--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবলীউডৰ বহু নায়কৃনায়িকাই ড্ৰাগছ গ্ৰহণ কৰাৰ কথা এতিয়া আৰু নতুন হৈ থকা নাই । এনে সময়তে যোগগুৰু বাবা ৰামদেৱে ছলমান খানকলৈ কৰা ওক মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।বাবা ৰামদেৱে মোৰাদাবাদৰ ড্ৰাগ ফ্ৰী ইণ্ডিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিনেতাজনকলৈ এই বিশেষ মন্তব্যটো কৰিছে। অনুষ্ঠানৰ  মঞ্চৰ পৰা মানুহক ড্ৰাগছৰ বিৰুদ্ধে  উৎসাহিত কৰি বাবা ৰামদেৱে বহুতকে  তীব্ৰ সমালোচনা কৰে। 

মঞ্চৰ পৰাই তেওঁ বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীৰ বিষয়ে মন্তব্য কৰে।ছলমান খান, শ্বাহৰুখ খান আৰু আমিৰ খানৰ নাম লৈ তেওঁ  বিতৰ্কিত মন্তব্য কৰে । বাবা ৰামদেৱে চলচ্চিত্ৰ উদ্যোগত  ড্ৰাগছ সেৱনৰ ঘটনা বৃদ্ধি পোৱা বুলি   অভিযোগ উত্থাপন কৰে।বাবা ৰামদেৱেও ড্ৰাগছৰ বিষয়কলৈ  বলীউড আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগক তীব্ৰ আক্ৰমণ কৰি  কয়  ’অতীতত আপুনি শ্বাহৰুখ খানৰ সন্তানক ড্ৰাগছ গ্ৰহণ কৰি থকা অৱস্থাত কাৰাগাৰলৈ যোৱা দেখিছিল। ছলমান খানে ড্ৰাগছ গ্ৰহণ কৰে আৰু আমিৰ খানৰ কথা অৱশ্যে জনা নাযায়।   চলচ্চিত্ৰ উদ্যোগৰ ভিতৰত এতিয়া কেৱল ড্ৰাগছ । বলীউডত ড্ৰাগছ বিতৰণ কৰা হয়, নিৰ্বাচনৰ সময়ত সুৰা বিতৰণ কৰা হয়। আমি এটা সংকল্প লোৱা উচিত যে এই ঋষিসকলৰ ভূমি আসক্তিমুক্ত হ'ব লাগিব। আমি নিচামুক্ত কৰাৰ বাবেও এক আন্দোলন চলাম।’ 

উল্লেখ্য  ড্ৰাগছৰ সৈতে বলীউডৰ সম্পৰ্কৰ বিষয়ে বহু আলোচনা হৈছে। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ড্ৰাগছ সংযোগৰ বহু ঘটনা পোহৰলৈ আহিছে। তেতিয়াৰে পৰা বলীউড আৰু ইয়াৰ তাৰকাসকলে এনচিবিৰ লক্ষ্য হৈ পৰিছে। ড্ৰাগছ আৰু বলীউডক লৈ ৰাজনীতিও বহুত গৰম। যোৱা বছৰ, শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক এনচিবিয়ে ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে, তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নোপোৱাত  তেওঁক এই গোচৰত নিৰ্দোষ সাব্যস্ত কৰা হৈছিল।  

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও আৰ্য বীৰ মহা সন্মিলনত অংশগ্ৰহণ কৰে।  মোৰাদাবাদত ৰামদেৱে  ড্ৰাগ-মুক্ত সময় সৃষ্টি কৰিবলৈ আহ্বান জনায় আৰু লোকসকলক মঞ্চৰ পৰা ড্ৰাগৰ আসক্তি মুক্ত কৰাৰ বিষয়ে সজাগ কৰি তোলে। 

তেওঁ কয়  যে বিড়ি, চিগাৰেট বা সুৰা পান নকৰাটো আমাৰ সকলোৰে কৰ্তব্য। তেওঁ লগতে কয়  যে আৰ্য সমাজে কৰা কাম এই ক্ষেত্ৰত প্ৰশংসনীয়। গোটেই ৰাষ্ট্ৰ যদি আপুনি ড্ৰাগছমুক্ত হয়, তেন্তে বুজি লওক যে মহৰ্ষি দয়ানন্দজীৰ সপোন পূৰণ হৈছে, ই আইনৰ দ্বাৰা নহ'ব, এয়া নিজে কৰিব লাগিব, ৰামদেৱে কয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলতান-মোগলৰ শাসন আছিল নিষ্ঠুৰ
সত্যজিৎ ৰয়ৰ ঐতিহাসিক বাসভৱন ভাঙিছে বাংলাদেশ চৰকাৰে
দক্ষিণ ছিৰিয়াত ড্ৰুজ সম্প্ৰদায়ৰ লোকৰ হত্যাৰ প্ৰতিশোধ ; ডামাস্কাছত ইজৰাইলৰ শক্তিশালী বিমান আক্রমণ
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে