--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিনত ক’ল্ড ড্ৰিংকচ অমৃতৰ দৰে। শীতল অনুভূিয়ে মন জুৰাই নিয়ে। বহু ক’ল্ড ড্ৰিংকচ বজাৰত উপলব্ধ- পেপছী, কোকা কোলা, থাম্বচ আপ...। কিন্তু বহুতে হয়তো ইয়াৰ মাজতে কেম্পাকোলাৰ নামটো পাহৰি গৈছে। নৱপ্ৰজন্মৰ বহুতেই কেতিয়াও শুনা নাই। কিন্তু সত্তৰ-আশীৰ দশকত এই শীতল পানীয়টোৱেই দেশৰ বজাৰ ‘গৰম’ কৰি ৰাখিছিল। আঠৰ পৰা আশীলৈকে সকলোৱে কেম্পাকোলাক ভাল পাইছিল।

আশীৰ দশকৰ অন্যতম জনপ্ৰিয় এই দেশী  পানীয়বিধ নব্বৈৰ দশকৰ আৰম্ভণিতে ক্ৰমান্বয়ে নোহোৱা হৈ গ’ল। তাৰ ঠাইত বিদেশী পেপচি আৰু কোকাকোলাই বজাৰখন দখল কৰিলে। কেম্পাকোলাৰ নামটো ক্ৰমান্বয়ে মানুহৰ মনৰ পৰা ম্লান হৈ পৰে।

কিন্তু ৰিলায়েন্সে সেই হেৰুৱা নষ্টালজিয়াক নতুন ধৰণে ঘূৰাই অনাৰ উদ্যোগ লৈছে। মুকেশ আম্বানীয়ে এই পৰিকল্পনা লৈছে। যোৱা বছৰ তেওঁলোকে নতুন দিল্লীস্থিত ‘পিউৰ ড্ৰিংকছ’ গ্ৰুপৰ পৰা কেম্পাকোলাৰ অধিকাৰ ক্ৰয় কৰিছিল।

এই হেৰুৱা শীতল পানীয় ব্ৰেণ্ডটো ঘূৰাই অনাৰ পৰিকল্পনা আম্বানীয়ে। ঘৰুৱা লিকুইডৰ জৰিয়তে আমেৰিকাৰ পেপচি আৰু কোকাকোলাৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব কেম্পাকোলা।

সংবাদ সংস্থা ইকনমিক টাইমছৰ তথ্য অনুসৰি, কেম্পাকোলা ব্ৰেণ্ড ক্ৰয়ৰ বাবে ৰিলায়েন্সে প্ৰায় ২২ কোটি টকা খৰচ কৰিছে। বৰ্তমান তেওঁলোকে ক’লা, নেমু আৰু কমলা নামৰ তিনিটা সোৱাদত কেম্পাকোলা ব্ৰেণ্ডৰ পানীয় উৎপাদন কৰি আছে।

গুজৰাটৰ থলুৱা এটা পানীয় ব্ৰেণ্ড ছ’চিঅ’। এই ব্ৰেণ্ডটো দেশৰ আন প্ৰান্তত ইমান জনপ্ৰিয় নহয়। কিন্তু গুজৰাটত ই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। ৰিলায়েন্সে কেম্পাকোলাৰ লগতে ছ’চিঅ’কো ক্ৰয় কৰিছে।

বিগত বৰ্ষৰ আগষ্ট মাহত ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছৰ সঞ্চালিকা ঈশা আম্বানীয়ে কেম্পাকোলা ব্ৰেণ্ড ক্ৰয় কৰাৰ সময়ত এই ব্ৰেণ্ডৰ ছত্ৰছায়াত উচ্চমানৰ লিকুইড ড্ৰিংকছ উৎপাদন কৰিব বুলি কৈছিল। যিটো সস্তাও হ’ব।

মুকেশ আম্বানীৰ অধীনত পুনৰ উত্থান হ’বলৈ গৈ আছে কেম্পাকোলা আৰু ছ’চিঅ’ ব্ৰেণ্ড। মনত ৰখা উচিত যে দুয়োটা ব্ৰেণ্ডেই প্ৰায় ১০০ বছৰ পুৰণি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ