--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ শেহতীয়া ক’ৰ’না আক্ৰান্তই প্ৰতিদিনে অভিলেখ ভংগ কৰি আছে। যোৱা ২৪ ঘন্টাত ভাৰতত ৫,৩৩৫ জন নতুনকৈ ক’ৰ’না সংক্ৰমণ পঞ্জীয়ন কৰা হৈছে, যিটো বিগত ১৯৫ দিনত দৈনিক সৰ্বাধিক কৰ’না আক্ৰান্তৰ সংখ্যা।  

দ্ৰুতগতিত বৃদ্ধি পোৱা কৰ’না আক্ৰান্তৰ বাবে ৰাইজৰ মাজত উদ্বেগ বাঢ়িছে। হাৰিয়ানা, মহাৰাষ্ট্ৰ, তামিলনাডুকে ধৰি বহু ৰাজ্যত নিৰ্বাচিত স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। অৱশ্যে নতুনকৈ ক’ৰোনাত আক্ৰান্তৰ গতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই যেন শীঘ্ৰে সমগ্ৰ দেশতে মাস্ক বাধ্যতামূলক কৰা হ’ব। ইয়াৰ সমান্তৰালকৈ অন্যান্য ক’ৰ’না প্ৰট’কলও কাৰ্যকৰী কৰা হ’ব।

এই পৰ্যন্ত দেশত কৰ’নাৰ কবলত অহা লোকৰ সংখ্যা ৪,৪৭,৩৯,০৫৪ লৈ বৃদ্ধি পাইছে। একে সময়তে চিকিৎসাধীন ৰোগীৰ সংখ্যা ২৫,৫৮৭ লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত ক’ৰ’নাৰ বাবে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত ২-২ জন আৰু কেৰালা আৰু পঞ্জাৱত ১-১ জন ৰোগীৰ মৃত্যু হৈছে।

ইয়াৰ লগে লগে দেশত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩০,৯২৯ লৈ বৃদ্ধি পাইছে। কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুৰ হাৰ ১.১৯ শতাংশ। বৰ্তমান দেশত ২৫,৫৮৭ জন ৰোগী চিকিৎসাধীন হৈ আছে, যিটো মুঠ কৰ’না আক্ৰান্তৰ ০.৬ শতাংশ। একে সময়তে ৰোগীৰ আৰোগ্যৰ ৰাষ্ট্ৰীয় হাৰ ৯৮.৭৫ শতাংশ।

এই পৰ্যন্ত দেশত মুঠ ৪,৪১,৮২,৫৩৮জন ক'ৰনা ৰোগীয়ে মহামাৰীক পৰাস্ত কৰিছে। এই পৰ্যন্ত দেশত ২২০.৬৬ কোটি ড’জ ক’ৰনা প্ৰতিৰোধী ভেকচিন প্ৰদান কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ