--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিপদত পৰিছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প৷ এগৰাকী পৰ্ণ ছবিৰ অভিনেত্ৰীৰ মুখ বন্ধ কৰিবলৈ ধন দি এতিয়া বিপদত পৰিছে ট্ৰাম্প৷ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত উক্ত পৰ্ণ ষ্টাৰগৰাকীৰ সৈতে ট্ৰাম্পৰ মধুৰ সম্পৰ্ক থকা বুলি অভিযোগ উঠিছিল৷ এতিয়া সেই একেটা কাণ্ডতে  ডনাল্ড ট্ৰাম্পে গ্ৰেপ্তাৰ হোৱাৰ আশংকা প্ৰকাশ কৰিছে।

 ট্ৰাম্পে  ছ'চিয়েল মিডিয়াত  কয় যে তেওঁক মঙলবাৰে গ্ৰেপ্তাৰ কৰা হ'ব পাৰে। তেওঁৰ বিৰুদ্ধে  এগৰাকী পৰ্ণ  তাৰকাক বৃহৎ পৰিমাণৰ ধন দি মুখ বন্ধ কৰাৰ অভিযোগ উত্থাপিত হৈছে।এতিয়া  ম্যানহাটান জিলা আদালতে বিষয়টো তদন্ত কৰি আছে।  প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে ষ্টৰ্মি ডেনিয়েলছ নামৰ পৰ্ণ তাৰকাগৰাকীক  ট্ৰাম্পৰ গোপন কথা নক’বলৈ  এজন উকীলৰ জৰিয়তে ১,৩০,০০০ ডলাৰ প্ৰেৰণ কৰাৰ অভিযোগ উঠিছিল। ট্ৰাম্পে অৱশ্যে সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে আৰু এয়া তেওঁৰ চৰিত্ৰত কালিমা সানিবলৈ দুষ্ট চক্ৰই কৰা কাম বুলি কৈ আহিছে। 

ম্যানহাটান আদালতৰ মুখ্য অভিযোজকৰ সচিবালয়ক আক্ৰমণ কৰি ট্ৰাম্পে  কয়, "দুৰ্নীতিগ্ৰস্ত আৰু ৰাজনৈতিকভাৱে পক্ষপাতদুষ্ট এই সচিবালয়ে মোক বাধা দিবলৈ চেষ্টা কৰি আছে, যাতে মই ২০২৪ চনত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব নোৱাৰো’’। 

২০২০ চনৰ নিৰ্বাচনত জয়ী হ'বলৈ ট্ৰাম্পে শ্লোগান দিছিল, "মেক আমেৰিকা গ্ৰেট এগেইন।" "এইবাৰ ট্ৰাম্পে তেওঁৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ ওফৰাই  দেশৰ গৌৰৱ পুনৰুদ্ধাৰ কৰিবলৈ সমৰ্থকসকলক আহ্বান জনাইছে। তেওঁ দাবী কৰে যে তেওঁ ৰিপাব্লিকান প্ৰাৰ্থী হিচাপে জিকিব। ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ডেনিয়েলক উৎকোচ দিয়া হৈছিল বুলি অভিযোগ কৰা হৈছিল। ট্ৰাম্পৰ ঘনিষ্ঠ সূত্ৰ অনুসৰি ট্ৰাম্প আগতে ডেনিয়েলৰ সৈতে মধুৰ সম্পৰ্ক আছিল। ডেনিয়েলে পিছত ট্ৰাম্পৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছিল। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা