--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ শেহতীয়া ক’ৰ’না আক্ৰান্তই প্ৰতিদিনে অভিলেখ ভংগ কৰি আছে। যোৱা ২৪ ঘন্টাত ভাৰতত ৫,৩৩৫ জন নতুনকৈ ক’ৰ’না সংক্ৰমণ পঞ্জীয়ন কৰা হৈছে, যিটো বিগত ১৯৫ দিনত দৈনিক সৰ্বাধিক কৰ’না আক্ৰান্তৰ সংখ্যা।  

দ্ৰুতগতিত বৃদ্ধি পোৱা কৰ’না আক্ৰান্তৰ বাবে ৰাইজৰ মাজত উদ্বেগ বাঢ়িছে। হাৰিয়ানা, মহাৰাষ্ট্ৰ, তামিলনাডুকে ধৰি বহু ৰাজ্যত নিৰ্বাচিত স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। অৱশ্যে নতুনকৈ ক’ৰোনাত আক্ৰান্তৰ গতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই যেন শীঘ্ৰে সমগ্ৰ দেশতে মাস্ক বাধ্যতামূলক কৰা হ’ব। ইয়াৰ সমান্তৰালকৈ অন্যান্য ক’ৰ’না প্ৰট’কলও কাৰ্যকৰী কৰা হ’ব।

এই পৰ্যন্ত দেশত কৰ’নাৰ কবলত অহা লোকৰ সংখ্যা ৪,৪৭,৩৯,০৫৪ লৈ বৃদ্ধি পাইছে। একে সময়তে চিকিৎসাধীন ৰোগীৰ সংখ্যা ২৫,৫৮৭ লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত ক’ৰ’নাৰ বাবে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত ২-২ জন আৰু কেৰালা আৰু পঞ্জাৱত ১-১ জন ৰোগীৰ মৃত্যু হৈছে।

ইয়াৰ লগে লগে দেশত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩০,৯২৯ লৈ বৃদ্ধি পাইছে। কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুৰ হাৰ ১.১৯ শতাংশ। বৰ্তমান দেশত ২৫,৫৮৭ জন ৰোগী চিকিৎসাধীন হৈ আছে, যিটো মুঠ কৰ’না আক্ৰান্তৰ ০.৬ শতাংশ। একে সময়তে ৰোগীৰ আৰোগ্যৰ ৰাষ্ট্ৰীয় হাৰ ৯৮.৭৫ শতাংশ।

এই পৰ্যন্ত দেশত মুঠ ৪,৪১,৮২,৫৩৮জন ক'ৰনা ৰোগীয়ে মহামাৰীক পৰাস্ত কৰিছে। এই পৰ্যন্ত দেশত ২২০.৬৬ কোটি ড’জ ক’ৰনা প্ৰতিৰোধী ভেকচিন প্ৰদান কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল