--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিন্দুধৰ্মত তুলসী গছক পবিত্ৰ বুলি গণ্য কৰা হয় আৰু ভাৰতৰ প্ৰায় প্ৰতিখন ঘৰতে এই গছক পূজা কৰা হয়। তুলসী এবিধ অতি উপকাৰী উদ্ভিদ আৰু আয়ুৰ্বেদত ইয়াৰ গুৰুত্ব অধিক। কাৰণ তুলসীৰ পাত এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল, এন্টি-ফাংগেল আদি গুণেৰে সমৃদ্ধ। সেয়েহে এই পাতৰ দ্বাৰা শৰীৰৰ বহু সমস্যা দূৰ কৰাত সহায় কৰে। তুলসীৰ পাত পেটৰ বাবে অমৃতসম কাৰণ পেটৰ জ্বলা-পোৰা, বদহজম আৰু এচিডিটি আদি সমস্যা দূৰ কৰাত সহায় কৰে। 

স্মৰ্তব্য যে তুলসীৰ মূল ৰাসায়নিক যৌগসমূহ হ’ল-অলিয়ানোলিক এচিড, উৰছলিক এচিড, ৰছমাৰিনিক এচিড, ইউজেনল, কাৰ্ভাক্ৰল, লিনালুল আৰু β-কেৰ’ফিলিন, যিবোৰ বহু বছৰ ধৰি খাদ্য সামগ্ৰী, সুগন্ধি আৰু দন্ত সম্পৰ্কিত অৰেল দৰবত ব্যাপকভাৱে ব্যৱহাৰ হৈ আহিছে। তুলসীৰ Oleanolic Acid স্বাস্থ্যৰ ক্ষেত্ৰত অতি উপকাৰী আৰু বহু ৰোগৰ পৰা সকাহ দিয়ে। 

তুলসীৰ পাত সেৱনে কোনবোৰ ৰোগ নিৰাময় কৰিব পাৰি জানো আহক-
১. শ্বাস-প্ৰশ্বাসজনিত সমস্যা:-তুলসী পাতত এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল গুণ আছে যিয়ে চৰ্দি, কাহ আৰু ব্ৰংকাইটিছৰ দৰে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
২. পাচনতন্ত্ৰৰ সমস্যা:-তুলসীৰ এন্টি-ইনফ্লেমেটৰী আৰু পাচন শক্তি বৃদ্ধি কৰা গুণ আছে, যিয়ে পাচনতন্ত্ৰৰ সমস্যা যেনে-হাৰ্টবাৰ্ণ, বদহজম আৰু এচিডিটিৰ চিকিৎসাত সহায় কৰিব পাৰে।
৩. ইমিউনিটি বুষ্টাৰ:-তুলসীৰ পাত এন্টিঅক্সিডেন্ট গুণেৰে সমৃদ্ধ, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে।
৪. ৰক্তচাপ নিয়ন্ত্ৰণ:-তুলসীৰ উচ্চ ৰক্তচাপ প্ৰতিৰোধী গুণ আছে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।
৫. ডায়েবেটিছ নিয়ন্ত্ৰণ:-তুলসীত ডায়েবেটিক প্ৰতিৰোধী গুণ আছে যিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।
৬. কৰ্কট:-তুলসীৰ এন্টি-কাৰচিনোজেনিক গুণ আছে যিয়ে কেন্সাৰ ৰোগৰ বিকাশ ৰোধ কৰাত সহায় কৰিব পাৰে।
৭. ছালৰ সমস্যা:-তুলসীৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-বেক্টেৰিয়েল গুণ আছে, যিয়ে ছালৰ সমস্যা যেনে-ব্ৰণ, একজিমা আৰু চ’ৰিয়াচিছৰ চিকিৎসাত সহায় কৰিব পাৰে।
৮. মূৰৰ বিষ আৰু মাইগ্ৰেইন:-তুলসীৰ এন্টি-ইনফ্লেমেটৰী আৰু বিষ নিৰাময় গুণ আছে, যিয়ে মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যাত সহায় কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ