--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰায় ২৫০০ বছৰ আগতে চাণক্যই কৈ গৈছিল সমাজৰ হিতৰ বাবে নানা কথা। সেই কথাবোৰ আজিও সমাজত প্ৰাসংগিক হৈ আছে। চাণক্যৰ নীতিসমূহৰ আধাৰতে আজিও ৰাজনীতি-সমাজনীতি আদি চালিত হৈ আছে বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। চাণক্যই মানুহৰ চৰিত্ৰ সম্পৰ্কেও বহু কথা কৈ গৈছে। চাণক্যই চতুৰ মানুহৰ তিনিটা লক্ষণৰ কথা উল্লেখ কৰিছে। চাণক্যৰ মতে চতুৰ মানুহে এই তিনিটা কথা কেতিয়াও আনৰ আগত নকয়—

১. আৰ্থিক অৱস্থাৰ কথা
চাণক্যৰ মতে চতুৰ মানুহে কেতিয়াও তেওঁৰ আৰ্থিক অৱস্থা বেলেগৰ সন্মুখত উদঙাই নিদিয়ে  । নিজৰ আৰ্থিক অৱস্থা লাওলোৱা যেন হ'লেও সেই কথা আনৰ আগত কৈ লাভ নাই, সেয়া চতুৰ মানুহে ভালদৰে বুজি পায়। আনৰ আগত নিজৰ আৰ্থিক দুৰ্দশাৰ কথা ক'লে আনে উপলুঙা অথবা অৱজ্ঞা কৰিব পাৰে। এই ক্ষেত্ৰত আনে সুবিধাও ল'ব বিচাৰিব পাৰে। সেয়ে চতুৰ মানুহে কেতিয়াও আনৰ আগত নিজৰ আৰ্থিক অৱস্থাৰ কথা প্ৰকাশ নকৰে।

২. আনে  অপমান কৰাৰ কথা
 চতুৰ মানুহে কেতিয়াও কোনোৱাই তেওঁক অপমান কৰিলে সেই কথা আনৰ আগত কৈ সহানুভূতি বিচাৰিবলৈ নাযায়। আনে কৰা অপমানৰ কথা প্ৰচাৰ কৰি 
ফুৰিলে লোক এজনৰ গুৰুত্ব কমি যায় বুলি চতুৰ মানুহে ভালদৰে বুজি পায়। আনে কৰা অপমানৰ কথা কৈ ফুৰিলে তেওঁ হাঁহিৰ পাত্ৰ হ’ব পাৰে আৰু  আত্মসন্মান হেৰুৱাব পাৰে বুলি চতুৰ মানুহে ভালদৰে জানে। সেয়ে আনে কৰা অপমানৰ কথা তেওঁ নিজৰ মাজতে ৰাখে, সেয়া ৰাষ্ট্ৰ নকৰে।

৩. পত্নীৰ চৰিত্ৰৰ
 চতুৰ মানুহে নিজৰ পত্নীৰ চৰিত্ৰৰ কথা কোনো পৰিস্থিতিতে আনৰ আগত নকয়। পত্নীৰ স্বভাৱ-চৰিত্ৰ যদি বেয়াও হয় সেই বিষয়ে আনক ক'লে আনে হঁহাৰহে সুবিধা পাব। সেয়ে চতুৰ মানুহে নিজৰ পত্নীৰ স্বভাৱৰ কথা কেতিয়াও আনৰ আগত নকয়।তদুপৰি চতুৰ মানুহে কেতিয়াও আনৰ আগত পত্নীক বেয়া ব্যৱহাৰ নকৰে। এনে কৰিলে তেওঁ হাঁহিয়াতৰ পাত্ৰ হৈ পৰিব পাৰে বুলি ভালদৰেই বুজি পায়। সেয়ে চতুৰ মানুহে সদায়েই সকলো কথা ভাবি-চিন্তিহে  কৰে।
(ঘোষণাঃ এয়া চাণক্যনীতিৰ ওপৰত আধাৰিত কথাহে। ইয়াত আমাৰ কোনো ব্যক্তিগত দৃষ্টিভংগী প্ৰতিফলিত হোৱা নাই)

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা