--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৌতম আদানিৰ গ্ৰুপৰ বিৰুদ্ধে উত্থাপন হৈছে জালিয়াতিৰ অভিযোগ।  এনে অভিযোগৰ পিছতে  আদানিৰ গ্ৰুপৰ শ্বেয়াৰ ৰাতিটোৰ ভিতৰতে ইমানেই পৰিছে যে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত সপ্তম স্থানলৈ অৱনমিত হৈছে গৌতম আদানিৰ স্থান। 

দেশৰ অন্যতম ধনী ব্যক্তি গৌতম আদানিৰ গোটে তেওঁৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্য 'প্ৰৱঞ্চনা'মূলকভাবে  বৃদ্ধি কৰাৰ গুৰুতৰ অভিযোগ উঠিছিল।  আমেৰিকাৰ বিনিয়োগ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত কৰা এনে দাবীৰ পিছতে এক হুলস্থূলৰ সৃষ্টি হয়। আদানি গোটৰ কোম্পানীবোৰৰ শ্বেয়াৰ ৰাতিটোৰ ভিতৰতে হ্ৰাস পাবলৈ ধৰে। চেঞ্চেক্সো ক্ৰমে পৰি আহে। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৱে দাবী কৰিছে যে আদানি গ্ৰুপে জালিয়াতিৰে  কৰি ইয়াৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে।অৰ্থাৎ একক দুই কৰি দেখুৱাই আদানি গ্ৰুপে শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে।  সংস্থাটোৰ  প্ৰতিবেদনত দাবী কৰা হৈছে যে তেওঁলোকে দুবছৰ ধৰি বিষয়টো অনুসন্ধান কৰাৰ পিছত এই তথ্য জানিব পাৰিছে।

হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ  প্ৰতিবেদন অনুসৰি আদানি গ্ৰুপে যোৱা এক দশকত ইয়াৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য কৃত্ৰিমভাৱে বৃদ্ধি কৰিছে। যোৱা তিনি বছৰত, গৌতম আদানিৰ মুঠ মূল্য ১২,০০০কোটি ডলাৰৰ জালিয়াতি কৰিছে বুলিও কোৱা হৈছে। প্ৰতিবেদন খনত উল্লেখ কৰা মতে আদানী গ্ৰুপে কৃত্ৰিমভাৱে কেইবাবাৰো শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰি বৃহৎ সম্পদ সৃষ্টি কৰিছে। যোৱা তিনি বছৰত আদানিৰ শ্বেয়াৰ, সম্পত্তি ৮০০  শতাংশতকৈও অধিক বৃদ্ধি হোৱা বুলি দেখুওৱা হৈছে। 

হিণ্ডেনবাৰ্গে দাবী কৰে যে সংস্থাটোৱে এই  সমীক্ষা সম্পাদন কৰিবলৈ আদানি গোটৰ কিছু সংখ্যক  প্ৰাক্তন উচ্চ পদস্থ বিষয়াৰ সৈতে কথা পাতিছে। তেওঁলোকে এই বিষয়ত হাজাৰ হাজাৰ নথিপত্ৰও পৰীক্ষা কৰি চাইছে।সকলো দিশ পৰীক্ষা কৰাৰ পিছত এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে।

অৱশ্যে আদানি গ্ৰুপে দাবী  কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৰ প্ৰতিবেদন "মিছা আৰু ভিত্তিহীন"। দলটোৱে অভিযোগ কৰিছে যে বিনিয়োগকাৰীসকলক এই প্ৰতিবেদনৰ দ্বাৰা  বিপথে পৰিচালিত কৰিব বিচৰা হৈছে। আদানি গ্ৰুপে হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে   "আইনী ব্যৱস্থা" ল'বলৈ চেষ্টা কৰি আছে।

যদিও আদানি গ্ৰুপে   আমেৰিকান কোম্পানীটোৰ প্ৰতিবেদন ভিত্তিহীন বুলি কৈছে তথাপি  শ্বেয়াৰৰ মূল্য হ্ৰাস পাই আছে। বুধবাৰে আৰু শুক্ৰবাৰে আদানি গোটৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য ৪.১৭ লাখ কোটি টকাতকৈও অধিক হ্ৰাস পাইছে।

শুক্ৰবাৰে, আদানীয়ে  গেছৰ ব্যৱসায়ত  ৭৯,৭৮৮ কোটি টকা হেৰুৱাইছে । আদানি গ্ৰীণ এনাৰ্জীয়ে টিকে ৫৭,৮৭৬ কোটি টকা লোকচান ভৰিছে। আদানি ট্ৰেন্সমিছনতো  একে প্ৰভাৱ পৰিছে। যোৱা দুদিনত আদানি ট্ৰেন্সমিছনৰ ৫২,৫৩১ কোটি টকা লোকচান হৈছে। 

আদানি টোটেল গেছ, আদানি গ্ৰীণ এনাৰ্জি আৰু আদানি ট্ৰেন্সমিচনৰ শ্বেয়াৰ ২০ শতাংশ হ্ৰাস পাইছে। আদানি এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰৰ মূল্য ১৮.৫২ শতাংশ হ্ৰাস পাইছে।আদানি পাৱাৰ আৰু আদানি উইলমাৰৰ শ্বেয়াৰ ৫ শতাংশ হ্ৰাস পাইছিল। আদানি বন্দৰ আৰু বিশেষ অৰ্থনৈতিক ক্ষেত্ৰৰ শ্বেয়াৰ ২৩ শতাংশ হ্ৰাস পাইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৰ ৰ প্ৰতিবেদন প্ৰকাশৰ পিছতে  শুক্ৰবাৰে আদানি এণ্টাৰপ্ৰাইজেছৰ শ্বেয়াৰ বিক্ৰী প্ৰক্ৰিয়া স্থবিৰ হৈ পৰে। তেওঁলোকে ৪.৫৫ কোটি টকাৰ  শ্বেয়াৰ বিক্ৰীৰ বাবে মুকলি কৰি দিছিল।  কিন্তু বিক্ৰী হয়  মাত্ৰ ৪.৭ লাখ টকাৰ শ্বেয়াৰ । 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ