--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ মাৰ্কিন ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নান্ড ট্ৰাপ। ট্ৰাম্পে কিছুদিন আগতে ঘোষণা কৰিছিল যে তেওঁ ১৫ নৱেম্বৰত এটা ডাঙৰ ঘোষণা কৰিব। সেইমতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে  যে তেওঁ ২০২৪ চনত পুনৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। 

৭৬ বছৰীয়া ট্ৰাম্পে ইতিমধ্যে এই সন্দৰ্ভত হোৱাইট হাউচত যাৱতীয়  নথিপত্ৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। ডেম’ক্ৰেট আৰু ৰিপাব্লিকান দলৰ প্ৰাৰ্থীসকলৰ ভিতৰত  ট্ৰাম্পেই প্ৰথম   প্ৰাৰ্থী আছিল যিয়ে ঘোষণা কৰিছে যে তেওঁ পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। 

ট্ৰাম্পৰ দলে শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যৱৰ্তী নিৰ্বাচনত ' ধুমুহা'ৰ সৃষ্টি কৰা বুলি দাবী কৰিছিল। কিন্তু শেষত সেয়া হৈ নুঠিল। চিনেটৰ নিয়ন্ত্ৰণ এতিয়াও ডেম’ক্ৰেটসকলৰ হাততে আছে। ৰিপাব্লিকানসকলে ডেম’ক্ৰেটসকলক নিম্ন সদন বা 'হাউচ অফ ৰিপ্ৰেজেণ্টেটিভছ' এৰি দিছে।  মধ্যৱৰ্তী নিৰ্বাচনৰ শেষত বিডেনৰ মুখৰ হাঁহি বিৰিঙি উঠিছিল।

কিয়নো সাধাৰণতে, মধ্যৱৰ্তী নিৰ্বাচনত শাসকীয় দলটো চাপত পৰে। একে সময়তে বিডেনৰ ডাঙৰ প্ৰত্যাহ্বান আছিল মুদ্ৰাস্ফীতি আৰু তেওঁৰ জনপ্ৰিয়তাৰ গ্ৰাফৰ নিম্নমুখী প্ৰৱণতা। কিন্তু তেওঁ সেই প্ৰত্যাহ্বানটো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ইফালে মধ্যৱৰ্তী নিৰ্বাচনত ট্ৰাম্পৰ দলৰ ১০০ তকৈও অধিক প্ৰাৰ্থীয়ে জয়লাভ কৰে। ফলস্বৰূপে ট্ৰাম্পৰ আত্মবিশ্বাস বৃদ্ধি পাইছে । 

কিন্তু একে সময়তে সেই নিৰ্বাচনত  ট্ৰাম্পৰ অনুগামী বহু প্ৰভাৱশালী প্ৰাৰ্থী পৰাজিতও হৈছে। পৰম আত্ম বিশ্বাসেৰে ট্ৰাম্পে নতুন উদ্যমেৰে  কঁকালত টঙালি বান্ধিছে। ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰি ট্ৰাম্পে কয় "আজিৰ দিনটো দেশৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন হ'বলৈ গৈ আছে। এয়া উভতনি যাত্ৰাৰ অহাৰ আৰম্ভণি। মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছো। "। তেওঁ লগতে কয় যে তেওঁ ভাগৰা নাই, যুঁজ দিবলৈ সাজুহে হৈছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ