--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিপদত পৰিছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প৷ এগৰাকী পৰ্ণ ছবিৰ অভিনেত্ৰীৰ মুখ বন্ধ কৰিবলৈ ধন দি এতিয়া বিপদত পৰিছে ট্ৰাম্প৷ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত উক্ত পৰ্ণ ষ্টাৰগৰাকীৰ সৈতে ট্ৰাম্পৰ মধুৰ সম্পৰ্ক থকা বুলি অভিযোগ উঠিছিল৷ এতিয়া সেই একেটা কাণ্ডতে  ডনাল্ড ট্ৰাম্পে গ্ৰেপ্তাৰ হোৱাৰ আশংকা প্ৰকাশ কৰিছে।

 ট্ৰাম্পে  ছ'চিয়েল মিডিয়াত  কয় যে তেওঁক মঙলবাৰে গ্ৰেপ্তাৰ কৰা হ'ব পাৰে। তেওঁৰ বিৰুদ্ধে  এগৰাকী পৰ্ণ  তাৰকাক বৃহৎ পৰিমাণৰ ধন দি মুখ বন্ধ কৰাৰ অভিযোগ উত্থাপিত হৈছে।এতিয়া  ম্যানহাটান জিলা আদালতে বিষয়টো তদন্ত কৰি আছে।  প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে ষ্টৰ্মি ডেনিয়েলছ নামৰ পৰ্ণ তাৰকাগৰাকীক  ট্ৰাম্পৰ গোপন কথা নক’বলৈ  এজন উকীলৰ জৰিয়তে ১,৩০,০০০ ডলাৰ প্ৰেৰণ কৰাৰ অভিযোগ উঠিছিল। ট্ৰাম্পে অৱশ্যে সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে আৰু এয়া তেওঁৰ চৰিত্ৰত কালিমা সানিবলৈ দুষ্ট চক্ৰই কৰা কাম বুলি কৈ আহিছে। 

ম্যানহাটান আদালতৰ মুখ্য অভিযোজকৰ সচিবালয়ক আক্ৰমণ কৰি ট্ৰাম্পে  কয়, "দুৰ্নীতিগ্ৰস্ত আৰু ৰাজনৈতিকভাৱে পক্ষপাতদুষ্ট এই সচিবালয়ে মোক বাধা দিবলৈ চেষ্টা কৰি আছে, যাতে মই ২০২৪ চনত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব নোৱাৰো’’। 

২০২০ চনৰ নিৰ্বাচনত জয়ী হ'বলৈ ট্ৰাম্পে শ্লোগান দিছিল, "মেক আমেৰিকা গ্ৰেট এগেইন।" "এইবাৰ ট্ৰাম্পে তেওঁৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ ওফৰাই  দেশৰ গৌৰৱ পুনৰুদ্ধাৰ কৰিবলৈ সমৰ্থকসকলক আহ্বান জনাইছে। তেওঁ দাবী কৰে যে তেওঁ ৰিপাব্লিকান প্ৰাৰ্থী হিচাপে জিকিব। ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ডেনিয়েলক উৎকোচ দিয়া হৈছিল বুলি অভিযোগ কৰা হৈছিল। ট্ৰাম্পৰ ঘনিষ্ঠ সূত্ৰ অনুসৰি ট্ৰাম্প আগতে ডেনিয়েলৰ সৈতে মধুৰ সম্পৰ্ক আছিল। ডেনিয়েলে পিছত ট্ৰাম্পৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছিল। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ