--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰায় ২৫০০ বছৰ আগতে চাণক্যই কৈ গৈছিল সমাজৰ হিতৰ বাবে নানা কথা। সেই কথাবোৰ আজিও সমাজত প্ৰাসংগিক হৈ আছে। চাণক্যৰ নীতিসমূহৰ আধাৰতে আজিও ৰাজনীতি-সমাজনীতি আদি চালিত হৈ আছে বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। চাণক্যই মানুহৰ চৰিত্ৰ সম্পৰ্কেও বহু কথা কৈ গৈছে। চাণক্যই চতুৰ মানুহৰ তিনিটা লক্ষণৰ কথা উল্লেখ কৰিছে। চাণক্যৰ মতে চতুৰ মানুহে এই তিনিটা কথা কেতিয়াও আনৰ আগত নকয়—

১. আৰ্থিক অৱস্থাৰ কথা
চাণক্যৰ মতে চতুৰ মানুহে কেতিয়াও তেওঁৰ আৰ্থিক অৱস্থা বেলেগৰ সন্মুখত উদঙাই নিদিয়ে  । নিজৰ আৰ্থিক অৱস্থা লাওলোৱা যেন হ'লেও সেই কথা আনৰ আগত কৈ লাভ নাই, সেয়া চতুৰ মানুহে ভালদৰে বুজি পায়। আনৰ আগত নিজৰ আৰ্থিক দুৰ্দশাৰ কথা ক'লে আনে উপলুঙা অথবা অৱজ্ঞা কৰিব পাৰে। এই ক্ষেত্ৰত আনে সুবিধাও ল'ব বিচাৰিব পাৰে। সেয়ে চতুৰ মানুহে কেতিয়াও আনৰ আগত নিজৰ আৰ্থিক অৱস্থাৰ কথা প্ৰকাশ নকৰে।

২. আনে  অপমান কৰাৰ কথা
 চতুৰ মানুহে কেতিয়াও কোনোৱাই তেওঁক অপমান কৰিলে সেই কথা আনৰ আগত কৈ সহানুভূতি বিচাৰিবলৈ নাযায়। আনে কৰা অপমানৰ কথা প্ৰচাৰ কৰি 
ফুৰিলে লোক এজনৰ গুৰুত্ব কমি যায় বুলি চতুৰ মানুহে ভালদৰে বুজি পায়। আনে কৰা অপমানৰ কথা কৈ ফুৰিলে তেওঁ হাঁহিৰ পাত্ৰ হ’ব পাৰে আৰু  আত্মসন্মান হেৰুৱাব পাৰে বুলি চতুৰ মানুহে ভালদৰে জানে। সেয়ে আনে কৰা অপমানৰ কথা তেওঁ নিজৰ মাজতে ৰাখে, সেয়া ৰাষ্ট্ৰ নকৰে।

৩. পত্নীৰ চৰিত্ৰৰ
 চতুৰ মানুহে নিজৰ পত্নীৰ চৰিত্ৰৰ কথা কোনো পৰিস্থিতিতে আনৰ আগত নকয়। পত্নীৰ স্বভাৱ-চৰিত্ৰ যদি বেয়াও হয় সেই বিষয়ে আনক ক'লে আনে হঁহাৰহে সুবিধা পাব। সেয়ে চতুৰ মানুহে নিজৰ পত্নীৰ স্বভাৱৰ কথা কেতিয়াও আনৰ আগত নকয়।তদুপৰি চতুৰ মানুহে কেতিয়াও আনৰ আগত পত্নীক বেয়া ব্যৱহাৰ নকৰে। এনে কৰিলে তেওঁ হাঁহিয়াতৰ পাত্ৰ হৈ পৰিব পাৰে বুলি ভালদৰেই বুজি পায়। সেয়ে চতুৰ মানুহে সদায়েই সকলো কথা ভাবি-চিন্তিহে  কৰে।
(ঘোষণাঃ এয়া চাণক্যনীতিৰ ওপৰত আধাৰিত কথাহে। ইয়াত আমাৰ কোনো ব্যক্তিগত দৃষ্টিভংগী প্ৰতিফলিত হোৱা নাই)
FOLLOW US F
POPULAR
FEATURE
TRENDY
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে