--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মানসিক চাপৰ ফলত স্বাস্থ্য সম্পৰ্কীয় বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ বাবে ডায়েবেটিছ, ৰক্তচাপ আৰু থাইৰয়ডৰ দৰে সমস্যাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। বিশেষকৈ মানসিক চাপে অধিক থাইৰয়ড ট্ৰিগাৰ কৰিব পাৰে। দৰাচলতে মানসিক চাপৰ সময়ত শৰীৰত নিৰ্গত হোৱা হৰম’নে থাইৰয়ডত প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত সাৱধান হোৱা উচিত। এই সম্পৰ্কে কিছু কথা বিশেষজ্ঞৰ পৰা জানো আহক।

* মানসিক চাপ আৰু থাইৰয়ডৰ মাজৰ সম্পৰ্ক
মানসিক চাপ আৰু থাইৰয়ড গ্ৰন্থিৰ কাৰ্যক্ষমতা বিভিন্ন ধৰণেৰে সম্পৰ্কিত। মানুহৰ ডিঙিত থকা এবিধ পখিলা আকৃতিৰ গ্ৰন্থিয়ে শক্তি উৎপাদন, বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ আৰু শৰীৰৰ উষ্ণতা বজাই ৰখাৰ বাবে অহৰ্নিশে কাম কৰি থাকে। যেতিয়া ই নিষ্ক্ৰিয় হৈ পৰে তেতিয়াই মানসিক চাপকে ধৰি শৰীৰৰ বহু স্বাস্থজনিত সমস্যাৰ সৃষ্টি কৰে।
 
* মানসিক চাপে থাইৰয়ডত কেনে প্ৰভাৱ পেলায়?
দীৰ্ঘদিনীয়া মানসিক চাপৰ সৈতে অটোইম্যুন থাইৰয়ডৰ অৱস্থা যেনে-হাছিম’ট’ থাইৰয়ড আৰু গ্ৰেভছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। এনে পৰিস্থিতিত ৰোগ প্ৰতিৰোধ ক্ষমতাই থাইৰয়ড গ্ৰন্থি আক্ৰমণ কৰি থাইৰয়ডৰ কাম-কাজত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। মানসিক চাপৰ ফলত থাইৰয়ডৰ বিকাশ বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত থাইৰয়ড গ্ৰন্থি ফুলি উঠিব পাৰে, যাৰ ফলত থাইৰয়ড হৰম’ন উৎপাদনতো প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত দীৰ্ঘকালীনভাৱে থাইৰয়ডৰ কাৰ্যক্ষমতা সলনি হ’ব পাৰে। কেৱল এয়াই নহয়, মানসিক চাপে থাইৰয়ড হৰম’ন নিয়ন্ত্ৰণ কৰা হাইপ’থেলামাছ আৰু পিটুইটাৰী গ্ৰন্থিকো প্ৰভাৱিত কৰিব পাৰে। দীৰ্ঘদিনীয়া মানসিক চাপে থাইৰয়ড হৰম’নৰ উৎপাদন আৰু নিয়ন্ত্ৰণত প্ৰভাৱ পেলাব পাৰে।
 
* মানসিক চাপৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে?
মানসিক সমস্যা নিয়ন্ত্ৰণ কৰি আগতীয়াকৈ বহু ধৰণৰ সমস্যা ৰোধ কৰিব পাৰি। যদি আপুনি মানসিক চাপৰ পৰা হাত সাৰিব বিচাৰে তেন্তে ধ্যান আৰু যোগাসনৰ সহায় লোৱাৰ উপৰি এনে কামত জড়িত হ’ব লাগে যিয়ে সুখী হৰম’ন নিৰ্গত কৰে। নেতিবাচক কথাৰ পৰা আঁতৰি থাকিব লাগে। থাইৰয়ড সুস্থিৰ আৰু টান কৰি ৰখাত গুৰুত্ব দিব লাগে। আয়’ডিন কম থকা খাদ্যহে গ্ৰহণ কৰিব লাগে। দৈৰ দৰে প্ৰ’বায়’টিক সেৱন কৰিব লাগে। ইয়াৰ উপৰি গ্লুটেনমুক্ত আৰু চেনিমুক্ত খাদ্যৰ দ্বাৰা থাইৰয়ড হৰম’ন পৰিচালনা কৰিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক