--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি এতিয়া 'পাঠান’ জ্বৰ। শ্বাহৰুখৰ ছবিখনৰ বিজয়ৰথ এতিয়াও বন্ধ হোৱা নাই। সকলোৱে প্ৰশংসা কৰিছে ছৱিখনক। কিন্তু সকলো ‘শুদ্ধ’তে কিছুমান ‘ত্ৰুটি’ও লুকাই থাকে। 'পাঠান’ক সৰ্বাংগসুন্দৰ বুলি ক’লেও ছৱিখনত বহুকেইটা ভুল-ত্ৰুটি দেখা পাইছে বহুতে। ছ’চিয়েল মিডিয়াতো ছবিখনৰ কিছুমান 'ভুল’ক লৈ আলোচনা আৰম্ভ হৈছে। কি কি 'ভুল’ ৰৈ গৈছে 'পাঠান’ত?

ছবিখনৰ একচন দৃশ্যত দীপিকা পাডুকনৰ পেটত গুলিবৰ্ষণ কৰা হৈছে। অচেতন হৈ পৰে দীপিকা। জ্ঞান ঘূৰি অহাৰ পিছত অভিনেত্ৰীগৰাকীৰ পেটৰ বাওঁফাল বেণ্ডেজ লগোৱা দেখা যায়। তাৰপাছৰ দৃশ্যটোত দেখা গৈছে যে পেটত গুলি লগাৰ পিছদিনা ৰাতি শ্বাহৰুখে  হোটেলৰ কোঠাত অভিনেত্ৰীগৰাকীৰ পেটৰ সোঁফাল বেণ্ডেজ লগাই আছে।

আন এটা দৃশ্যত আফগানিস্তানত কৰ্তব্যৰত অৱস্থাত শ্বাহৰুখৰ ফালে উৰি আহিছিল মিছাইল। কিন্তু  শ্বাহৰুখে  হাতৰ  মোবাইল ফোনটো দলিয়াই  জিপিএছ নিয়ন্ত্ৰিত ক্ষেপণাস্ত্ৰটোৰ পৰা ৰক্ষা পায়। 'পাঠান’ৰ কাহিনীটো ২০০২ চনৰ বুলি জানিব পৰা গৈছে। কিন্তু ২০০৭ চনতহে মোবাইল ফোনত জিপিএছৰ ব্যৱহাৰ আৰম্ভ হৈছিল।

'পাঠান’ত চলমান খানৰ কেমিঅ’ অত্যন্ত চৰ্চিত হৈছে। নায়ক শ্বাহৰুখক বচাবলৈ ছলমানে ট্ৰেইনৰ ওপৰৰ পৰা জপিয়াই ডবাটোত প্ৰৱেশ কৰিছে। হাতত কফিৰ কাপ! কিন্তু প্ৰচণ্ড জাপ মৰাৰ পাছতো হাতৰ কাপটোৰ পৰা কফিখিনি চিটিকি সৰি পৰা নাছিল।

শ্বাহৰুখ আৰু জন আব্ৰাহামক ছবিখনৰ এটা দৃশ্যত আকাশত জেটপেক বিমানত উৰি থকা দেখা গৈছে। দুয়োজনে পৰস্পৰৰ স’তে তীব্ৰ গুলিয়া গুলি চলাইছে। কিন্তু বহুতে দাবী কৰিছে যে বিশেষধৰণৰ চছমা পিন্ধাকৈ সেই উচ্চতাত ওপঙি থকাটো অসম্ভৱ।

'ঝুমে জো পাঠান' গানটোতো অনেক ত্ৰুটি দেখা গৈছে। এই গীতটোত শ্বাহৰুখৰ পিছফালে এটা ঘড়ী আছে। কিন্তু ঘড়ীটোৰ সময় একাধিক দৃশ্যত সলনি হৈছে। ইয়াৰ উপৰিও গীতটোত লং শ্বট আৰু ক্ল’জ শ্বটত দীপিকাই কেইবাযোৰো জোতা পিন্ধাটোও বহুতে লক্ষ্য কৰিছে।
 
কেৱল এইসমূহেই নহয়, এনেধৰণৰ কেইবাটাও সূক্ষ্ম ত্ৰুটি ইতিমধ্যে ধৰা পেলাইছে উৎসুকী দৰ্শকসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে