--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাতিপুৱা দেৰি হোৱাৰ বাবে তেওঁৰ ৰান্ধিবলৈ সময় হোৱা নাছিল। গতিকে তেওঁ আগৰ ৰাতিৰ ৰৈ যোৱা খাদ্যখিনিয়ে ফ্ৰীজৰ পৰা উলিয়াই খালে। তেতিয়াৰ পৰাই তেওঁ চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ যুঁজ দি আহিছে। শৰীৰৰ কিছু অংশ ক্ষতিগ্ৰস্ত হৈছে।

স্কটলেণ্ডৰ ৰাজধানী এডিনবাৰ্গত বাস কৰা এই যুৱকজনে বন্ধুৰ সৈতে থাকে। তাৰ বন্ধুৱে আগৰ নিশা ৰেষ্টুৰেণ্টৰ পৰা চিকেন চাওমিন লৈ আহিছিল। ৰাতি তেওঁ চাওমিন খোৱা নাছিল। সেয়ে ৰাতিপুৱা খাবলৈ থৈ দিলে। পুৱাৰ ব্ৰেকফাষ্টতে তেওঁ চাওমিনখিনি খালেও।

কিন্তু খোৱাৰ কিছু মুহূৰ্ত পিছত তেওঁ তীব্ৰভাৱে অসুস্থ হৈ পৰিল। শৰীৰৰ উষ্ণতা বহুত বৃদ্ধি পায়। হৃদস্পন্দনও বৃদ্ধি পায়। লগতে পেটৰ তলৰ অংশত অসহ্যকৰ বিষ আৰু বমি। লগে লগে তেওঁক চিকিৎসালয়লৈ অনা হয়। চিকিৎসকে যুৱকজনক আই চি ইউত ভৰ্তি কৰে।

প্ৰথমতে চিকিৎসকে বুজিব পৰা নাছিল যে ইয়াৰ কাৰণ কি। কাৰণ সেই যুৱকজনৰ এলাৰ্জীৰ কোনো সমস্যা নাই। মদও নাখায়। তেজ পৰীক্ষাৰ অন্তত জানিব পৰা গৈছে যে ‘Neisseria meningitidis’ নামৰ এক অতি ক্ষতিকাৰক প্ৰকাৰৰ বেক্টেৰিয়া খাদ্যৰ যোগেদি যুৱকজনৰ শৰীৰত প্ৰৱেশ কৰিছে। বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে বৃক্ক বিকল হৈছে। তেজো গোট মাৰিছে।

চিকিৎসকে কয়, এই ধৰণৰ বেক্টেৰিয়াৰ সংক্ৰমণ সঘনাই দেখা নাযায়। Neisseria meningitidis ৰ দ্বাৰা ১০ জনৰ ভিতৰত ১ জন সংক্ৰমিত হয়। এই বেক্টেৰিয়াই শৰীৰৰ ৰক্তবাহী নলী প্ৰসাৰিত কৰে। ইয়াৰ উপৰিও ৰক্তচাপ কমায়। শৰীৰত অক্সিজেন প্ৰৱেশত বাধা দিয়ে। সেইবাবেই বিভিন্ন অংগই কাম কৰা বন্ধ কৰে। 

ইতিমধ্যে যুৱকজনৰ আঙুলি আৰু ভৰিৰ কলাত গেংগ্ৰিন থকাৰ বাবে আঁঠুৰ তলৰ ভৰিৰ অংশখিনি কাটি পেলোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা