--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতাভ বচ্ছনৰ ভাতৃ অজিতাভ৷ হৰিবংশ ৰায় বচ্চন আৰু তেজী বচ্চনৰ কনিষ্ঠ পুত্ৰ। অমিতাভৰ লগত তেওঁৰ বয়সৰ পাৰ্থক্য ৫ বছৰ। ককায়েকৰ দৰে অজিতাভেও উত্তৰাখণ্ডৰ নৈনিতালৰ এখন স্কুলত পঢ়িছিল। অজিতাভে দ্বাদশ শ্ৰেণীত পঢ়ি থকাৰ সময়তে অমিতাভে কলেজ পাৰ হৈ গ’ল।

কলেজীয়া শিক্ষা সমাপ্ত কৰি অজিতাভে চৰকাৰী কাৰ্যালয়ত কাম কৰাৰ সুযোগ পালে। কৰ্মজীৱনৰ যথেষ্ট সময় কলকাতাতে কটালে। ককায়েকৰ যোগেদিয়েই তেওঁ ৰামোলা নামৰ এগৰাকী যুৱতীৰ লগত কথা পাতিছিল। অমিতাভৰ বান্ধৱী আছিল ৰামোলা। অজিতাভৰ প্ৰেম হয় ৰামোলাৰ লগত।

‘কৌন বনেগা কোৰপতি’ৰ এটা পুৰণি খণ্ডত অমিতাভে কৈছিল যে অজিতাভৰ বাবেই তেওঁৰ মূৰত অভিনয়ৰ পোকটো সোমাইছিল। অমিতাভে কয়, ‘মই মোৰ ভাইটিৰ বাবেই অভিনয় কৰিবলৈ আৰম্ভ কৰিছিলো। ভাইটিয়েই মোক প্ৰথমে চিনেমাত সোমাবলৈ কৈছিল। যেতিয়া মই ব্যৱসায়ৰ বাবে কলকাতাত আছিলো, তেতিয়া বহুত ফটো তুলিছিলো। তাৰ পিছত তেওঁ সেই ছবিবোৰ এখন প্ৰতিযোগিতালৈ পঠিয়াইছিল। যদিও মোৰ ছবিখন কোনেও ভাল নাপালে। কিন্তু অভিনয় মোৰ মনত শিপাই আছিল। ইয়াৰ পিছত মই চাকৰি এৰিলোঁ।''

অমিতাভ কেৰিয়াৰৰ বাবে মুম্বাইলৈ যোৱাৰ পিছত কলকাতাতে থাকিল অজিতাভ। লাহে লাহে অমিতাভে বলীউডত নিজৰ স্থান দখল কৰিলে। আনহাতে অজিতাভ কলকাতা এৰি মুম্বাইলৈ যায়। মুম্বাইলৈ যোৱাৰ পিছত অজিতাভে প্ৰথমে ককায়েকৰ মেনেজাৰ হিচাপে কাম আৰম্ভ কৰিছিল।

অমিতাভ ৰাজনীতিৰ জগতখনত প্ৰৱেশ কৰাৰ সময়ত অজিতাভ লণ্ডনলৈ গুচি যায়। তালৈ গৈ ব্যৱসায়ৰ লগত জড়িত হৈ পৰিল। তেওঁ লণ্ডনত ঔষধৰ ব্যৱসায় চম্ভালিছিল। শুনা যায় যে এই ব্যৱসায়ৰ মূলধন অমিতাভৰ আছিল। ভাই অজিতাভে কেৱল ব্যৱসায় চোৱাচিতা কৰিছিল। অজিতাভ আৰু ৰামোলা দুয়োজনেই ব্যৱসায়িক আৰু পাৰিবাৰিক সংযোগৰ জৰিয়তে লণ্ডনৰ অভিজাত শ্ৰেণীৰ মাজত জনপ্ৰিয় হৈ পৰিছিল।

অজিতাভ আৰু ৰামোলাৰ এজন পুত্ৰ আৰু তিনিগৰাকী কন্যা সন্তান আছে। তেওঁলোকৰ পুত্ৰ ভীম বচ্চন পেছাত এজন ইনভেষ্টমেণ্ট বেংকাৰ। তিনিগৰাকী কন্যাৰ ভিতৰত নীলিমা পেছাত অভিযন্তা, নম্ৰতা পেছাত ফটোগ্ৰাফাৰ, নাইনা বেংকাৰ আৰু পেছাত এগৰাকী শিল্পী। নাইনাই বলীউডৰ অভিনেতা কুনাল কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। অজিতাভ আৰু ৰামোলা দুয়োজনেই বৰ্তমান লণ্ডনত থাকে।

পিছলৈ যেতিয়া অমিতাভে নিজাকৈ প্ৰডাকচন কোম্পানী খুলিলে, তেতিয়া অজিতাভও ব্যৱসায়ৰ অংশীদাৰ আছিল। বলী অভিনেত্ৰী কিৰণ খেৰৰ প্ৰাক্তন স্বামী গৌতম বাৰিঅ’ও সেই প্ৰতিষ্ঠানটোৰ অংশীদাৰ আছিল। কিন্তু কম সময়ৰ ভিতৰতে কোম্পানীটোৰ পতন ঘটে। বজাৰত সেই প্ৰডাকচন কোম্পানীটোৰ ঋণ ২৫০ কোটি।

অজিতাভে নিজেই পুৰণি সাক্ষাৎকাৰত স্বীকাৰ কৰিছিল যে অমিতাভৰ লগত অজিতাভৰ দূৰত্ব আছিল। অজিতাভে ক’লে, দুয়ো ভাতৃৰ মাজৰ দূৰত্ব বহুদিনৰ পৰা আহিছিল। কিন্তু তেওঁলোকে দেউতাকক দুখ দিব নিবিচৰাৰ বাবে সদ্ভাৱ ৰাখিলে। ২০০৩ চনত পিতৃৰ মৃত্যুৰ পিছত দুয়োৰে মাজত দূৰত্ব আৰু অধিক বাঢ়ি আহিল।

খবৰ অনুসৰি, দুয়ো ভাতৃৰ মাজৰ দূৰত্ব ইমানেই বাঢ়ি আহিল যে অমিতাভৰ কোনো অনুষ্ঠানলৈ অজিতাভক নিমন্ত্ৰণ কৰা হোৱা নাছিল। ২০১২ চনত দুয়োজন ভাতৃৰ মাজত থকা সকলো সংঘাতৰ সমাধান হৈছিল।

সূত্ৰ অনুসৰি অমিতাভে নিজৰ প্ৰতীক্ষা বাংলোটো অজিতাভক দিব বিচাৰিছিল। কিন্তু অজিতাভৰ ল’বলৈ মন নগ’ল। বৰ্তমান অজিতাভৰ ১৬৬ কোটি টকাৰ সম্পত্তি আছে। এতিয়া অমিতাভৰ লগত অজিতাভৰ আন্তৰিক সম্পৰ্ক আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক