--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বজাৰৰ ভীৰৰ মাজতে এগৰাকী যুৱতীক ধাৰাল অস্ত্ৰ লৈ আক্ৰমণ কৰে এজন দুৰ্বৃত্তই। যুৱতীগৰাকীৰ স্তন, হাত আৰু কাণ কাটি নিয়ে দুৰ্বত্তজনে। তাৰপাছতে যুৱতীগৰাকীক হস্পিতালত ভৰ্তি কৰোৱা হয়। হস্পিতালতে তেওঁৰ মৃত্যু হৈছে।

চাঞ্চল্যজনক এই ঘটনাটো সংঘটিত হৈছে বিহাৰৰ ভাগলপুৰত। আৰক্ষীয়ে জনোৱামতে, যুৱতীগৰাকী বিবাহিতা আছিল। বজাৰখনলৈ তেওঁ নিয়মীয়াকৈ অহা যোৱা কৰিছিল।

শনিবাৰেও নিত্যপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰিবলৈ বজাৰলৈ গৈছিল তেওঁ। সেই সময়তে এটা পাত্ৰৰ মাজত ধাৰাল অস্ত্ৰ সুমুৱাই বজাৰত হাজিৰ হয় অভিযুক্ত দুৰ্বৃত্তজন। নাম তেওঁৰ মহম্মদ শ্বাকিল।

আৰক্ষীয়ে জনায় যে বজাৰৰ ভীৰৰ মাজতে শ্বাকিলে যুৱতীগৰাকীক আক্ৰমণ কৰে। কাটি পেলায় যুৱতীগৰাকীৰ স্তন, দুয়োখন হাত আৰু কাণ। শৰীৰৰ একাধিক অংশত অস্ত্ৰৰে আঘাট কৰা হয়।

তাৰপাছতে ঘটনাস্থলীৰ পৰা পলাই যায় শ্বাকিল। ৰক্তাক্ত অৱস্থাত পৰি ৰয় যুৱতীগৰাকী। আৰক্ষী আহি উপস্থিত হয়। সমীপৱৰ্তী এখন মেডিকেল কলেজত তেওঁক ভৰ্তি কৰোৱা হয়।

কিন্তু চিকিৎসা চলি থকা অৱস্থাতে যুৱতীগৰাকীৰ মৃত্যু হয়। চিকিৎসকসকলে কয় যে অতিৰিক্ত ৰক্তক্ষৰণৰ বাবে তেওঁৰ মৃত্যু হৈছে।

আনহাতে, কিয় এই ঘটনাটো সংঘটিত হ’ল, সেই লৈও চৰ্চা চলিছে। যুৱতীগৰাকীৰ স্বামীয়ে জনোৱামতে, অভিযুক্ত শ্বাকিলৰ স’তে তেওঁলোকৰ কোনো শত্ৰুতা নাছিল। 

সম্প্ৰতি শ্বাকিলক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদুপৰি ঘটনাটোত জড়িত থকাৰ সন্দেহত পাঁচজন লোকক আটক কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু