--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি এতিয়া 'পাঠান’ জ্বৰ। শ্বাহৰুখৰ ছবিখনৰ বিজয়ৰথ এতিয়াও বন্ধ হোৱা নাই। সকলোৱে প্ৰশংসা কৰিছে ছৱিখনক। কিন্তু সকলো ‘শুদ্ধ’তে কিছুমান ‘ত্ৰুটি’ও লুকাই থাকে। 'পাঠান’ক সৰ্বাংগসুন্দৰ বুলি ক’লেও ছৱিখনত বহুকেইটা ভুল-ত্ৰুটি দেখা পাইছে বহুতে। ছ’চিয়েল মিডিয়াতো ছবিখনৰ কিছুমান 'ভুল’ক লৈ আলোচনা আৰম্ভ হৈছে। কি কি 'ভুল’ ৰৈ গৈছে 'পাঠান’ত?

ছবিখনৰ একচন দৃশ্যত দীপিকা পাডুকনৰ পেটত গুলিবৰ্ষণ কৰা হৈছে। অচেতন হৈ পৰে দীপিকা। জ্ঞান ঘূৰি অহাৰ পিছত অভিনেত্ৰীগৰাকীৰ পেটৰ বাওঁফাল বেণ্ডেজ লগোৱা দেখা যায়। তাৰপাছৰ দৃশ্যটোত দেখা গৈছে যে পেটত গুলি লগাৰ পিছদিনা ৰাতি শ্বাহৰুখে  হোটেলৰ কোঠাত অভিনেত্ৰীগৰাকীৰ পেটৰ সোঁফাল বেণ্ডেজ লগাই আছে।

আন এটা দৃশ্যত আফগানিস্তানত কৰ্তব্যৰত অৱস্থাত শ্বাহৰুখৰ ফালে উৰি আহিছিল মিছাইল। কিন্তু  শ্বাহৰুখে  হাতৰ  মোবাইল ফোনটো দলিয়াই  জিপিএছ নিয়ন্ত্ৰিত ক্ষেপণাস্ত্ৰটোৰ পৰা ৰক্ষা পায়। 'পাঠান’ৰ কাহিনীটো ২০০২ চনৰ বুলি জানিব পৰা গৈছে। কিন্তু ২০০৭ চনতহে মোবাইল ফোনত জিপিএছৰ ব্যৱহাৰ আৰম্ভ হৈছিল।

'পাঠান’ত চলমান খানৰ কেমিঅ’ অত্যন্ত চৰ্চিত হৈছে। নায়ক শ্বাহৰুখক বচাবলৈ ছলমানে ট্ৰেইনৰ ওপৰৰ পৰা জপিয়াই ডবাটোত প্ৰৱেশ কৰিছে। হাতত কফিৰ কাপ! কিন্তু প্ৰচণ্ড জাপ মৰাৰ পাছতো হাতৰ কাপটোৰ পৰা কফিখিনি চিটিকি সৰি পৰা নাছিল।

শ্বাহৰুখ আৰু জন আব্ৰাহামক ছবিখনৰ এটা দৃশ্যত আকাশত জেটপেক বিমানত উৰি থকা দেখা গৈছে। দুয়োজনে পৰস্পৰৰ স’তে তীব্ৰ গুলিয়া গুলি চলাইছে। কিন্তু বহুতে দাবী কৰিছে যে বিশেষধৰণৰ চছমা পিন্ধাকৈ সেই উচ্চতাত ওপঙি থকাটো অসম্ভৱ।

'ঝুমে জো পাঠান' গানটোতো অনেক ত্ৰুটি দেখা গৈছে। এই গীতটোত শ্বাহৰুখৰ পিছফালে এটা ঘড়ী আছে। কিন্তু ঘড়ীটোৰ সময় একাধিক দৃশ্যত সলনি হৈছে। ইয়াৰ উপৰিও গীতটোত লং শ্বট আৰু ক্ল’জ শ্বটত দীপিকাই কেইবাযোৰো জোতা পিন্ধাটোও বহুতে লক্ষ্য কৰিছে।
 
কেৱল এইসমূহেই নহয়, এনেধৰণৰ কেইবাটাও সূক্ষ্ম ত্ৰুটি ইতিমধ্যে ধৰা পেলাইছে উৎসুকী দৰ্শকসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক