--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বজাৰৰ ভীৰৰ মাজতে এগৰাকী যুৱতীক ধাৰাল অস্ত্ৰ লৈ আক্ৰমণ কৰে এজন দুৰ্বৃত্তই। যুৱতীগৰাকীৰ স্তন, হাত আৰু কাণ কাটি নিয়ে দুৰ্বত্তজনে। তাৰপাছতে যুৱতীগৰাকীক হস্পিতালত ভৰ্তি কৰোৱা হয়। হস্পিতালতে তেওঁৰ মৃত্যু হৈছে।

চাঞ্চল্যজনক এই ঘটনাটো সংঘটিত হৈছে বিহাৰৰ ভাগলপুৰত। আৰক্ষীয়ে জনোৱামতে, যুৱতীগৰাকী বিবাহিতা আছিল। বজাৰখনলৈ তেওঁ নিয়মীয়াকৈ অহা যোৱা কৰিছিল।

শনিবাৰেও নিত্যপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰিবলৈ বজাৰলৈ গৈছিল তেওঁ। সেই সময়তে এটা পাত্ৰৰ মাজত ধাৰাল অস্ত্ৰ সুমুৱাই বজাৰত হাজিৰ হয় অভিযুক্ত দুৰ্বৃত্তজন। নাম তেওঁৰ মহম্মদ শ্বাকিল।

আৰক্ষীয়ে জনায় যে বজাৰৰ ভীৰৰ মাজতে শ্বাকিলে যুৱতীগৰাকীক আক্ৰমণ কৰে। কাটি পেলায় যুৱতীগৰাকীৰ স্তন, দুয়োখন হাত আৰু কাণ। শৰীৰৰ একাধিক অংশত অস্ত্ৰৰে আঘাট কৰা হয়।

তাৰপাছতে ঘটনাস্থলীৰ পৰা পলাই যায় শ্বাকিল। ৰক্তাক্ত অৱস্থাত পৰি ৰয় যুৱতীগৰাকী। আৰক্ষী আহি উপস্থিত হয়। সমীপৱৰ্তী এখন মেডিকেল কলেজত তেওঁক ভৰ্তি কৰোৱা হয়।

কিন্তু চিকিৎসা চলি থকা অৱস্থাতে যুৱতীগৰাকীৰ মৃত্যু হয়। চিকিৎসকসকলে কয় যে অতিৰিক্ত ৰক্তক্ষৰণৰ বাবে তেওঁৰ মৃত্যু হৈছে।

আনহাতে, কিয় এই ঘটনাটো সংঘটিত হ’ল, সেই লৈও চৰ্চা চলিছে। যুৱতীগৰাকীৰ স্বামীয়ে জনোৱামতে, অভিযুক্ত শ্বাকিলৰ স’তে তেওঁলোকৰ কোনো শত্ৰুতা নাছিল। 

সম্প্ৰতি শ্বাকিলক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদুপৰি ঘটনাটোত জড়িত থকাৰ সন্দেহত পাঁচজন লোকক আটক কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক