--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ'। ভাইৰেল হোৱাৰ কাৰণো আকৌ অতি অনন্য। আপুনি নিশ্চয় ভাবিছে এই ভিডিঅ'টো কিয় ইমান বিশেষ ? আচলতে ভিডিঅ’টোৱে লিংগভিত্তিক সাজ-পোছাক সম্পৰ্কীয় কু-সংস্কাৰ ভংগ কৰাৰ বাবে ছ’চিয়েল মিডিয়াত চৰ্চা আৰম্ভ কৰিছে। ভিডিঅ'টো আছিল এখন দেশী বিয়াৰ। য'ত দৰাৰ বন্ধু দুজনে শাৰী পিন্ধি বিয়াত উপস্থিত হৈছিল। 

হয়, লিংগ কু-সংস্কাৰ ভংগ কৰি শেহতীয়াকৈ চিকাগোৰ দুজন লোকে বন্ধুৰ বিয়াত পিন্ধিছিল শাৰী । সুন্দৰ ভাৰতীয় সাজ-পোছাক পৰিধান কৰি বন্ধুৰ বিয়াত উপস্থিত হৈছিল দৰাৰ দুজন ঘনিষ্ঠ বন্ধু, যাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। চিকাগোৰ বিবাহ ভিডিঅ’গ্ৰাফাৰ পেৰাগন ফিল্মছে তেওঁলোকৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এই বিশেষ ভিডিঅ’টো শ্বেয়াৰ কৰিছে-



ভিডিঅ’টোত এগৰাকী মহিলাই দুজন বন্ধুক বিয়াৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত শাৰী পিন্ধিবলৈ সহায় কৰা দেখা গৈছে। বিয়াত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত দুয়োকে  শাৰী পিন্ধি থকা দেখা যায়। এগৰাকী নাৰীৰ লুকটো সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে কপালত বিন্দিও ( ফোট) লগাই লৈছিল । এই অনন্য সাজ-পোছাক পিন্ধা বন্ধু দুজনক দেখি  আনন্দত আত্মহাৰা হৈ পৰে দৰা-কইনা । দদৌৰি আহি বন্ধু দুজনক সাৱটি ধৰিলে দৰাই।  

এই ভিডিঅ’টোৱে এতিয়ালৈকে ৩৭ হাজাৰৰো অধিক লাইক লাভ কৰিছে আৰু ৩,৮১,০০০ৰো অধিক বাৰ দৰ্শন কৰিছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই ভিডিঅ'টোক লৈ আগবঢ়াইছে ধনাত্মক সহাঁৰি। ভিডিঅ'টো অতি মৰমলগা বুলি অভিহিত কৰিছে। এই ঘটনাই ছ’চিয়েল মিডিয়াতো লিংগ পক্ষপাতিত্ব দূৰ কৰাৰ বিষয়ে আলোচনা আৰম্ভ কৰিছে। কোনোৱে ভাৰতীয় সাজ-পোছাকেৰে বন্ধুৰ সাংসাৰিক জীৱনক সন্মান জনোৱাৰ বাবে দুয়োজন পুৰুষক প্ৰশংসা কৰাৰ লগতে কোনোৱে আকৌ শ্ৰেষ্ঠ বা আচৰিত বুলি অভিহিত কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা