--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাতিপুৱা দেৰি হোৱাৰ বাবে তেওঁৰ ৰান্ধিবলৈ সময় হোৱা নাছিল। গতিকে তেওঁ আগৰ ৰাতিৰ ৰৈ যোৱা খাদ্যখিনিয়ে ফ্ৰীজৰ পৰা উলিয়াই খালে। তেতিয়াৰ পৰাই তেওঁ চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ যুঁজ দি আহিছে। শৰীৰৰ কিছু অংশ ক্ষতিগ্ৰস্ত হৈছে।

স্কটলেণ্ডৰ ৰাজধানী এডিনবাৰ্গত বাস কৰা এই যুৱকজনে বন্ধুৰ সৈতে থাকে। তাৰ বন্ধুৱে আগৰ নিশা ৰেষ্টুৰেণ্টৰ পৰা চিকেন চাওমিন লৈ আহিছিল। ৰাতি তেওঁ চাওমিন খোৱা নাছিল। সেয়ে ৰাতিপুৱা খাবলৈ থৈ দিলে। পুৱাৰ ব্ৰেকফাষ্টতে তেওঁ চাওমিনখিনি খালেও।

কিন্তু খোৱাৰ কিছু মুহূৰ্ত পিছত তেওঁ তীব্ৰভাৱে অসুস্থ হৈ পৰিল। শৰীৰৰ উষ্ণতা বহুত বৃদ্ধি পায়। হৃদস্পন্দনও বৃদ্ধি পায়। লগতে পেটৰ তলৰ অংশত অসহ্যকৰ বিষ আৰু বমি। লগে লগে তেওঁক চিকিৎসালয়লৈ অনা হয়। চিকিৎসকে যুৱকজনক আই চি ইউত ভৰ্তি কৰে।

প্ৰথমতে চিকিৎসকে বুজিব পৰা নাছিল যে ইয়াৰ কাৰণ কি। কাৰণ সেই যুৱকজনৰ এলাৰ্জীৰ কোনো সমস্যা নাই। মদও নাখায়। তেজ পৰীক্ষাৰ অন্তত জানিব পৰা গৈছে যে ‘Neisseria meningitidis’ নামৰ এক অতি ক্ষতিকাৰক প্ৰকাৰৰ বেক্টেৰিয়া খাদ্যৰ যোগেদি যুৱকজনৰ শৰীৰত প্ৰৱেশ কৰিছে। বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে বৃক্ক বিকল হৈছে। তেজো গোট মাৰিছে।

চিকিৎসকে কয়, এই ধৰণৰ বেক্টেৰিয়াৰ সংক্ৰমণ সঘনাই দেখা নাযায়। Neisseria meningitidis ৰ দ্বাৰা ১০ জনৰ ভিতৰত ১ জন সংক্ৰমিত হয়। এই বেক্টেৰিয়াই শৰীৰৰ ৰক্তবাহী নলী প্ৰসাৰিত কৰে। ইয়াৰ উপৰিও ৰক্তচাপ কমায়। শৰীৰত অক্সিজেন প্ৰৱেশত বাধা দিয়ে। সেইবাবেই বিভিন্ন অংগই কাম কৰা বন্ধ কৰে। 

ইতিমধ্যে যুৱকজনৰ আঙুলি আৰু ভৰিৰ কলাত গেংগ্ৰিন থকাৰ বাবে আঁঠুৰ তলৰ ভৰিৰ অংশখিনি কাটি পেলোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস