--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ'। ভাইৰেল হোৱাৰ কাৰণো আকৌ অতি অনন্য। আপুনি নিশ্চয় ভাবিছে এই ভিডিঅ'টো কিয় ইমান বিশেষ ? আচলতে ভিডিঅ’টোৱে লিংগভিত্তিক সাজ-পোছাক সম্পৰ্কীয় কু-সংস্কাৰ ভংগ কৰাৰ বাবে ছ’চিয়েল মিডিয়াত চৰ্চা আৰম্ভ কৰিছে। ভিডিঅ'টো আছিল এখন দেশী বিয়াৰ। য'ত দৰাৰ বন্ধু দুজনে শাৰী পিন্ধি বিয়াত উপস্থিত হৈছিল। 

হয়, লিংগ কু-সংস্কাৰ ভংগ কৰি শেহতীয়াকৈ চিকাগোৰ দুজন লোকে বন্ধুৰ বিয়াত পিন্ধিছিল শাৰী । সুন্দৰ ভাৰতীয় সাজ-পোছাক পৰিধান কৰি বন্ধুৰ বিয়াত উপস্থিত হৈছিল দৰাৰ দুজন ঘনিষ্ঠ বন্ধু, যাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। চিকাগোৰ বিবাহ ভিডিঅ’গ্ৰাফাৰ পেৰাগন ফিল্মছে তেওঁলোকৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এই বিশেষ ভিডিঅ’টো শ্বেয়াৰ কৰিছে-



ভিডিঅ’টোত এগৰাকী মহিলাই দুজন বন্ধুক বিয়াৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত শাৰী পিন্ধিবলৈ সহায় কৰা দেখা গৈছে। বিয়াত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত দুয়োকে  শাৰী পিন্ধি থকা দেখা যায়। এগৰাকী নাৰীৰ লুকটো সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে কপালত বিন্দিও ( ফোট) লগাই লৈছিল । এই অনন্য সাজ-পোছাক পিন্ধা বন্ধু দুজনক দেখি  আনন্দত আত্মহাৰা হৈ পৰে দৰা-কইনা । দদৌৰি আহি বন্ধু দুজনক সাৱটি ধৰিলে দৰাই।  

এই ভিডিঅ’টোৱে এতিয়ালৈকে ৩৭ হাজাৰৰো অধিক লাইক লাভ কৰিছে আৰু ৩,৮১,০০০ৰো অধিক বাৰ দৰ্শন কৰিছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই ভিডিঅ'টোক লৈ আগবঢ়াইছে ধনাত্মক সহাঁৰি। ভিডিঅ'টো অতি মৰমলগা বুলি অভিহিত কৰিছে। এই ঘটনাই ছ’চিয়েল মিডিয়াতো লিংগ পক্ষপাতিত্ব দূৰ কৰাৰ বিষয়ে আলোচনা আৰম্ভ কৰিছে। কোনোৱে ভাৰতীয় সাজ-পোছাকেৰে বন্ধুৰ সাংসাৰিক জীৱনক সন্মান জনোৱাৰ বাবে দুয়োজন পুৰুষক প্ৰশংসা কৰাৰ লগতে কোনোৱে আকৌ শ্ৰেষ্ঠ বা আচৰিত বুলি অভিহিত কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক