--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৌতুকেই কাল হ’ল এগৰাকী যুৱতীৰ। ধেমালিৰ বাবেই হেৰুৱালে প্ৰেমৰ সম্পৰ্ক। ধেমালিৰ চলতে এটা অনলাইন ডেটিং এপত প্ৰেমিকৰ নামত একাউণ্ট খুলিছিল যুৱতীগৰাকীয়ে। কিন্তু প্ৰেমিকজনে সেই ডেটিং এপটোৰ জৰিয়তেই গোপনে যুৱতীগৰাকীক প্ৰতাৰণা কৰিলে। এতিয়া যুৱতীগৰাকী মৰ্মাহত হৈ পৰিছে। শেহতীয়াকৈ তেওঁ ছ’চিয়েল মিডিয়াত নিজৰ চূড়ান্ত মূৰ্খামিৰ কথা কৈছে।

যুৱতীগৰাকীয়ে কেইবাবছৰ ধৰি প্ৰেমিকজনৰ সম্পৰ্কত থকা বুলি জানিবলৈ দিয়ে। দুয়োৰে মাজত ভালপোৱা আছিল। যিকোনো সমস্যাত ইজনে সিজনৰ কাষত থিয় দিছিল। আত্মবিশ্বাসৰ অভাৱত ভুগিছিল প্ৰেমিকজন। তেওঁ ভাবিছিল যে তেওঁৰ চেহেৰা ভাল নহয়। বাহিৰৰ মানুহৰ লগত কথা পাতিবলৈও সি লাজ অনুভৱ কৰিছিল। যুৱতীগৰাকীয়ে বাৰে বাৰে কৈছিল যে এনে চিন্তা ভুল। এই ধাৰণাটো ভাঙিবলৈকে মূলতঃ অনলাইন ডেটিং এপত প্ৰেমিকৰ এটা প্ৰফাইল খুলি দিছিল। তেওঁ এই কাম কৰিছিল প্ৰেমিকৰ আত্মবিশ্বাস বৃদ্ধিৰ বাবে আৰু তেওঁ যে যথেষ্ট সুদৰ্শন সেই কথা দেখুৱাবলৈ। ডেটিং এপটোত প্ৰেমিকজনলৈ অনুৰোধো আহে কেইগৰাকীমান মহিলাৰ প্ৰফাইলৰ পৰা। সেই সময়ত যুৱতীগৰাকীয়ে এইসমূহৰ প্ৰতি বিশেষ গুৰুত্ব নিদিছিল।

এই ঘটনাৰ কেইমাহমানৰ পাছত প্ৰেমিকৰ ডেটিং এপ প্ৰফাইল খুলি তাইৰ চকু দুটা ডাঙৰ হৈ গ’ল। আন যুৱতীৰ লগত প্ৰেমিকৰ ফ্লাৰ্টী কথা-বতৰা দেখা পালে। সেই সকলোবোৰ কথা পঢ়াৰ পাছত বুজিব পাৰিলে যে প্ৰেমিকজন ইতিমধ্যে গোপনে বহুতো যুৱতীক লগ কৰিবলৈ গৈছিল। এই সকলোবোৰ দেখি যুৱতীগৰাকী ভাঙি পৰিল।  প্ৰথমতে তেওঁ অস্বীকাৰ কৰিছিল যদিও প্ৰমাণৰ বাবে প্ৰেমিকজনৰ কথা ক’বলৈ আৰু মুখ নাছিল।

যুৱতীগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, ‘মোৰ লগত এনেকুৱা হ’ব পাৰে বুলি মই কল্পনা কৰিব নোৱাৰো। মোৰ বাবে এয়া প্ৰাপ্য নাছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা