--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চাণক্যই মানুহক নানান বিষয়ত সতৰ্ক কৰি গৈছে। তেওঁৰ মতে  কেতবোৰ বস্তুক বিশ্বাসত নলবলৈ পৰামৰ্শ দি গৈছে। সেইবোৰ হ'ল— নখযুক্ত হিংস্র পশু, শিংযুক্ত পশু, অস্ত্ৰধাৰী ৰজাৰ কৰ্মচাৰী, নদী, স্ত্ৰী, ৰজা আৰু ৰাজকুলৰ কৰ্মচাৰী। নখযুক্ত হিংস্র পশু যেনে বাঘ, সিংহ আদিয়ে কোন মুহূৰ্তত মানুহক আক্ৰমণ কৰে তাৰ কোনো নিশ্চয়তা নাই। এনে নখ-দন্তযুক্ত প্ৰাণীক বিশ্বাসত লোৱা মানে নিজৰ বিপদ নিজে মাতি অনা হ'ব।

চাণক্যৰ মতে নদীকো বিশ্বাস কৰিব নালাগে। কাৰণ শান্ত নদীয়ে হঠাতে অশান্ত ৰূপ ধাৰণ কৰি মানুহৰ মৃত্যু মাতি আনিব পাৰে। শিং যুক্ত প্ৰাণী, ঘৰচীয়াই হওক বা বনৰীয়াই 
হওক কেতিয়াও বিশ্বাস কৰিব নালাগে। কিয়নো এনে প্রাণীয়ে হঠাতে আক্ৰমণ কৰিব পাৰে। অস্ত্ৰধাৰী ৰাজ কৰ্মচাৰীৰো কোনো বিশ্বাস নাই। অস্ত্ৰধাৰী ৰাজ কৰ্মচাৰীয়ে তেওঁ যাক নিৰাপত্তা দি গৈছে তেওঁকেই হত্যা কৰিব পাৰে।

 আমাৰ ভাৰতবৰ্ষতেই ইন্দিৰা গান্ধীৰ হত্যাই এই কথাৰ প্রমাণ দাঙি ধৰে। স্ত্রীকো বিশ্বাস কৰিবলৈ মানা কৰিছে চাণক্যই। চাণক্যৰ মতে স্ত্ৰীৰ মন বুজা অতি টান। সেয়ে স্ত্রীয়ে কেতিয়া বিপদ ঘটায় তাৰ ঠিক নাই। ৰজাক আৰু ৰাজকুলৰ কৰ্মচাৰীকো বিশ্বাস কৰিবলৈ মানা কৰিছে চাণক্যই। কিয়নো সাধাৰণ কথাতে ৰজা অথবা ৰাজকুলৰ কৰ্মচাৰীয়ে মানুহৰ ভুল ধৰি কঠোৰ শাস্তি বিহিব পাৰে।সেয়ে এনেবোৰ বিষয়ত সাৱধান হ’ব লাগে বুলি চাণক্যই কৈছে। অৱশ্যে চাণক্যৰ নীতি মনা-নমনাটো নিজৰ কথা






FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ