--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ আজি চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। সোমবাৰে পুৱা ৭ বজাৰ পৰা দেশৰ ১০খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সমষ্টিত আৰম্ভ হৈছে  লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। আজি ইভিএমত বন্দী হ’ব  ১,৭১৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। আজি নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হৈছে- অন্ধ্ৰ প্ৰদেশৰ ২৫ টা সমষ্টি, তেলেংগানাৰ ১৭ টা সমষ্টি, উত্তৰ প্ৰদেশৰ ১৩ টা সমষ্টি, মহাৰাষ্ট্ৰৰ ১১ টা সমষ্টি, পশ্চিম বংগৰ ৮ টা সমষ্টি, মধ্যপ্ৰদেশৰ ৮ টা সমষ্টি, বিহাৰৰ ৫ টা সমষ্টি, ঝাৰখণ্ডৰ ৪ টা সমষ্টি, ওড়িশাৰ ৪ টা সমষ্টি, জম্মু-কাশ্মীৰৰ ১ টা সমষ্টি।  

অন্ধ্ৰ প্ৰদেশৰ এজন প্ৰাৰ্থী তেওঁলোকৰ ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থী হিচাবে বিবেচিত হৈছে। তেওঁ হৈছে অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ লোকসভা সমষ্টিৰ তেলেগু দেশম পাৰ্টিৰ (টিডিপি) প্ৰাৰ্থী চন্দ্ৰশেখৰ পেম্মাছানী। পেম্মাছানীয়ে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামা অনুসৰি, তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৫,৭০০ কোটি টকা, যাৰ ভিতৰত আছে ৫৫৯৮  কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ১০৬  কোটি টকাৰ স্থাৱৰ সম্পত্তি।পেম্মাছানীয়ে পোন্নুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এম ভেঙ্কটেশ্বৰলুৰ জোঁৱায়েক ভেঙ্কটেশ ৰোৱাছায়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। এয়া  পেম্মাছানিৰ প্ৰথম নিৰ্বাচন। চতুৰ্থ পৰ্যায়ত গুন্টুৰ লোকসভা আসনৰ বাবে ভোটগ্ৰহণ কাইলৈ অনুষ্ঠিত হ'ব। 

পেম্মাছানীয়ে তেওঁৰ সামাজিক মাধ্যমত নিজকে এজন ৰাজনীতিবিদ, চিকিৎসক, উদ্যোগী আৰু সমাজকৰ্মী হিচাপে চিনাকি দিছে। ৪৮ বছৰীয়া   পেম্মাছানি অনলাইন লাৰ্ণিং প্লেটফৰ্ম ইউৱৰ্ল্ডৰ প্ৰতিষ্ঠাপক। তেওঁ এজন চিকিৎসা  আৰু তেওঁ  ১৯৯৯ চনত বিজয়ৱাড়াৰ এনটিআৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পৰা এমবিবিএছ সম্পূৰ্ণ কৰিছিল। ইয়াৰ উপৰি তেওঁ ২০০৫ চনত পেনচিলভেনিয়াৰ ডেনভিলৰ গেইচিংগাৰ চিকিৎসা কেন্দ্ৰৰ পৰা ইণ্টাৰনেল মেডিচিন বিষয়ত এমডি লাভ কৰিছিল। পেম্মাছানীয়ে মাইক্ৰছফ্ট, কোকা-কোলা, উবেৰ টেকন'লজিছ আৰু এপলকে ধৰি ১০০ ৰো অধিক আমেৰিকান কোম্পানীত বিনিয়োগ কৰিছে বুলি বিভিন্ন মাধ্যমে প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু