--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ মাৰ্কিন ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নান্ড ট্ৰাপ। ট্ৰাম্পে কিছুদিন আগতে ঘোষণা কৰিছিল যে তেওঁ ১৫ নৱেম্বৰত এটা ডাঙৰ ঘোষণা কৰিব। সেইমতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে  যে তেওঁ ২০২৪ চনত পুনৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। 

৭৬ বছৰীয়া ট্ৰাম্পে ইতিমধ্যে এই সন্দৰ্ভত হোৱাইট হাউচত যাৱতীয়  নথিপত্ৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। ডেম’ক্ৰেট আৰু ৰিপাব্লিকান দলৰ প্ৰাৰ্থীসকলৰ ভিতৰত  ট্ৰাম্পেই প্ৰথম   প্ৰাৰ্থী আছিল যিয়ে ঘোষণা কৰিছে যে তেওঁ পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। 

ট্ৰাম্পৰ দলে শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যৱৰ্তী নিৰ্বাচনত ' ধুমুহা'ৰ সৃষ্টি কৰা বুলি দাবী কৰিছিল। কিন্তু শেষত সেয়া হৈ নুঠিল। চিনেটৰ নিয়ন্ত্ৰণ এতিয়াও ডেম’ক্ৰেটসকলৰ হাততে আছে। ৰিপাব্লিকানসকলে ডেম’ক্ৰেটসকলক নিম্ন সদন বা 'হাউচ অফ ৰিপ্ৰেজেণ্টেটিভছ' এৰি দিছে।  মধ্যৱৰ্তী নিৰ্বাচনৰ শেষত বিডেনৰ মুখৰ হাঁহি বিৰিঙি উঠিছিল।

কিয়নো সাধাৰণতে, মধ্যৱৰ্তী নিৰ্বাচনত শাসকীয় দলটো চাপত পৰে। একে সময়তে বিডেনৰ ডাঙৰ প্ৰত্যাহ্বান আছিল মুদ্ৰাস্ফীতি আৰু তেওঁৰ জনপ্ৰিয়তাৰ গ্ৰাফৰ নিম্নমুখী প্ৰৱণতা। কিন্তু তেওঁ সেই প্ৰত্যাহ্বানটো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ইফালে মধ্যৱৰ্তী নিৰ্বাচনত ট্ৰাম্পৰ দলৰ ১০০ তকৈও অধিক প্ৰাৰ্থীয়ে জয়লাভ কৰে। ফলস্বৰূপে ট্ৰাম্পৰ আত্মবিশ্বাস বৃদ্ধি পাইছে । 

কিন্তু একে সময়তে সেই নিৰ্বাচনত  ট্ৰাম্পৰ অনুগামী বহু প্ৰভাৱশালী প্ৰাৰ্থী পৰাজিতও হৈছে। পৰম আত্ম বিশ্বাসেৰে ট্ৰাম্পে নতুন উদ্যমেৰে  কঁকালত টঙালি বান্ধিছে। ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰি ট্ৰাম্পে কয় "আজিৰ দিনটো দেশৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন হ'বলৈ গৈ আছে। এয়া উভতনি যাত্ৰাৰ অহাৰ আৰম্ভণি। মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছো। "। তেওঁ লগতে কয় যে তেওঁ ভাগৰা নাই, যুঁজ দিবলৈ সাজুহে হৈছে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক