--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক হৃদয়বিদাৰক ঘটনা। এটা ঘৰৰ পৰা উদ্ধাৰ হৈছে একেটা পৰিয়ালৰে চাৰিজন সদস্যৰ মৃতদেহ। দিল্লীৰ জাফ্ৰাবাদ অঞ্চলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ইছৰাৰ নামৰ এজন ব্যৱসায়ীয়ে নিজৰ পত্নী আৰু দুগৰাকী নাবালিকা কন্যাক গুলীয়াই হত্যা কৰে আৰু পাছত তেওঁ নিজেও আত্মহত্যা কৰে। তথ্য অনুসৰি ব্যৱসায়ত হোৱা লোকচানৰ বাবেই ইছৰাৰে এনে এক ভয়ংকৰ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। ঘটনাটোৰ পিছতে জাফ্ৰাবাদ অঞ্চলৰ ৰাইজৰ চকুৰ টোপনি নোহোৱা হৈছে। 


এটা ঘৰত ৪ জনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। শুকুৰবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত আৰক্ষীয়ে তথ্য লাভ কৰে যে ইছৰাৰ নামৰ এজন লোকে পত্নী ফাৰহিন আৰু দুগৰাকী কন্যা ইনায়া(১২)আৰু যশিকা (১১)ক গুলীয়াই হত্যা কৰে। ইয়াৰ পিছতে লোকজনে নিজকে গুলীয়াই আত্মহত্যা কৰে। জানিব পৰা মতে প্ৰথমে ইছৰাৰে নিজৰ পত্নী আৰু কন্যাক নিচাযুক্ত দ্ৰব্য দি অচেতন কৰি তুলিছিল, তাৰ পিছত গুলীয়াই হত্যা কৰিছিল। ঘটনা সংঘটিত হোৱাৰ সময়ত থকা ইছৰাৰৰ দুজন পুত্ৰ তলৰ মহলাত আছিল। ইয়াৰ বাবেই তেওঁলোকৰ জীৱন ৰক্ষা পৰিল। 

৪ বছৰ আগতে চৌদি আৰৱৰ পৰা উভতি অহা ইছৰাৰে ইয়াত জিন্সৰ ব্যৱসায় কৰি আছিল। ইছৰাৰৰ পিতৃ-মাতৃ আৰু দুজন ভাতৃও একেটা ঘৰৰ তলৰ মহলাতে থাকে। কিন্তু এই ঘটনাটোৰ বিষয়ে কোনেও গম নাপালে।

ইছৰাৰৰ জিন্সৰ ব্যৱসায় আছিল আৰু তেওঁৰ ব্যৱসায়ত বহু লোকচান হৈ আছিল। সেইবাবেই তেওঁ এই অপৰাধ সংঘটিত কৰিছে। ইছৰাৰে এই হত্যাকাণ্ড সংঘটিত কৰাৰ পূৰ্বে মোবাইলৰ পৰা দুটাকৈ ভিডিঅ’ বনাইছে, য’ত তেওঁ আত্মহত্যাৰ কথা কৈছে। এই ভিডিঅ’টোও এতিয়া আৰক্ষীয়ে তদন্ত কৰি আছে।এই বিষয়ত ইছৰাৰৰ পৰিয়ালৰ সদস্য ছালিম আৰু শ্বাহীনে জনাইছে যে আমি বহু পিছতে এই বিষয়ে জানিব পাৰিলোঁ। তেওঁ কয় যে আগদিনা ইছৰাৰ এটা অনুষ্ঠানত আমাৰ ওচৰলৈ আহিছিল আৰু সেই সময়ছোৱাত তেওঁক কোনো ধৰণে বিচলিত হৈ থকা বা চিন্তাত থকা যেন লগা নাছিল।

 আৰক্ষীয়ে চাৰিটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰক্ষীয়ে ঘটনাটোত ব্যৱহৃত পিষ্টলটো উদ্ধাৰ কৰিছে।ইছৰাৰে ৪ আৰু ১৩ বছৰ বয়সৰ দুজন পুত্ৰক এৰি থৈ গৈছে। ব্যক্তিজনে এনে ভয়ংকৰ ঘটনা ব্যৱসায়িক ক্ষতিৰ বাবেই সংঘটিত কৰিলে নে অন্য কোনো কাৰণ আছে তাৰ তদন্তত নামি পৰিছে আৰক্ষী। উল্লেখ্য যে পৰিয়ালটোৰ কোনো পাৰিবাৰিক বিবাদ নাছিল। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আৰক্ষীয়ে প্ৰতিটো কোণৰ পৰা গোচৰটোৰ তদন্ত কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
অবৈধ খননৰ বাবে অসমৰ বান 'মানৱসৃষ্ট': কংগ্ৰেছৰ অভিযোগ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তদন্তৰ দাবী