--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহুতেই সৌভাগ্যৰ প্ৰতীক হিচাবে ঘৰত লাফিং বুদ্ধৰ মূৰ্তি ৰাখে। কিন্তু লাফিং বুদ্ধৰ মূৰ্তি ৰখাৰ স্থান সদায় সঠিক হ’ব লাগে। নহ’লে লাভৰ সলনি লোকচান হোৱাৰহে ভয় থাকে। ফেংছুইয়ে লাফিং বুদ্ধ অর্থাৎ হাস্যৰত বুদ্ধৰ প্ৰতিকৃতি ঘৰত ৰখাটো অতি শুভ ফলদায়ক বুলি কৈ আহিছে। লাফিং বুদ্ধ হৈছে চীনা লোকসকলৰ বিশ্বাস অনুসৰি  ধনপ্রাপ্তিৰ দেৱতা। সেইবাবে চীনা লোকসকলে তেওঁলোকৰ ঘৰত সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক লাফিং বুদ্ধৰ প্ৰতিকৃতি ৰাখি আহিছে। 

সকলো লোকেই ঘৰৰ সৌভাগ্য আৰু সমৃদ্ধিৰ বাবে লাফিং বুদ্ধৰ মূৰ্তি ঘৰত ৰাখিব লাগে । লাফিং বুদ্ধৰ প্ৰতিকৃতি ঘৰত ৰাখিলেও সেই প্রতিকৃতিত কোনো ধৰণৰ পূজা-অৰ্চনা কৰিব নালাগে। ঘৰৰ এক নিৰ্দিষ্ট স্থানত সেই প্ৰতিকৃতি স্থাপন কৰিব লাগে ৷ ঘৰৰ কেনে স্থানত প্রতিকৃতি স্থাপন কৰা হৈছে তাৰ ওপৰতে নিৰ্ভৰ কৰিয়ে লাফিং বুদ্ধৰ মূর্তিয়ে সৃষ্টি কৰা শুভ ফল নিৰ্ভৰ কৰে। লাফিং বুদ্ধৰ মূৰ্তি কেতিয়াও শোৱনি কোঠা বা ৰান্ধনীশালত ৰাখিব নালাগে। 

লাফিং বুদ্ধৰ মূৰ্তি কেতিয়াও শ্ব’কেচৰ ভিতৰত আন সজোৱা সামগ্ৰীৰ সৈতে সজাই ৰাখিব নালাগে। এনেদৰে সজাই ৰখা লাফিং বুদ্ধৰ মূৰ্তিয়ে কোনো শুভ ফল প্ৰদান নকৰে। লাফিং বুদ্ধৰ মূৰ্তি সদায় ঘৰৰ প্রধান দৰ্জাৰ পিনে মুখ কৰি মাটিৰ পৰা কমেও ৩০ ইঞ্চি ওপৰত স্থাপন কৰিব লাগে। শুভ শক্তি সদায় ঘৰৰ প্ৰধান দুবাৰেৰে প্রৱেশ কৰে। 

শুভ শক্তিয়ে ঘৰৰ প্ৰধান দুৱাৰেৰে প্ৰৱেশ কৰাৰ সময়ত লাফিং বুদ্ধই সেই শুভ শক্তিক আদৰণি জনায়। সেইবাবে ঘৰৰ প্রধান দুৱাৰৰ মুখামুখিকৈ লাফিং বুদ্ধৰ মূৰ্তি স্থাপন কৰিব লাগে। যদি ঘৰৰ প্ৰধান দুৱাৰৰ মুখামুখিকৈ লাফিং বুদ্ধৰ মূৰ্তি ৰখাৰ সুবিধা নাথাকে তেন্তে প্রধান দুৱাৰৰ ওচৰে পাঁজৰে কোণাকোণিকৈ  সৰু টেবুলৰ ওপৰত লাফিং বুদ্ধৰ মূর্তি স্থাপন কৰিব লাগে।এনেদৰে সঠিক স্থানত লাফিং বুদ্ধ ৰাখিলে সুফল লাভ কৰিব পাৰি। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান