--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় সমাজ ব্যৱস্থাত পূৰ্বৰে পৰা চলি আহিছে কিছুমান ভয়াৱহ অন্ধবিশ্বাস তথা কু-প্ৰথা। সাম্প্ৰতিক সময়ত এই কু-প্ৰথাসমূহ বহুলাংশে হ্ৰাস পাইছে যদিও ভাৰতীয় সমাজ এই অন্ধবিশ্বাস তথা কু-প্ৰথাৰ কৰাল গ্ৰাসৰ পৰা সম্পুৰ্ণ ৰূপে মুক্ত হোৱা বুলি ক'ব নোৱাৰি। দেশৰ প্ৰান্তে প্ৰান্তে এতিয়াও প্ৰচলিত হৈ আছে এই উদ্বেগজনক কৰ্মকাণ্ড। সময়ে সময়ে অন্ধবিশ্বাসে সৃষ্টি কৰা ভয়ানক পৰিস্থিতিৰ খবৰে তীব্ৰ চৰ্চা লাভ কৰে। শেহতীয়াকৈ অন্ধবিশ্বাসৰ এনে এক ভয়াৱহ পৰিণতিয়ে জোকাৰি গৈছে সমগ্ৰ দেশকে, লজ্জানত কৰিছে একবিংশ শতিকাৰ মানৱ সমাজক। 

দেশৰ ভিতৰতে আটাইতকৈ শিক্ষিত ৰাজ্য হিচাপে পৰিচিত দাক্ষিণাত্যৰ কেৰালাত সংঘটিত হৈছে এই ভয়ানক কাণ্ড। অন্ধবিশ্বাসৰ কালান্তক পৰিণতিত বলিৰ ৰূপত ৰাজ্যখনত প্ৰাণ হেৰুওৱাইছে দুগৰাকী মহিলাই। কেৰালাৰ এৰ্নাকুলামৰ এটা পৰিয়ালে নিজৰ পাৰিবাৰিক আৰ্থিক অনাটন দূৰ কৰি এক ধনৱন্ত জীৱন কটোৱাৰ তাড়ণাত বলি দিছে এই দুই মহিলাক। অন্ধবিশ্বাসৰ বলি হোৱা দুই মহিলাক ৰ’জলিন আৰু পদ্মা বুলি চিনাক্ত কৰা হৈছে। ভুক্তভোগী দুই মহিলা ক্ৰমে ৰ’জলিন জুন মাহত আৰু পদ্মা ছেপ্টেম্বৰ মাহত নিৰুদ্দেশ হৈছিল। 

আৰক্ষীয়ে জানিবলৈ দিয়া মতে প্ৰায় আঠ মাহ পূৰ্বে মহম্মদ চফী নামৰ এগৰাকী ব্যক্তিয়ে এখন স্থানীয় বাতৰি কাকতত মানুহক ধনী কৰি তুলিব পৰাৰ ক্ষমতা আছে বুলি এক বিজ্ঞাপন দিছিল। এই বিজ্ঞাপনটো দেখি এৰ্নাকুলামৰ দম্পতীহালে চফীৰ সৈতে যোগাযোগ কৰিছিল। কেইদিনমানৰ ভিতৰতে চফী দম্পতীহালৰ ঘনিষ্ঠ হৈ পৰে আৰু মানৱ বলিদানে তেওঁলোকৰ ভাগ্য সলনি কৰিব বুলি পৰামৰ্শ দি বলিৰ বাবে উচতনি যোগায়। চফীৰ পৰামৰ্শ মানিবলৈ দম্পতীহালে ইচ্ছা কৰাত চফীয়ে এৰ্নাকুলামৰ কালাডীৰ পৰা ৰ’জলিনক জুনমাহত ঘৰুৱা কামৰ বাবে দম্পতীহালৰ ঘৰলৈ আহিবলৈ সৈমান কৰে।

কিন্তু ৰ’জলিন দম্পতীহালৰ ঘৰত উপস্থিত হোৱাৰ পিছতে তেওঁক অতি নৃশংসতাৰে বলি দিয়া হয় আৰু মৃতদেহটো টুকুৰা-টুকুৰকৈ কাটি তেওঁলোকৰ ঘৰৰ চোতালত পুতি পেলোৱা হয়। কিন্তু ইয়াৰ পিছতো আৰ্থিক উন্নতি নোহোৱাত দম্পতীহালে পুনৰ চফীৰ ওচৰ চাপে। চফীয়ে দম্পতীহাক গ্ৰহদোষৰ বাবে এনে হোৱা নাই বুলি আভুৱা ভাৰি পুনৰ বলিৰ বাবে উচতনি দিয়ে। 

যোৱা ছেপ্তেম্বৰত চফীয়ে কোচিৰ উপকণ্ঠৰ পোন্নুৰুন্নীৰ পদ্মা নামৰ আন এগৰাকী মহিলাক দম্পতীহালৰ ঘৰলৈ আনি তেওঁকো বলি দিয়ে। ৰ’জলিনৰ দৰে পদ্মাৰ শৰীৰৰ অংশবোৰো কাটি চৌহদত পুতি থোৱা হয়। এই দুটাকৈ বলিৰ নামত দুৰ্বৃত্ত চফীয়ে পৰিয়ালটোৰ পৰা লক্ষাধিক টকা সংগ্ৰহ কৰিছিল। ইফালে পদ্মাৰ ভগ্নীয়ে ২৭ ছেপ্টেম্বৰত এক নিৰুদ্দেশ অভিযোগ দাখিল কৰে। এই অভিযোগৰ তদন্ত কৰাৰ সময়তে আৰক্ষীয়ে পদ্মাৰ ফোনৰ কল ৰেকৰ্ডত চফীৰ একাধিক ফোন কলৰ তথ্য লাভ কৰে। 

ইয়াৰ পাছতে আৰক্ষীয়ে চফীত আটক কৰে আৰু তেতিয়াই এই সমগ্ৰ ঘটনা ফাদিল হয়। চফীৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে দম্পতীহালকো গ্ৰেপ্তাৰ কৰে। ইফালে এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে। এই ঘটনাত হতভম্ব হৈ পৰা বুলি উল্লেখ কৰি তেওঁ ঘটনাটোৰ বাবে শোক প্ৰকাশ কৰে। বিজয়নে লগতে ৰাজ্যবাসীক এনে ধৰণৰ অসৎ প্ৰথাৰ সম্ভেদ পালে লগে লগে প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু