--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ আজি চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। সোমবাৰে পুৱা ৭ বজাৰ পৰা দেশৰ ১০খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সমষ্টিত আৰম্ভ হৈছে  লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। আজি ইভিএমত বন্দী হ’ব  ১,৭১৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। আজি নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হৈছে- অন্ধ্ৰ প্ৰদেশৰ ২৫ টা সমষ্টি, তেলেংগানাৰ ১৭ টা সমষ্টি, উত্তৰ প্ৰদেশৰ ১৩ টা সমষ্টি, মহাৰাষ্ট্ৰৰ ১১ টা সমষ্টি, পশ্চিম বংগৰ ৮ টা সমষ্টি, মধ্যপ্ৰদেশৰ ৮ টা সমষ্টি, বিহাৰৰ ৫ টা সমষ্টি, ঝাৰখণ্ডৰ ৪ টা সমষ্টি, ওড়িশাৰ ৪ টা সমষ্টি, জম্মু-কাশ্মীৰৰ ১ টা সমষ্টি।  

অন্ধ্ৰ প্ৰদেশৰ এজন প্ৰাৰ্থী তেওঁলোকৰ ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থী হিচাবে বিবেচিত হৈছে। তেওঁ হৈছে অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ লোকসভা সমষ্টিৰ তেলেগু দেশম পাৰ্টিৰ (টিডিপি) প্ৰাৰ্থী চন্দ্ৰশেখৰ পেম্মাছানী। পেম্মাছানীয়ে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামা অনুসৰি, তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৫,৭০০ কোটি টকা, যাৰ ভিতৰত আছে ৫৫৯৮  কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ১০৬  কোটি টকাৰ স্থাৱৰ সম্পত্তি।পেম্মাছানীয়ে পোন্নুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এম ভেঙ্কটেশ্বৰলুৰ জোঁৱায়েক ভেঙ্কটেশ ৰোৱাছায়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। এয়া  পেম্মাছানিৰ প্ৰথম নিৰ্বাচন। চতুৰ্থ পৰ্যায়ত গুন্টুৰ লোকসভা আসনৰ বাবে ভোটগ্ৰহণ কাইলৈ অনুষ্ঠিত হ'ব। 

পেম্মাছানীয়ে তেওঁৰ সামাজিক মাধ্যমত নিজকে এজন ৰাজনীতিবিদ, চিকিৎসক, উদ্যোগী আৰু সমাজকৰ্মী হিচাপে চিনাকি দিছে। ৪৮ বছৰীয়া   পেম্মাছানি অনলাইন লাৰ্ণিং প্লেটফৰ্ম ইউৱৰ্ল্ডৰ প্ৰতিষ্ঠাপক। তেওঁ এজন চিকিৎসা  আৰু তেওঁ  ১৯৯৯ চনত বিজয়ৱাড়াৰ এনটিআৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পৰা এমবিবিএছ সম্পূৰ্ণ কৰিছিল। ইয়াৰ উপৰি তেওঁ ২০০৫ চনত পেনচিলভেনিয়াৰ ডেনভিলৰ গেইচিংগাৰ চিকিৎসা কেন্দ্ৰৰ পৰা ইণ্টাৰনেল মেডিচিন বিষয়ত এমডি লাভ কৰিছিল। পেম্মাছানীয়ে মাইক্ৰছফ্ট, কোকা-কোলা, উবেৰ টেকন'লজিছ আৰু এপলকে ধৰি ১০০ ৰো অধিক আমেৰিকান কোম্পানীত বিনিয়োগ কৰিছে বুলি বিভিন্ন মাধ্যমে প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement