--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় সেনাৰ যিকোনো অভিযানৰ সময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেনা বিভাগৰ অন্তৰ্গত প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰে। বহু সময়ত দেশৰ নিৰাপত্তাৰ যুঁজত এনে প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ দুৰ্জেয় সাহসৰ বিষয়ে দেশবাসীয়ে শুনিবলৈ পাইছে। দেশৰ নিৰাপত্তাৰ নামত বহু সময়ত শ্বহীদো হ'বলগীয়া হৈছে এই অনবদ্য সৈনিকবিধে। শেহতীয়াকৈ এনে এক সৈনিক কুকুৰৰ সাহসৰ অনন্য নিদৰ্শনে লাভ কৰিছে ব্যাপক চৰ্চা। গত সোমবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় এক ভয়াৱহ সংঘৰ্ষৰ। এই সংঘৰ্ষত ভাৰতীয় সেনাৰ সফলতাত মুখ্য ভূমিকা লয় এটা কুকুৰে।

বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত এই কুকুৰটোৰ নামেই হৈছে জুম। দেওবাৰে নিশা জিলাখনৰ টাংপাৱা অঞ্চলত নিৰাপত্তাৰক্ষী বাহিনীয়ে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰে। লগে লগে অঞ্চলটোত এক তালাচী অভিযান আৰম্ভ কৰে নিৰাপত্তাৰক্ষী বাহিনীয়ে। দেওবাৰে নিশা অঞ্চলটো ঘেৰাও কৰাৰ পিছতে সোমবাৰে পুৱাই সেনাৰ অভিযানকাৰী দলটোৱে জুম নামৰ কুকুৰটোক সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ থকা ঘৰটোৰ ভিতৰলৈ প্ৰেৰণ কৰে।

জুম হৈছে এক উচ্চ প্ৰশিক্ষিত আৰু দক্ষ যুঁজাৰু সৈনিক। সন্ত্ৰাসবাদীৰ সন্ধান উলিওৱাৰ বাবে বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছে এই কুকুৰটোক। ইতিমধ্যে জুমে ভাৰতীয় সেনাই দক্ষিণ কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা বহুকেইটা অভিযানত সেৱা আগবঢ়াইছে বুলি সেনাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে। সোমবাৰে পুৱা টাংপাৱাত আন অভিযানৰ দৰেই সন্ত্ৰাসবাদী লুকাই থকা ঘৰটোত প্ৰাথমিক আক্ৰমণৰ বাবে সেনাই জুমক প্ৰেৰণ কৰে।

ঘৰটোত প্ৰৱেশ কৰাৰ পাছতে জুমে স্বভাৱসিদ্ধভাৱে সন্ত্ৰাসবাদীৰ উপস্থিতি ধৰা পেলায় আৰু আক্ৰমণ চলায়। জুমে বীৰদৰ্পে এই আক্ৰমণ চলায় যদিও সন্ত্ৰাসবাদীয়ে চলোৱা গুলীয়ে জুমৰ শৰীৰত আঘাত কৰে। দুটাকৈ গুলীৰ আঘাতত গুৰুতৰভাৱে আহত হয়। কিন্তু এই আঘাতৰ পাছতো থমকি নৰয় জুম আৰু আঘাতপ্ৰাপ্ত শৰীৰেই অভিযানত বীৰত্বৰে যুঁজ দিয়ে। জুমৰ এই সাহসিকতাৰ সহায়তে ভাৰতীয় সেনাই দুগৰাকী সন্ত্ৰাসবাদীক নিধন কৰে।

অৱশ্যে অভিযানৰ মাজতে জুমক ততাতৈয়াকৈ সেনাৰ ভেট চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসা চলোৱা হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জুম বৰ্তমানো চিকিৎসাধীন অৱস্থাত আছে বুলি সেনাৰ বিষয়া এগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে সোমবাৰৰ এই সংঘৰ্ষত নিহত হোৱা সন্ত্ৰাসবাদী দুগৰাকীক লস্কৰ-ই-তৈবাৰ সদস্য বুলি চিনাক্ত কৰা হৈছে। আনহাতে সংঘৰ্ষৰ সময়ত কেইগৰাকীমান সেনা জোৱানো আঘাতপ্ৰাপ্ত হয় বুলি সেনাৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক