--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৌতুকেই কাল হ’ল এগৰাকী যুৱতীৰ। ধেমালিৰ বাবেই হেৰুৱালে প্ৰেমৰ সম্পৰ্ক। ধেমালিৰ চলতে এটা অনলাইন ডেটিং এপত প্ৰেমিকৰ নামত একাউণ্ট খুলিছিল যুৱতীগৰাকীয়ে। কিন্তু প্ৰেমিকজনে সেই ডেটিং এপটোৰ জৰিয়তেই গোপনে যুৱতীগৰাকীক প্ৰতাৰণা কৰিলে। এতিয়া যুৱতীগৰাকী মৰ্মাহত হৈ পৰিছে। শেহতীয়াকৈ তেওঁ ছ’চিয়েল মিডিয়াত নিজৰ চূড়ান্ত মূৰ্খামিৰ কথা কৈছে।

যুৱতীগৰাকীয়ে কেইবাবছৰ ধৰি প্ৰেমিকজনৰ সম্পৰ্কত থকা বুলি জানিবলৈ দিয়ে। দুয়োৰে মাজত ভালপোৱা আছিল। যিকোনো সমস্যাত ইজনে সিজনৰ কাষত থিয় দিছিল। আত্মবিশ্বাসৰ অভাৱত ভুগিছিল প্ৰেমিকজন। তেওঁ ভাবিছিল যে তেওঁৰ চেহেৰা ভাল নহয়। বাহিৰৰ মানুহৰ লগত কথা পাতিবলৈও সি লাজ অনুভৱ কৰিছিল। যুৱতীগৰাকীয়ে বাৰে বাৰে কৈছিল যে এনে চিন্তা ভুল। এই ধাৰণাটো ভাঙিবলৈকে মূলতঃ অনলাইন ডেটিং এপত প্ৰেমিকৰ এটা প্ৰফাইল খুলি দিছিল। তেওঁ এই কাম কৰিছিল প্ৰেমিকৰ আত্মবিশ্বাস বৃদ্ধিৰ বাবে আৰু তেওঁ যে যথেষ্ট সুদৰ্শন সেই কথা দেখুৱাবলৈ। ডেটিং এপটোত প্ৰেমিকজনলৈ অনুৰোধো আহে কেইগৰাকীমান মহিলাৰ প্ৰফাইলৰ পৰা। সেই সময়ত যুৱতীগৰাকীয়ে এইসমূহৰ প্ৰতি বিশেষ গুৰুত্ব নিদিছিল।

এই ঘটনাৰ কেইমাহমানৰ পাছত প্ৰেমিকৰ ডেটিং এপ প্ৰফাইল খুলি তাইৰ চকু দুটা ডাঙৰ হৈ গ’ল। আন যুৱতীৰ লগত প্ৰেমিকৰ ফ্লাৰ্টী কথা-বতৰা দেখা পালে। সেই সকলোবোৰ কথা পঢ়াৰ পাছত বুজিব পাৰিলে যে প্ৰেমিকজন ইতিমধ্যে গোপনে বহুতো যুৱতীক লগ কৰিবলৈ গৈছিল। এই সকলোবোৰ দেখি যুৱতীগৰাকী ভাঙি পৰিল।  প্ৰথমতে তেওঁ অস্বীকাৰ কৰিছিল যদিও প্ৰমাণৰ বাবে প্ৰেমিকজনৰ কথা ক’বলৈ আৰু মুখ নাছিল।

যুৱতীগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, ‘মোৰ লগত এনেকুৱা হ’ব পাৰে বুলি মই কল্পনা কৰিব নোৱাৰো। মোৰ বাবে এয়া প্ৰাপ্য নাছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ