--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেচনেল কনফাৰেন্সৰ মুৰব্বী হিচাবে পুনৰ নিৰ্বাচিত হৈছে ফাৰুক আব্দুল্লা। দলটোৰ সভাপতি হিচাবে পুনৰ নিৰ্বাচিত হোৱাৰ পিছতে  আব্দুল্লাই কয় যে ২০১৮ চনত পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাটো "এটা ডাঙৰ ভুল" আছিল । তেওঁ লগতে কয় যে  দলটোৱে জম্মু-কাশ্মীৰৰ প্ৰতিটো  নিৰ্বাচনত ভৱিষ্যতে প্ৰতিদ্বন্দিতা কৰিব লাগিব৷ 

আব্দুল্লাই চৰকাৰ আৰু নিৰাপত্তা বাহিনীক কোনো নিৰ্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপ নকৰিবলৈও সকীয়াই দিয়ে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে শেহতীয়াকৈ এখন দলীয় বৈঠকত তেওঁৰ স্বাস্থ্যৰ বাবে পদৰ পৰা আঁতৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। পুনৰ নিৰ্বাচনৰ পিছত তেওঁ কয় যে যদিও তেওঁ আঁতৰি যাব বিচাৰিছিল আৰু যুৱ নেতৃত্বক দলটো চলাবলৈ দিব বিচাৰিছিল, কিন্তু দলৰ সমৰ্থকসকলে তেওঁক তেনে কৰিবলৈ নিদিলে। উল্লেখ্য  তেওঁ নেচনেল কনফাৰেন্স (এনচি)ৰ সভাপতি পদত বিনা প্ৰতিদ্বন্দিতাৰে পুনৰ নিৰ্বাচিত হৈছে।

 জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল হৈ থকালৈকে  নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে বুলি তেওঁৰ পুত্ৰ ওমৰ আব্দুল্লাৰ ঘোষণাৰ সন্দৰ্ভত জ্যেষ্ঠ নেতা আব্দুল্লাই কয়, "দলৰ সভাপতি হিচাপে মই  ওমৰ আব্দুল্লাহ কৈছো যে আমি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব লাগিব। কিয়নো যদি আমি তেওঁলোকৰ সৈতে যুঁজ দিব লগা হয়, তেন্তে আমি সকলোৱে নিৰ্বাচনত জঁপিয়াই পৰিব লাগিব," । 

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিয়ে "যিকোনো কাম কৰিব পাৰে, আনকি আমাৰ মানুহৰ  আনুগত্য ক্ৰয় কৰাৰো চেষ্টা  কৰিব পাৰে,কিন্তু ঈশ্বৰে তেওঁলোকৰ সকলো পৰিকল্পনা  বিফল কৰিব"। তেওঁ কয়  "কোনে কাক ভোট দিব সেয়া মানুহক সিদ্ধান্ত ল'বলৈ দিয়ক। অন্যথা, এনে ধুমুহা আহিব, যাক কোনেও  নিয়ন্ত্ৰণ কৰিব নোৱাৰিব," । 

আব্দুল্লাই কয়, "আমাৰ পৰিচয়ক লৈ যুদ্ধ চলি আছে। তেওঁলোকে ভাবিছিল যে অনুচ্ছেদ ৩৭০ কেৱল কাশ্মীৰৰ মুছলমানসকলৰ বাবে। কিন্তু আজি জম্মুৰ আন ৰাইজেও বুজি পাইছে যে অনুচ্ছেদ ৩৫এ আৰু ৩৭০ তেওঁলোকৰ বাবেও ভাল আছিল। আজি, আমাৰ কাৰ্যালয়বোৰ বাহিৰৰ বিষয়াৰে ভৰি আছে। কাশ্মীৰীসকল ভাল নহয় নেকি? আমাক দাস বনোৱা হৈছে আৰু দাসত্বৰ দিশে লৈ যোৱা হৈছে।  কিন্তু এই দাসত্ব নাথাকিব। ঈশ্বৰে ইচ্ছা কৰিলে, এই দাসত্বই এদিন ইয়াৰ নিজৰেই অন্ত্যেষ্টিক্ৰিয়া দেখিব" ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক