--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মানসিক চাপৰ ফলত স্বাস্থ্য সম্পৰ্কীয় বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ বাবে ডায়েবেটিছ, ৰক্তচাপ আৰু থাইৰয়ডৰ দৰে সমস্যাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। বিশেষকৈ মানসিক চাপে অধিক থাইৰয়ড ট্ৰিগাৰ কৰিব পাৰে। দৰাচলতে মানসিক চাপৰ সময়ত শৰীৰত নিৰ্গত হোৱা হৰম’নে থাইৰয়ডত প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত সাৱধান হোৱা উচিত। এই সম্পৰ্কে কিছু কথা বিশেষজ্ঞৰ পৰা জানো আহক।

* মানসিক চাপ আৰু থাইৰয়ডৰ মাজৰ সম্পৰ্ক
মানসিক চাপ আৰু থাইৰয়ড গ্ৰন্থিৰ কাৰ্যক্ষমতা বিভিন্ন ধৰণেৰে সম্পৰ্কিত। মানুহৰ ডিঙিত থকা এবিধ পখিলা আকৃতিৰ গ্ৰন্থিয়ে শক্তি উৎপাদন, বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ আৰু শৰীৰৰ উষ্ণতা বজাই ৰখাৰ বাবে অহৰ্নিশে কাম কৰি থাকে। যেতিয়া ই নিষ্ক্ৰিয় হৈ পৰে তেতিয়াই মানসিক চাপকে ধৰি শৰীৰৰ বহু স্বাস্থজনিত সমস্যাৰ সৃষ্টি কৰে।
 
* মানসিক চাপে থাইৰয়ডত কেনে প্ৰভাৱ পেলায়?
দীৰ্ঘদিনীয়া মানসিক চাপৰ সৈতে অটোইম্যুন থাইৰয়ডৰ অৱস্থা যেনে-হাছিম’ট’ থাইৰয়ড আৰু গ্ৰেভছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। এনে পৰিস্থিতিত ৰোগ প্ৰতিৰোধ ক্ষমতাই থাইৰয়ড গ্ৰন্থি আক্ৰমণ কৰি থাইৰয়ডৰ কাম-কাজত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। মানসিক চাপৰ ফলত থাইৰয়ডৰ বিকাশ বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত থাইৰয়ড গ্ৰন্থি ফুলি উঠিব পাৰে, যাৰ ফলত থাইৰয়ড হৰম’ন উৎপাদনতো প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত দীৰ্ঘকালীনভাৱে থাইৰয়ডৰ কাৰ্যক্ষমতা সলনি হ’ব পাৰে। কেৱল এয়াই নহয়, মানসিক চাপে থাইৰয়ড হৰম’ন নিয়ন্ত্ৰণ কৰা হাইপ’থেলামাছ আৰু পিটুইটাৰী গ্ৰন্থিকো প্ৰভাৱিত কৰিব পাৰে। দীৰ্ঘদিনীয়া মানসিক চাপে থাইৰয়ড হৰম’নৰ উৎপাদন আৰু নিয়ন্ত্ৰণত প্ৰভাৱ পেলাব পাৰে।
 
* মানসিক চাপৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে?
মানসিক সমস্যা নিয়ন্ত্ৰণ কৰি আগতীয়াকৈ বহু ধৰণৰ সমস্যা ৰোধ কৰিব পাৰি। যদি আপুনি মানসিক চাপৰ পৰা হাত সাৰিব বিচাৰে তেন্তে ধ্যান আৰু যোগাসনৰ সহায় লোৱাৰ উপৰি এনে কামত জড়িত হ’ব লাগে যিয়ে সুখী হৰম’ন নিৰ্গত কৰে। নেতিবাচক কথাৰ পৰা আঁতৰি থাকিব লাগে। থাইৰয়ড সুস্থিৰ আৰু টান কৰি ৰখাত গুৰুত্ব দিব লাগে। আয়’ডিন কম থকা খাদ্যহে গ্ৰহণ কৰিব লাগে। দৈৰ দৰে প্ৰ’বায়’টিক সেৱন কৰিব লাগে। ইয়াৰ উপৰি গ্লুটেনমুক্ত আৰু চেনিমুক্ত খাদ্যৰ দ্বাৰা থাইৰয়ড হৰম’ন পৰিচালনা কৰিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক