--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিনত ক’ল্ড ড্ৰিংকচ অমৃতৰ দৰে। শীতল অনুভূিয়ে মন জুৰাই নিয়ে। বহু ক’ল্ড ড্ৰিংকচ বজাৰত উপলব্ধ- পেপছী, কোকা কোলা, থাম্বচ আপ...। কিন্তু বহুতে হয়তো ইয়াৰ মাজতে কেম্পাকোলাৰ নামটো পাহৰি গৈছে। নৱপ্ৰজন্মৰ বহুতেই কেতিয়াও শুনা নাই। কিন্তু সত্তৰ-আশীৰ দশকত এই শীতল পানীয়টোৱেই দেশৰ বজাৰ ‘গৰম’ কৰি ৰাখিছিল। আঠৰ পৰা আশীলৈকে সকলোৱে কেম্পাকোলাক ভাল পাইছিল।

আশীৰ দশকৰ অন্যতম জনপ্ৰিয় এই দেশী  পানীয়বিধ নব্বৈৰ দশকৰ আৰম্ভণিতে ক্ৰমান্বয়ে নোহোৱা হৈ গ’ল। তাৰ ঠাইত বিদেশী পেপচি আৰু কোকাকোলাই বজাৰখন দখল কৰিলে। কেম্পাকোলাৰ নামটো ক্ৰমান্বয়ে মানুহৰ মনৰ পৰা ম্লান হৈ পৰে।

কিন্তু ৰিলায়েন্সে সেই হেৰুৱা নষ্টালজিয়াক নতুন ধৰণে ঘূৰাই অনাৰ উদ্যোগ লৈছে। মুকেশ আম্বানীয়ে এই পৰিকল্পনা লৈছে। যোৱা বছৰ তেওঁলোকে নতুন দিল্লীস্থিত ‘পিউৰ ড্ৰিংকছ’ গ্ৰুপৰ পৰা কেম্পাকোলাৰ অধিকাৰ ক্ৰয় কৰিছিল।

এই হেৰুৱা শীতল পানীয় ব্ৰেণ্ডটো ঘূৰাই অনাৰ পৰিকল্পনা আম্বানীয়ে। ঘৰুৱা লিকুইডৰ জৰিয়তে আমেৰিকাৰ পেপচি আৰু কোকাকোলাৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব কেম্পাকোলা।

সংবাদ সংস্থা ইকনমিক টাইমছৰ তথ্য অনুসৰি, কেম্পাকোলা ব্ৰেণ্ড ক্ৰয়ৰ বাবে ৰিলায়েন্সে প্ৰায় ২২ কোটি টকা খৰচ কৰিছে। বৰ্তমান তেওঁলোকে ক’লা, নেমু আৰু কমলা নামৰ তিনিটা সোৱাদত কেম্পাকোলা ব্ৰেণ্ডৰ পানীয় উৎপাদন কৰি আছে।

গুজৰাটৰ থলুৱা এটা পানীয় ব্ৰেণ্ড ছ’চিঅ’। এই ব্ৰেণ্ডটো দেশৰ আন প্ৰান্তত ইমান জনপ্ৰিয় নহয়। কিন্তু গুজৰাটত ই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। ৰিলায়েন্সে কেম্পাকোলাৰ লগতে ছ’চিঅ’কো ক্ৰয় কৰিছে।

বিগত বৰ্ষৰ আগষ্ট মাহত ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছৰ সঞ্চালিকা ঈশা আম্বানীয়ে কেম্পাকোলা ব্ৰেণ্ড ক্ৰয় কৰাৰ সময়ত এই ব্ৰেণ্ডৰ ছত্ৰছায়াত উচ্চমানৰ লিকুইড ড্ৰিংকছ উৎপাদন কৰিব বুলি কৈছিল। যিটো সস্তাও হ’ব।

মুকেশ আম্বানীৰ অধীনত পুনৰ উত্থান হ’বলৈ গৈ আছে কেম্পাকোলা আৰু ছ’চিঅ’ ব্ৰেণ্ড। মনত ৰখা উচিত যে দুয়োটা ব্ৰেণ্ডেই প্ৰায় ১০০ বছৰ পুৰণি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু