--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  শ্বাহৰুখ-দীপিকা-জন অভিনীত 'পাঠান'ৰ সফলতাৰ ধাৰা অব্যাহত আছে। ছয় দিনত এই ছবিখনে বিশ্বজুৰি ৬০০ কোটি টকাৰ ব্যৱসায় কৰিছে। বলীউডক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে ‘পাঠান’-এ।

বিগত দুবছৰ ধৰি বেয়া সময় পাৰ কৰি আহিছে বলীউডে। দক্ষিণ ভাৰতীয় মধ্যম বাজেটৰ ছবিয়েও বিগ বাজেটৰ বলিউডৰ ছবিক পৰাস্ত কৰিছিল। ‘পাঠান’ৰ উত্থানে বলীউডৰ দুবছৰীয়া খৰাং পৰিস্থিতিৰ অন্ত পেলাইছে বুলিও দাবী কৰিছে চিনেমা বিশেষজ্ঞসকলে।

খবৰ অনুসৰি, ‘পাথান’ই ভাৰতত ৩০০ কোটি টকাৰ ব্যৱসায় কৰিছে। ‘পাথান’ৰ শ্ব’ৰ সময়ত প্ৰতিখন থিয়েটাৰতে দৰ্শকৰ হাতচাপৰিৰ জোৱাৰ উঠিছিল।

‘পাঠান’ যি গতিৰে আগবাঢ়িছে, তাৰ ফলত দেখা গৈছে যে চলিত সপ্তাহৰ শেষৰ ফালে ছবিখনে বক্স অফিচত ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব।

২৫ জানুৱাৰীত হিন্দী, তামিল আৰু তেলেগু ভাষাত ছবিগৃহত মুক্তি পায় 'পাঠান’। তেতিয়াৰ পৰা এই ছবিখনক বাধা দিব পৰা হোৱা নাই। শ্বাহৰুখ খানৰ লগতে দীপিকা পাডুকন আৰু জন আব্ৰাহামে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

ভাৰতীয় বজাৰত সৰ্বাধিক ক্ষীপ্ৰতাৰে ২৫০ কোটি টকা উপাৰ্জন কৰিছে ‘পাঠান’-এ। কিন্তু পাঠানে এতিয়াও বিশ্বব্যাপী উপাৰ্জনৰ ক্ষেত্ৰত শ্ৰেষ্ঠৰ ভিতৰত শ্ৰেষ্ঠ হ’বলৈ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

২০১৪ চনত মুক্তি পোৱা আমিৰ খান অভিনীত ছবি ‘পিকে’ সমগ্ৰ দেশতে হিট হৈছিল। কেইবাটাও হিন্দু সংগঠনৰ ক্ৰোধৰ সন্মুখীন হোৱাৰ পিছতো ‘পি কে’য়ে সমগ্ৰ বিশ্বতে প্ৰায় ৭৫৪ কোটি টকা উপাৰ্জন কৰে। অনুমান কৰা হৈছে যে দুদিনৰ ভিতৰত ছবিখনৰ উপাৰ্জন ‘পাঠান’-এ অতিক্ৰম কৰিব।

‘পাঠান’ৰ পূৰ্বে আন কেইবাখনো ছবিয়ে বক্স অফিচত অভিলেখ গঢ়িছিল। য’ত দক্ষিণ ভাৰতৰ তাৰকা অভিনীত কেইবাখনো ছবিও আছে।

উপাৰ্জনৰ ক্ষেত্ৰত ইতিমধ্যে দক্ষিণ ভাৰতীয় অভিনেতা যশৰ ‘কে জি এফ’ৰ প্ৰথম খণ্ড অতিক্ৰম কৰিছে 'পাঠান’-এ। অৱশ্যে এই ছবিখনৰ দ্বিতীয় খণ্ডৰ আয় বহুত। ‘কে জি এফ-২’ই বিশ্বজুৰি প্ৰায় ১৩০০ কোটি টকা উপাৰ্জন কৰে।

আমিৰ খানৰ ‘দংগল’ আৰু প্ৰভাস-অনুষ্কা শ্বেট্টী অভিনীত ‘বাহুবলী-১’ আৰু ‘বাহুবলী-২’ও কম নহয়। বিশ্ব বজাৰৰ পৰা ‘দংগল’ৰ আয় আছিল ২০২৪ কোটি। বাহুবলী-১ৰ আয় আছিল প্ৰায় ১৮০০ কোটি। বাহুবলী-২য়ে প্ৰায় ২৩০০ কোটি টকা উপাৰ্জন কৰে।

অৰ্থাৎ আয়ৰ ক্ষেত্ৰত শ্ৰেষ্ঠৰ ভিতৰত শ্ৰেষ্ঠ হ’বলৈ হ’লে ‘পাথান’ এতিয়াও এই ছবিসমূহৰ আয়ক অতিক্ৰম কৰিব লাগিব। সমালোচকৰ মতে ইয়াক ভাঙিবলৈ কঠিন যদিও অসম্ভৱ নহয়।

ভাৰতত ৫,৫০০ টা চিনেমাহলত মুক্তি লাভ কৰিছে ‘পাঠান’এ। বিদেশতো মুঠ ১০০খন দেশত মুক্তি লাভ কৰিছে। দেশৰ বাহিৰত ২৫০০ টা চিনেমাহলত প্ৰদৰ্শিত হৈছে ছবিখন। ইয়াৰে কেৱল আমেৰিকাৰেই ৬৯৪টা চিনেমাগৃহত মুক্তি লাভ কৰিছে ছৱিখনে। ছবিখনে মুক্তিৰ দিনাই আমেৰিকাত ১৮ লাখ ৬০ হাজাৰ ডলাৰ (ভাৰতীয় মুদ্ৰাত ১৫ কোটি) উপাৰ্জন কৰিছিল।

উত্তৰ আমেৰিকাৰ ৬৯৪টা ছবিগৃহত চলি থকা ‘পাঠান’ ছবিখনে শেহতীয়াকৈ মুক্তি পোৱা যিকোনো ছবিৰ ভিতৰত সৰ্বাধিক উপাৰ্জনৰ গড় লাভ কৰিছে। গড় আয়ৰ ক্ষেত্ৰতো শ্বাহৰুখ-দীপিকাৰ চিনেমাখনে হলিউডক টক্কৰ দিছে।

৩ খন হলিউডৰ ছবিহে এই দিশত ‘পাথান’তকৈ আগবাঢ়ি আছে। এই চিনেমাকেইখন হৈছে- ‘অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ’, ‘পুছ ইন দ্য বুটছ: দ্য লাষ্ট উইচ’ আৰু ‘এ মেন কল্ড অট্টো’। যদি সফলতাৰ ধাৰা অব্যাহত থাকিব লাগে তেন্তে শ্ৰেষ্ঠ গড় উপাৰ্জনৰ তালিকাত তৃতীয় বা চতুৰ্থ স্থান দখল কৰিব পাৰে ‘পাঠান’-এ। 

প্ৰায় চাৰি বছৰৰ পাছত মুক্তি পালে শ্বাহৰুখৰ এখন ছবি। ইয়াৰ পূৰ্বে ২০১৮ চনত শ্বাহৰুখৰ ছবি ‘জিৰ’ ছবিগৃহত মুক্তি লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে