা কৰিব। পৌলাক বাৰবৰাৰ বাংলো-গাড়ী সকলো আছে। কেৰিয়াৰৰ সন্ধানত পোলেণ্ডলৈ যাবলৈ সাজু শাদাব।

শাদাবে হাৰ্ডৱেৰ নেটৱৰ্কিঙত ডিপ্লমা লাভ কৰিছে। তেওঁ কয় যে তেওঁ কেৰিয়াৰৰ সন্ধানত পোলেণ্ডলৈ যাব বিচাৰে। পৌলাক বাৰবৰাক বিয়া কৰাবলৈও তেওঁৰ ইচ্ছা আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস