--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্যই মানুহৰ জীৱনশৈলীকলৈ নানা কথা কৈ গৈছে। চাণক্যৰ মতে ধনেই সকলো বুলি ভবাটো কেতিয়াও সমীচিন নহয়। ধন থাকিলে বিছনা খন কিনিব পাৰি টোপনি নোৱাৰি, খাদ্য কিনিব পাৰি ভোক নোৱাৰি। সেয়ে চাণক্যই ধনেই সকলো বুলি ভবাটো ভুল বুলি কৈছে। দৰাচলতে প্ৰায় ২৫০০ বছৰ আগতেই চাণক্যই কৈ যোৱা কথা বোৰ আজিও প্ৰাসংগিক হৈ আছে৷

 চাণক্যৰ নীতি শাস্ত্ৰৰ কথাবোৰ   জীৱনৰ পথত নিজকে চলাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ
আচাৰ্য চাণক্যই নৈতিকতা আৰু  ধন সম্পৰ্কীয়  গুৰুত্বপূৰ্ণ  নীতিৰ কথা কৈ গৈছে৷  প্ৰতিজন ব্যক্তিৰ জীৱনত ধনৰ এক বিশেষ গুৰুত্ব আছে। ধনেৰে তেওঁ তেওঁৰ প্ৰয়োজনীয়তাৰ লগতে তেওঁৰ ৰুচিবোৰো পূৰণ কৰিব পাৰে।

চাণক্যৰ কথাবোৰ বহুতৰে বাবে তিক্ত যেন লাগিব পাৰে, কিন্তু সেইবোৰে জীৱনত সফলতাক অনুপ্ৰাণিত কৰে। চাণক্য নীতি অনুসৰি, ধনতকৈ কোন তিনিটা বস্তু অধিক গুৰুত্বপূৰ্ণ জানি লও আহক-

বহু  মানুহে ধনকলৈ  গৌৰৱ কৰে,কিন্তু  ধনৰ গৌৰৱে মানুহ এজনক  আকাশৰ পৰা মাটিলৈ নমাই আনিব পাৰে। চাণক্যই কয় যে টকা হেৰুৱালে পুনৰ উপাৰ্জন কৰিব পাৰি, কিন্তু যদি তিনিটা বস্তু হেৰাই যায় তেন্তে তাক পুনৰ ঘূৰাই পাব নোৱাৰি৷ 
 আচাৰ্য চাণক্যৰ মতে, ধনতকৈ কোন তিনিটা বস্তু অধিক গুৰুত্বপূৰ্ণ জানো আহক

আত্মসন্মান – আত্মসন্মানে ব্যক্তি এজনৰ ব্যক্তিত্ব নিৰ্ধাৰণ কৰে। ধন হেৰুওৱালে  পুনৰ উপাৰ্জন কৰিব পাৰি, কিন্তু পুনৰ আত্মসন্মান প্ৰাপ্ত কৰা কঠিন। যদি কোনোবাই আত্মসন্মান সুৰক্ষিত কৰিবলৈ ধন ত্যাগ কৰিব লগা হয়, তেন্তে এইক্ষেত্ৰত  পিছ পৰি থাকিব নালাগে।

ধৰ্ম: ধৰ্ম সদায় সম্পদৰ উৰ্ধত। ধৰ্ম্মৰ জৰিয়তে এজন ব্যক্তিয়ে শুদ্ধ আৰু ভুলৰ মাজৰ পাৰ্থক্য বুজিব পাৰে। চাণক্যই কৈছিল যে যিজন ব্যক্তিয়ে ধন উপাৰ্জনৰ বাবে ধৰ্ম ত্যাগ কৰে, সমাজত তেওঁৰ মৰ্যাদা হ্ৰাস পায়। সেইকাৰণে ধৰ্মক সদায় ধনৰ ওপৰত ৰাখিব লাগে৷ 

প্ৰেম- চাণক্যই বিশ্বাস কৰে যে প্ৰেম টকাৰে ক্ৰয় কৰিব নোৱাৰি। গতিকে সম্পৰ্কটো সুৰক্ষিত কৰা উচিত। প্ৰেম নাথাকিলে পৰিয়াল আৰু প্ৰিয়জনৰ সন্মুখত ধনৰ কোনো মূল্য নাই। চাণক্য নীতি অনুসৰি এজন ব্যক্তি ধনী হ’লেও  যদি কোনেও তেওঁক ভাল নাপায় তেন্তে তেওঁ ধনী হোৱাটো অৰ্থহীন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
ছৈয়দা হামিদৰ বিৰুদ্ধে ১৫খন জিলাত অজাপৰ এজাহাৰ
ছাব-জুনিয়ৰ গাৰ্লছ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ; ফাইনেলত ঝাৰখণ্ড, মণিপুৰ
ভাৰতত মুছলমানৰ বাবে সদায় স্থান থাকিব: মোহন ভাগৱত
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি