--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহুতেই সৌভাগ্যৰ প্ৰতীক হিচাবে ঘৰত লাফিং বুদ্ধৰ মূৰ্তি ৰাখে। কিন্তু লাফিং বুদ্ধৰ মূৰ্তি ৰখাৰ স্থান সদায় সঠিক হ’ব লাগে। নহ’লে লাভৰ সলনি লোকচান হোৱাৰহে ভয় থাকে। ফেংছুইয়ে লাফিং বুদ্ধ অর্থাৎ হাস্যৰত বুদ্ধৰ প্ৰতিকৃতি ঘৰত ৰখাটো অতি শুভ ফলদায়ক বুলি কৈ আহিছে। লাফিং বুদ্ধ হৈছে চীনা লোকসকলৰ বিশ্বাস অনুসৰি  ধনপ্রাপ্তিৰ দেৱতা। সেইবাবে চীনা লোকসকলে তেওঁলোকৰ ঘৰত সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক লাফিং বুদ্ধৰ প্ৰতিকৃতি ৰাখি আহিছে। 

সকলো লোকেই ঘৰৰ সৌভাগ্য আৰু সমৃদ্ধিৰ বাবে লাফিং বুদ্ধৰ মূৰ্তি ঘৰত ৰাখিব লাগে । লাফিং বুদ্ধৰ প্ৰতিকৃতি ঘৰত ৰাখিলেও সেই প্রতিকৃতিত কোনো ধৰণৰ পূজা-অৰ্চনা কৰিব নালাগে। ঘৰৰ এক নিৰ্দিষ্ট স্থানত সেই প্ৰতিকৃতি স্থাপন কৰিব লাগে ৷ ঘৰৰ কেনে স্থানত প্রতিকৃতি স্থাপন কৰা হৈছে তাৰ ওপৰতে নিৰ্ভৰ কৰিয়ে লাফিং বুদ্ধৰ মূর্তিয়ে সৃষ্টি কৰা শুভ ফল নিৰ্ভৰ কৰে। লাফিং বুদ্ধৰ মূৰ্তি কেতিয়াও শোৱনি কোঠা বা ৰান্ধনীশালত ৰাখিব নালাগে। 

লাফিং বুদ্ধৰ মূৰ্তি কেতিয়াও শ্ব’কেচৰ ভিতৰত আন সজোৱা সামগ্ৰীৰ সৈতে সজাই ৰাখিব নালাগে। এনেদৰে সজাই ৰখা লাফিং বুদ্ধৰ মূৰ্তিয়ে কোনো শুভ ফল প্ৰদান নকৰে। লাফিং বুদ্ধৰ মূৰ্তি সদায় ঘৰৰ প্রধান দৰ্জাৰ পিনে মুখ কৰি মাটিৰ পৰা কমেও ৩০ ইঞ্চি ওপৰত স্থাপন কৰিব লাগে। শুভ শক্তি সদায় ঘৰৰ প্ৰধান দুবাৰেৰে প্রৱেশ কৰে। 

শুভ শক্তিয়ে ঘৰৰ প্ৰধান দুৱাৰেৰে প্ৰৱেশ কৰাৰ সময়ত লাফিং বুদ্ধই সেই শুভ শক্তিক আদৰণি জনায়। সেইবাবে ঘৰৰ প্রধান দুৱাৰৰ মুখামুখিকৈ লাফিং বুদ্ধৰ মূৰ্তি স্থাপন কৰিব লাগে। যদি ঘৰৰ প্ৰধান দুৱাৰৰ মুখামুখিকৈ লাফিং বুদ্ধৰ মূৰ্তি ৰখাৰ সুবিধা নাথাকে তেন্তে প্রধান দুৱাৰৰ ওচৰে পাঁজৰে কোণাকোণিকৈ  সৰু টেবুলৰ ওপৰত লাফিং বুদ্ধৰ মূর্তি স্থাপন কৰিব লাগে।এনেদৰে সঠিক স্থানত লাফিং বুদ্ধ ৰাখিলে সুফল লাভ কৰিব পাৰি। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত