--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্পেইনৰ এগৰাকী অভিনেত্ৰীয়ে চাৰোগেচীৰ জৰিয়তে তেওঁৰ নিজৰ পুত্ৰৰেই সন্তান গৰ্ভত লৈ এটি কেঁচুৱাৰ  জন্ম দিছে। ইয়াৰ লগে লগে  স্পেইনত  হুলস্থূল আৰম্ভ হৈ যায়।  স্পেইনৰ টিভি অভিনেত্ৰী আন্না অব্ৰেগনে চাৰোগেচী পদ্ধতি  ব্যৱহাৰ কৰি তেওঁৰ পুত্ৰৰ শেষ ইচ্ছা পূৰণ কৰিছে। প্ৰকৃততে অভিনেত্ৰীগৰাকীৰ পুত্ৰই তেওঁৰ নিজৰ সন্তান জন্ম দিব বিচাৰিছিল, যিটো আন্নাই পূৰণ কৰিছে। 

আন্নাই শেহতীয়াকৈ এখন আলোচনীক দিয়া সাক্ষাৎকাৰত  এই কথা উল্লেখ কৰিছে।ইয়াৰ  পিছতে সমগ্ৰ দেশতে এক আলোড়নৰ সৃষ্টি হৈছে। ২০২০ চনত আন্নাৰ পুত্ৰ ইলেছৰ কৰ্কট ৰোগত মৃত্যু হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২৭ বছৰ। 

৬৮ বছৰীয়া স্পেনিছ চেলিব্ৰিটিগৰাকীয়ে কৈছিল যে অলপতে চাৰোগেচীৰ জৰিয়তে তেওঁৰ ঘৰত এটা শিশুৰ জন্ম হৈছে। শিশুটিৰ তেওঁৰ স্বৰ্গীয় পুত্ৰৰ সৈতে জৈৱিক সম্পৰ্ক আছে। হোলা আলোচনীক দিয়া এক সাক্ষাৎকাৰত আন্নাই কৈছে  যে চাৰোগেচীৰ জৰিয়তে জন্ম লাভ কৰা এই কেঁচুৱাটি কেৱল তেওঁৰ ছোৱালীয়েই নহয়, তেওঁৰ নাতিনীও। আন্নাই কয় "তাই এলেছৰ ছোৱালী আৰু যেতিয়া তাই ডাঙৰ হ'ব, মই তাইক ক'ম যে তাইৰ দেউতাক এজন নায়ক আছিল। যেতিয়া তেওঁ এই বিষয়ে জানিব পাৰিব, তেতিয়া তেওঁ নিশ্চিতভাৱে তেওঁৰ দেউতাকক লৈ গৌৰৱান্বিত হ'ব।"

 শিশু আন্না চেন্দ্ৰা লেচিঅ অব্ৰেগনৰ জন্ম যোৱা ২০ মাৰ্চত মিয়ামিৰ এখন চিকিৎসালয়ত হৈছিল। আন্না অব্ৰেগনে কৈছে  যে কেমোথেৰাপী চিকিৎসা আৰম্ভ কৰাৰ আগতে তেওঁৰ পুত্ৰৰ শুক্ৰাণু হিমায়িত কৰা হৈছিল। পুত্ৰৰ মৃত্যুৰ পিছতে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ পুত্ৰৰ সন্তানৰ গৰ্ভধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ।আন্নাই কয় "মানুহে এলেছৰ অন্তিম ইচ্ছাটো নাজানে। তেওঁ তেওঁৰ সন্তানক পৃথিৱীলৈ আনিব বিচাৰিছিল। 
আনাই কৈছে  যে তেওঁৰ ছোৱালীয়ে আইনীভাৱে দুখন দেশৰ নাগৰিকত্ব লাভ কৰিছে - স্পেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। 

সাক্ষাৎকাৰটোত  আন্না অব্ৰেগনে কৈছে  যে এলেছে সদায় এটা ডাঙৰ পৰিয়াল বিচাৰিছিল। এনে পৰিস্থিতিত আন্নাই চাৰোগেচীৰ এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰিবলৈ অস্বীকাৰ নকৰিব, যাতে শিশুটোৱে এজন ভায়েক বা ভগ্নী পাব পাৰে। অৱশ্যে, আনাৰ পৰৱৰ্তী কাৰ্যসূচী হৈছে এখন কিতাপ মুকলি কৰা যিয়ে চাৰোগেচীৰ কাহিনী বৰ্ণনা কৰিব। কিতাপখন ১৯ এপ্ৰিলত প্ৰকাশ কৰা হ'ব। 

তাৎপৰ্যপূৰ্ণভাৱে, স্পেইন সেই দেশবোৰৰ ভিতৰত আছে য'ত চাৰোগেচী অবৈধ। অৱশ্যে, ব্ৰিটেইনৰ দৰে বহুতো  আমেৰিকাকো এনে দেশৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, য'ত চাৰোগেচীৰ প্ৰক্ৰিয়া যথেষ্ট সহজ। আনাই কৈছে যে আমেৰিকাত চাৰোগেচী অতি সাধাৰণ ঘটনা আৰু স্পেইনৰ দৰে সেই দেশ খনত এই বিষয়ত কোনো বিতৰ্ক নাই।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস