--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত মহিলাক কেৱল ভোগৰ সামগ্ৰী বুলিয়ে গণ্য কৰা এক প্ৰথা চলি আহিছে। এই প্ৰচলিত সমাজ ব্যৱস্থাটোত মহিলাৰ নাথাকে কোনো স্ব-ইচ্ছা অথবা সিদ্ধান্ত গ্ৰহণৰ পৰিৱেশ। কাচিৎ কেতিয়াবা এই ৰুঢ় কঠিন প্ৰাচীৰ ভাঙি দুই-এক মহিলা ওলাই আহে যদিও সেয়াও এপাচি শাকত এটি জালুকৰ দৰে। প্ৰতিপল এই সকল মহিলাই সামাজিকভাৱে সহ্য কৰিবলগীয়া হয় অলেখ লাঞ্ছনাৰ।

দেশৰ সংবাদ মাধ্যমত দৈনিক প্ৰকাশিত হয় ব্যাপক হাৰত নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ ঘটনা। ক্ৰমশ: ই হৈ পৰিছে খবৰৰ মাজৰ এটা সাধাৰণ খবৰ। শেহতীয়াকৈ প্ৰকাশিত এনে এক খবৰেই সম্প্ৰতি লাভ কৰিছে ব্যাপক চৰ্চা। প্ৰেমৰ নামত প্ৰবঞ্চনাৰ বলি হৈ কেৱল দৈহিক সম্ভোগৰ বাবে ব্যৱহাৰ্য এটা মাত্ৰ পাৰ্থিৱ শৰীৰত পৰিণত হোৱা এগৰাকী মহিলাই অৱশেষত নৃশংস অত্যাচাৰৰ বলি হৈ আত্মহত্যাৰ পথ বাচি ল’বলৈ বাধ্য হৈছে। যোৱা ৫ জুলাইত দক্ষিণ-পূব দিল্লীৰ জৈতপুৰ অঞ্চলত সংঘটিত হৈছে এই নিদাৰুণ ঘটনা।

ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে আৰক্ষীয়ে মহিলাগৰাকীয়ে এৰি যোৱা এক চুইচাইড নোটৰ উদ্ধৃতি দি কয় যে এগৰাকী ৩৩ বছৰীয়া মহিলাই আঠ বছৰৰ ভিতৰত তেওঁৰ লিভ-ইন সঙ্গীৰ দ্বাৰা ১৪ বাৰ গৰ্ভপাত কৰিবলৈ বাধ্য হোৱাৰ পিছত আত্মহত্যা কৰিছে।

হিন্দীত লিখা চুইচাইড নোটত মহিলাগৰাকীয়ে অভিযোগ কৰে যে তেওঁ এজন ব্যক্তিৰ সৈতে লিভ-ইন সম্পৰ্কত আছিল। এই ব্যক্তি গৰাকীয়ে বিবাহৰ প্ৰতিশ্ৰুতি দি তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। কিন্তু দীৰ্ঘদিনীয়া সম্পৰ্কৰ পাছতো ব্যক্তিগৰাকীয়ে মহিলা গৰাকীক বিয়া কৰিবলৈ অস্বীকাৰ কৰে। এনে অৱস্থাত কোনো বিকল্প পথ বিচাৰি নাপাই তেওঁ আত্মহত্যাৰ পথ বাচি লয় বুলি মহিলাগৰাকীয়ে চুইচাইড নোটত লিখি থৈ যায়।

স্থানীয় আৰক্ষী আয়ুক্ত এষা পাণ্ডেয়ে জানিবলৈ দিয়া মতে ৫ জুলাইত জৈতপুৰত এগৰাকী মহিলাই আত্মহত্যা কৰাৰ সন্দৰ্ভত তেওঁলোকে এটা ফোনকল যোগে খবৰ লাভ কৰে। লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু কোঠাত ওলমি থকা অৱস্থাত এগৰাকী মহিলাক উদ্ধাৰ কৰে। তাৎক্ষণিকভাৱে তেওঁক এইমছলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ সময়ত ফাঁচীৰ বাবে ব্যৱহৃত ৰচী আৰু মৃতকৰ ম'বাইল ফোন জব্দ কৰে। প্ৰাথমিক অনুসন্ধানৰ পিছত মহিলাগৰাকীয়ে যোৱা সাত-আঠ বছৰ ধৰি তেওঁৰ স্বামীৰ পৰা পৃথকে বাস কৰি থকাৰ বিষয়ে প্ৰকাশ পাইছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।

ঘটনাৰ পিছতে আৰক্ষীয়ে বিহাৰৰ মুজাফ্ফৰপুৰত বাস কৰা মহিলাগৰাকীৰ পৰিয়ালক এই বিষয়ে অৱগত কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটো তেওঁলোকক হস্তান্তৰ কৰা হয় বুলি আৰক্ষী বিষয়া গৰাকীয়ে লগতে কয়।

আনহাতে এই ঘটনাৰ অভিযুক্ত ব্যক্তিজন নয়ডাৰ এটা ছফ্টৱেৰ ফাৰ্মত কাম কৰে বুলি আৰক্ষীয়ে সদৰি কৰিছে। ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৬ (আত্মহত্যাৰ প্ৰৰোচনা), ৩৭৬ (ধৰ্ষণ) আৰু ৩১৩ (মহিলাৰ সন্মতি অবিহনে গৰ্ভপাত কৰা) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ লগতে আৰু পৰৱৰ্তী তদন্ত অব্যাহত ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আৰক্ষীয়ে মৃত পহিলাগৰাকীৰ স্বামীকো সোধা-পোছাৰ বাবে আৰক্ষী থানালৈ মাতি নিয়ে। অৱশ্যে তেওঁ আৰক্ষীৰ আগত তেওঁলোক দুয়োৰে মাজত আঠ বছৰ পূৰ্বেই বিচ্ছেদ হোৱা বুলি স্পষ্ট কৰি দিয়ে। আনহাতে আৰক্ষীয়ে মূল অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ অনুসন্ধান অভিযান চলাই থকা হৈছে বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক