--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত মহিলাক কেৱল ভোগৰ সামগ্ৰী বুলিয়ে গণ্য কৰা এক প্ৰথা চলি আহিছে। এই প্ৰচলিত সমাজ ব্যৱস্থাটোত মহিলাৰ নাথাকে কোনো স্ব-ইচ্ছা অথবা সিদ্ধান্ত গ্ৰহণৰ পৰিৱেশ। কাচিৎ কেতিয়াবা এই ৰুঢ় কঠিন প্ৰাচীৰ ভাঙি দুই-এক মহিলা ওলাই আহে যদিও সেয়াও এপাচি শাকত এটি জালুকৰ দৰে। প্ৰতিপল এই সকল মহিলাই সামাজিকভাৱে সহ্য কৰিবলগীয়া হয় অলেখ লাঞ্ছনাৰ।

দেশৰ সংবাদ মাধ্যমত দৈনিক প্ৰকাশিত হয় ব্যাপক হাৰত নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ ঘটনা। ক্ৰমশ: ই হৈ পৰিছে খবৰৰ মাজৰ এটা সাধাৰণ খবৰ। শেহতীয়াকৈ প্ৰকাশিত এনে এক খবৰেই সম্প্ৰতি লাভ কৰিছে ব্যাপক চৰ্চা। প্ৰেমৰ নামত প্ৰবঞ্চনাৰ বলি হৈ কেৱল দৈহিক সম্ভোগৰ বাবে ব্যৱহাৰ্য এটা মাত্ৰ পাৰ্থিৱ শৰীৰত পৰিণত হোৱা এগৰাকী মহিলাই অৱশেষত নৃশংস অত্যাচাৰৰ বলি হৈ আত্মহত্যাৰ পথ বাচি ল’বলৈ বাধ্য হৈছে। যোৱা ৫ জুলাইত দক্ষিণ-পূব দিল্লীৰ জৈতপুৰ অঞ্চলত সংঘটিত হৈছে এই নিদাৰুণ ঘটনা।

ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে আৰক্ষীয়ে মহিলাগৰাকীয়ে এৰি যোৱা এক চুইচাইড নোটৰ উদ্ধৃতি দি কয় যে এগৰাকী ৩৩ বছৰীয়া মহিলাই আঠ বছৰৰ ভিতৰত তেওঁৰ লিভ-ইন সঙ্গীৰ দ্বাৰা ১৪ বাৰ গৰ্ভপাত কৰিবলৈ বাধ্য হোৱাৰ পিছত আত্মহত্যা কৰিছে।

হিন্দীত লিখা চুইচাইড নোটত মহিলাগৰাকীয়ে অভিযোগ কৰে যে তেওঁ এজন ব্যক্তিৰ সৈতে লিভ-ইন সম্পৰ্কত আছিল। এই ব্যক্তি গৰাকীয়ে বিবাহৰ প্ৰতিশ্ৰুতি দি তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। কিন্তু দীৰ্ঘদিনীয়া সম্পৰ্কৰ পাছতো ব্যক্তিগৰাকীয়ে মহিলা গৰাকীক বিয়া কৰিবলৈ অস্বীকাৰ কৰে। এনে অৱস্থাত কোনো বিকল্প পথ বিচাৰি নাপাই তেওঁ আত্মহত্যাৰ পথ বাচি লয় বুলি মহিলাগৰাকীয়ে চুইচাইড নোটত লিখি থৈ যায়।

স্থানীয় আৰক্ষী আয়ুক্ত এষা পাণ্ডেয়ে জানিবলৈ দিয়া মতে ৫ জুলাইত জৈতপুৰত এগৰাকী মহিলাই আত্মহত্যা কৰাৰ সন্দৰ্ভত তেওঁলোকে এটা ফোনকল যোগে খবৰ লাভ কৰে। লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু কোঠাত ওলমি থকা অৱস্থাত এগৰাকী মহিলাক উদ্ধাৰ কৰে। তাৎক্ষণিকভাৱে তেওঁক এইমছলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ সময়ত ফাঁচীৰ বাবে ব্যৱহৃত ৰচী আৰু মৃতকৰ ম'বাইল ফোন জব্দ কৰে। প্ৰাথমিক অনুসন্ধানৰ পিছত মহিলাগৰাকীয়ে যোৱা সাত-আঠ বছৰ ধৰি তেওঁৰ স্বামীৰ পৰা পৃথকে বাস কৰি থকাৰ বিষয়ে প্ৰকাশ পাইছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।

ঘটনাৰ পিছতে আৰক্ষীয়ে বিহাৰৰ মুজাফ্ফৰপুৰত বাস কৰা মহিলাগৰাকীৰ পৰিয়ালক এই বিষয়ে অৱগত কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটো তেওঁলোকক হস্তান্তৰ কৰা হয় বুলি আৰক্ষী বিষয়া গৰাকীয়ে লগতে কয়।

আনহাতে এই ঘটনাৰ অভিযুক্ত ব্যক্তিজন নয়ডাৰ এটা ছফ্টৱেৰ ফাৰ্মত কাম কৰে বুলি আৰক্ষীয়ে সদৰি কৰিছে। ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৬ (আত্মহত্যাৰ প্ৰৰোচনা), ৩৭৬ (ধৰ্ষণ) আৰু ৩১৩ (মহিলাৰ সন্মতি অবিহনে গৰ্ভপাত কৰা) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ লগতে আৰু পৰৱৰ্তী তদন্ত অব্যাহত ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আৰক্ষীয়ে মৃত পহিলাগৰাকীৰ স্বামীকো সোধা-পোছাৰ বাবে আৰক্ষী থানালৈ মাতি নিয়ে। অৱশ্যে তেওঁ আৰক্ষীৰ আগত তেওঁলোক দুয়োৰে মাজত আঠ বছৰ পূৰ্বেই বিচ্ছেদ হোৱা বুলি স্পষ্ট কৰি দিয়ে। আনহাতে আৰক্ষীয়ে মূল অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ অনুসন্ধান অভিযান চলাই থকা হৈছে বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
অবৈধ খননৰ বাবে অসমৰ বান 'মানৱসৃষ্ট': কংগ্ৰেছৰ অভিযোগ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তদন্তৰ দাবী