--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৌতম আদানিৰ গ্ৰুপৰ বিৰুদ্ধে উত্থাপন হৈছে জালিয়াতিৰ অভিযোগ।  এনে অভিযোগৰ পিছতে  আদানিৰ গ্ৰুপৰ শ্বেয়াৰ ৰাতিটোৰ ভিতৰতে ইমানেই পৰিছে যে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত সপ্তম স্থানলৈ অৱনমিত হৈছে গৌতম আদানিৰ স্থান। 

দেশৰ অন্যতম ধনী ব্যক্তি গৌতম আদানিৰ গোটে তেওঁৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্য 'প্ৰৱঞ্চনা'মূলকভাবে  বৃদ্ধি কৰাৰ গুৰুতৰ অভিযোগ উঠিছিল।  আমেৰিকাৰ বিনিয়োগ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত কৰা এনে দাবীৰ পিছতে এক হুলস্থূলৰ সৃষ্টি হয়। আদানি গোটৰ কোম্পানীবোৰৰ শ্বেয়াৰ ৰাতিটোৰ ভিতৰতে হ্ৰাস পাবলৈ ধৰে। চেঞ্চেক্সো ক্ৰমে পৰি আহে। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৱে দাবী কৰিছে যে আদানি গ্ৰুপে জালিয়াতিৰে  কৰি ইয়াৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে।অৰ্থাৎ একক দুই কৰি দেখুৱাই আদানি গ্ৰুপে শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে।  সংস্থাটোৰ  প্ৰতিবেদনত দাবী কৰা হৈছে যে তেওঁলোকে দুবছৰ ধৰি বিষয়টো অনুসন্ধান কৰাৰ পিছত এই তথ্য জানিব পাৰিছে।

হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ  প্ৰতিবেদন অনুসৰি আদানি গ্ৰুপে যোৱা এক দশকত ইয়াৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য কৃত্ৰিমভাৱে বৃদ্ধি কৰিছে। যোৱা তিনি বছৰত, গৌতম আদানিৰ মুঠ মূল্য ১২,০০০কোটি ডলাৰৰ জালিয়াতি কৰিছে বুলিও কোৱা হৈছে। প্ৰতিবেদন খনত উল্লেখ কৰা মতে আদানী গ্ৰুপে কৃত্ৰিমভাৱে কেইবাবাৰো শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰি বৃহৎ সম্পদ সৃষ্টি কৰিছে। যোৱা তিনি বছৰত আদানিৰ শ্বেয়াৰ, সম্পত্তি ৮০০  শতাংশতকৈও অধিক বৃদ্ধি হোৱা বুলি দেখুওৱা হৈছে। 

হিণ্ডেনবাৰ্গে দাবী কৰে যে সংস্থাটোৱে এই  সমীক্ষা সম্পাদন কৰিবলৈ আদানি গোটৰ কিছু সংখ্যক  প্ৰাক্তন উচ্চ পদস্থ বিষয়াৰ সৈতে কথা পাতিছে। তেওঁলোকে এই বিষয়ত হাজাৰ হাজাৰ নথিপত্ৰও পৰীক্ষা কৰি চাইছে।সকলো দিশ পৰীক্ষা কৰাৰ পিছত এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে।

অৱশ্যে আদানি গ্ৰুপে দাবী  কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৰ প্ৰতিবেদন "মিছা আৰু ভিত্তিহীন"। দলটোৱে অভিযোগ কৰিছে যে বিনিয়োগকাৰীসকলক এই প্ৰতিবেদনৰ দ্বাৰা  বিপথে পৰিচালিত কৰিব বিচৰা হৈছে। আদানি গ্ৰুপে হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে   "আইনী ব্যৱস্থা" ল'বলৈ চেষ্টা কৰি আছে।

যদিও আদানি গ্ৰুপে   আমেৰিকান কোম্পানীটোৰ প্ৰতিবেদন ভিত্তিহীন বুলি কৈছে তথাপি  শ্বেয়াৰৰ মূল্য হ্ৰাস পাই আছে। বুধবাৰে আৰু শুক্ৰবাৰে আদানি গোটৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য ৪.১৭ লাখ কোটি টকাতকৈও অধিক হ্ৰাস পাইছে।

শুক্ৰবাৰে, আদানীয়ে  গেছৰ ব্যৱসায়ত  ৭৯,৭৮৮ কোটি টকা হেৰুৱাইছে । আদানি গ্ৰীণ এনাৰ্জীয়ে টিকে ৫৭,৮৭৬ কোটি টকা লোকচান ভৰিছে। আদানি ট্ৰেন্সমিছনতো  একে প্ৰভাৱ পৰিছে। যোৱা দুদিনত আদানি ট্ৰেন্সমিছনৰ ৫২,৫৩১ কোটি টকা লোকচান হৈছে। 

আদানি টোটেল গেছ, আদানি গ্ৰীণ এনাৰ্জি আৰু আদানি ট্ৰেন্সমিচনৰ শ্বেয়াৰ ২০ শতাংশ হ্ৰাস পাইছে। আদানি এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰৰ মূল্য ১৮.৫২ শতাংশ হ্ৰাস পাইছে।আদানি পাৱাৰ আৰু আদানি উইলমাৰৰ শ্বেয়াৰ ৫ শতাংশ হ্ৰাস পাইছিল। আদানি বন্দৰ আৰু বিশেষ অৰ্থনৈতিক ক্ষেত্ৰৰ শ্বেয়াৰ ২৩ শতাংশ হ্ৰাস পাইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৰ ৰ প্ৰতিবেদন প্ৰকাশৰ পিছতে  শুক্ৰবাৰে আদানি এণ্টাৰপ্ৰাইজেছৰ শ্বেয়াৰ বিক্ৰী প্ৰক্ৰিয়া স্থবিৰ হৈ পৰে। তেওঁলোকে ৪.৫৫ কোটি টকাৰ  শ্বেয়াৰ বিক্ৰীৰ বাবে মুকলি কৰি দিছিল।  কিন্তু বিক্ৰী হয়  মাত্ৰ ৪.৭ লাখ টকাৰ শ্বেয়াৰ । 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু