--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্য  প্ৰাচীন ভাৰতৰ অৰ্থশাস্ত্ৰৰ লেখক। আচাৰ্যই কৈছে যে এই পাঁচ প্ৰকাৰৰ লোকৰ সৈতে কেতিয়াও সম্পৰ্ক ৰাখিব  নালাগে। অন্যথা, আপোনাৰ জীৱনত দুখ আহিব পাৰে।কেনে লোকৰ পৰা দূৰত থকাৰ কথা কৈছে চাণক্যই জানো আহক-

এলেহুৱা লোক - অলসতা হৈছে মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। কিয়নো অলসতা মানুহৰ সফলতাৰ বাবে বাধা হৈ পৰে। এজন এলেহুৱা ব্যক্তিয়ে জীৱনৰ সঠিক সময় ব্যৱহাৰ কৰিব নোৱাৰে। অলসতাৰ বাবে ব্যক্তিজনেও তেওঁৰ কৰ্তব্যৰ পৰা আঁতৰি যায়। যিটোৱে তেওঁক আনৰ দৃষ্টিত বেয়া মানুহ কৰি তোলে।অলস লোকসকলে তেওঁলোকৰ স্বাস্থ্য বা তেওঁলোকৰ কামৰ যত্ন নলয়। যিসকলে অলস মানুহৰ সংস্পৰ্শলৈ আহে তেওঁলোকেও লাহে লাহে এলেহুৱা হৈ পৰে। গতিকে আচাৰ্য চাণক্যই কৈছে যে এলেহুৱা  মানুহৰ পৰা আঁতৰি থকাটো সদায়েই ভাল।

নাস্তিক – এনে বহু লোক  আছে যিয়ে ঈশ্বৰ আৰু ধৰ্মত বিশ্বাস নকৰে। ফলস্বৰূপে, তেওঁলোকৰ ধৰ্মৰ বিষয়ে তেওঁলোকৰ কোনো জ্ঞান নাথাকে। ধৰ্ম আৰু শাস্ত্ৰৰ বিষয়ত  বিশ্বাস নথকাৰ বাবে এনে লোকসকলে ভুল পথলৈ যায় আৰু বিভিন্ন পাপ কৰে। তেনে লোককো এৰাই চলিব লাগে৷ ধৰ্ম পালন নকৰাৰ বাবে তেওঁলোকে জঘন্য অপৰাধ কৰিবলৈ কুণ্ঠাবোধ নকৰে। ইয়াৰ ফলস্বৰূপে, তেওঁলোকে তেওঁলোকৰ জীৱন নৰক সদৃশ কৰি তোলে আৰু আনকি যিসকলে তেওঁলোকৰ সৈতে লগ লাগে  তেওঁলোকেও ইয়াৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাাৱান্বিত  হয়। সেয়েহে, আচাৰ্য চাণক্যৰ মতে, এনে লোকৰ পৰা আঁতৰি থকাই ভাল।

খঙাল লোক- আচাৰ্য চাণক্যই সাধাৰণ কথাতে খং কৰা লোকসকলক দানৱৰ সৈতে তুলনা  কৰিছে। এইটো মনত ৰাখিব লাগে যে খঙে সদায় মানুহৰ  ক্ষতি কৰে।বহু সময়ত খঙাল মানুহবোৰ নিন্দা আৰু হাঁহিয়াতৰ পাত্ৰ হৈ পৰে৷খঙাল মানুহে তেওঁলোকৰ বন্ধু আৰু আত্মীয়সকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে। বহুসময়ত তেওঁলোকে হিতাহিত জ্ঞান হেৰুৱাই  বহু  বিপজ্জনক  কাম কৰিব পাৰে। গতিকে যদি আপুনি শান্তিত থাকিব বিচাৰে, তেওঁলোকৰ পৰা আঁতৰি থকাই ভাল।

ঈৰ্ষান্বিত লোক – যিসকলে আনৰ ভাল দেখিব নোৱাৰে তেওঁলোক কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে। তেওঁলোক নিশ্চিতভাৱে কূটনৈতিক আৰু পাপী লোক। তেওঁলোকে আনক সৰু কৰি তুলিবলৈ যিকোনো স্তৰলৈ যাব পাৰে। যদি আপুনি এনে লোকৰ সৈতে বন্ধুত্ব কৰে,আপুনিও আনক  ঈৰ্ষা কৰিবলৈ আৰম্ভ কৰিব পাৰে৷ গতিকে তেনে লোককো এৰাই চলাই ভাল৷ 

নিচাগ্ৰস্ত ব্যক্তি - সুৰা আৰু বিভিন্ন প্ৰকাৰৰ নিচাৰ প্ৰতি আসক্ত ব্যক্তিৰ  বহু সময়ত হিতাহিত জ্ঞান নোহোৱা হৈ পৰে। এনে এজন ব্যক্তিয়ে ভাল আৰু বেয়া বিচাৰ কৰাৰ ক্ষমতা হেৰুৱায়। তেওঁলোকে মাতাল হৈ কোনো বেয়া কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। যিসকলে এই লোকসকলৰ সৈতে বন্ধুত্ব কৰে তেওঁলোকও এটা সময়ত ধ্বংস হৈ যায়। গতিকে আচাৰ্য চাণক্যই এনে লোকৰ পৰাও আঁতৰি থাকিবলৈ কৈছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস