--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  শ্বাহৰুখ-দীপিকা-জন অভিনীত 'পাঠান'ৰ সফলতাৰ ধাৰা অব্যাহত আছে। ছয় দিনত এই ছবিখনে বিশ্বজুৰি ৬০০ কোটি টকাৰ ব্যৱসায় কৰিছে। বলীউডক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে ‘পাঠান’-এ।

বিগত দুবছৰ ধৰি বেয়া সময় পাৰ কৰি আহিছে বলীউডে। দক্ষিণ ভাৰতীয় মধ্যম বাজেটৰ ছবিয়েও বিগ বাজেটৰ বলিউডৰ ছবিক পৰাস্ত কৰিছিল। ‘পাঠান’ৰ উত্থানে বলীউডৰ দুবছৰীয়া খৰাং পৰিস্থিতিৰ অন্ত পেলাইছে বুলিও দাবী কৰিছে চিনেমা বিশেষজ্ঞসকলে।

খবৰ অনুসৰি, ‘পাথান’ই ভাৰতত ৩০০ কোটি টকাৰ ব্যৱসায় কৰিছে। ‘পাথান’ৰ শ্ব’ৰ সময়ত প্ৰতিখন থিয়েটাৰতে দৰ্শকৰ হাতচাপৰিৰ জোৱাৰ উঠিছিল।

‘পাঠান’ যি গতিৰে আগবাঢ়িছে, তাৰ ফলত দেখা গৈছে যে চলিত সপ্তাহৰ শেষৰ ফালে ছবিখনে বক্স অফিচত ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব।

২৫ জানুৱাৰীত হিন্দী, তামিল আৰু তেলেগু ভাষাত ছবিগৃহত মুক্তি পায় 'পাঠান’। তেতিয়াৰ পৰা এই ছবিখনক বাধা দিব পৰা হোৱা নাই। শ্বাহৰুখ খানৰ লগতে দীপিকা পাডুকন আৰু জন আব্ৰাহামে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

ভাৰতীয় বজাৰত সৰ্বাধিক ক্ষীপ্ৰতাৰে ২৫০ কোটি টকা উপাৰ্জন কৰিছে ‘পাঠান’-এ। কিন্তু পাঠানে এতিয়াও বিশ্বব্যাপী উপাৰ্জনৰ ক্ষেত্ৰত শ্ৰেষ্ঠৰ ভিতৰত শ্ৰেষ্ঠ হ’বলৈ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

২০১৪ চনত মুক্তি পোৱা আমিৰ খান অভিনীত ছবি ‘পিকে’ সমগ্ৰ দেশতে হিট হৈছিল। কেইবাটাও হিন্দু সংগঠনৰ ক্ৰোধৰ সন্মুখীন হোৱাৰ পিছতো ‘পি কে’য়ে সমগ্ৰ বিশ্বতে প্ৰায় ৭৫৪ কোটি টকা উপাৰ্জন কৰে। অনুমান কৰা হৈছে যে দুদিনৰ ভিতৰত ছবিখনৰ উপাৰ্জন ‘পাঠান’-এ অতিক্ৰম কৰিব।

‘পাঠান’ৰ পূৰ্বে আন কেইবাখনো ছবিয়ে বক্স অফিচত অভিলেখ গঢ়িছিল। য’ত দক্ষিণ ভাৰতৰ তাৰকা অভিনীত কেইবাখনো ছবিও আছে।

উপাৰ্জনৰ ক্ষেত্ৰত ইতিমধ্যে দক্ষিণ ভাৰতীয় অভিনেতা যশৰ ‘কে জি এফ’ৰ প্ৰথম খণ্ড অতিক্ৰম কৰিছে 'পাঠান’-এ। অৱশ্যে এই ছবিখনৰ দ্বিতীয় খণ্ডৰ আয় বহুত। ‘কে জি এফ-২’ই বিশ্বজুৰি প্ৰায় ১৩০০ কোটি টকা উপাৰ্জন কৰে।

আমিৰ খানৰ ‘দংগল’ আৰু প্ৰভাস-অনুষ্কা শ্বেট্টী অভিনীত ‘বাহুবলী-১’ আৰু ‘বাহুবলী-২’ও কম নহয়। বিশ্ব বজাৰৰ পৰা ‘দংগল’ৰ আয় আছিল ২০২৪ কোটি। বাহুবলী-১ৰ আয় আছিল প্ৰায় ১৮০০ কোটি। বাহুবলী-২য়ে প্ৰায় ২৩০০ কোটি টকা উপাৰ্জন কৰে।

অৰ্থাৎ আয়ৰ ক্ষেত্ৰত শ্ৰেষ্ঠৰ ভিতৰত শ্ৰেষ্ঠ হ’বলৈ হ’লে ‘পাথান’ এতিয়াও এই ছবিসমূহৰ আয়ক অতিক্ৰম কৰিব লাগিব। সমালোচকৰ মতে ইয়াক ভাঙিবলৈ কঠিন যদিও অসম্ভৱ নহয়।

ভাৰতত ৫,৫০০ টা চিনেমাহলত মুক্তি লাভ কৰিছে ‘পাঠান’এ। বিদেশতো মুঠ ১০০খন দেশত মুক্তি লাভ কৰিছে। দেশৰ বাহিৰত ২৫০০ টা চিনেমাহলত প্ৰদৰ্শিত হৈছে ছবিখন। ইয়াৰে কেৱল আমেৰিকাৰেই ৬৯৪টা চিনেমাগৃহত মুক্তি লাভ কৰিছে ছৱিখনে। ছবিখনে মুক্তিৰ দিনাই আমেৰিকাত ১৮ লাখ ৬০ হাজাৰ ডলাৰ (ভাৰতীয় মুদ্ৰাত ১৫ কোটি) উপাৰ্জন কৰিছিল।

উত্তৰ আমেৰিকাৰ ৬৯৪টা ছবিগৃহত চলি থকা ‘পাঠান’ ছবিখনে শেহতীয়াকৈ মুক্তি পোৱা যিকোনো ছবিৰ ভিতৰত সৰ্বাধিক উপাৰ্জনৰ গড় লাভ কৰিছে। গড় আয়ৰ ক্ষেত্ৰতো শ্বাহৰুখ-দীপিকাৰ চিনেমাখনে হলিউডক টক্কৰ দিছে।

৩ খন হলিউডৰ ছবিহে এই দিশত ‘পাথান’তকৈ আগবাঢ়ি আছে। এই চিনেমাকেইখন হৈছে- ‘অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ’, ‘পুছ ইন দ্য বুটছ: দ্য লাষ্ট উইচ’ আৰু ‘এ মেন কল্ড অট্টো’। যদি সফলতাৰ ধাৰা অব্যাহত থাকিব লাগে তেন্তে শ্ৰেষ্ঠ গড় উপাৰ্জনৰ তালিকাত তৃতীয় বা চতুৰ্থ স্থান দখল কৰিব পাৰে ‘পাঠান’-এ। 

প্ৰায় চাৰি বছৰৰ পাছত মুক্তি পালে শ্বাহৰুখৰ এখন ছবি। ইয়াৰ পূৰ্বে ২০১৮ চনত শ্বাহৰুখৰ ছবি ‘জিৰ’ ছবিগৃহত মুক্তি লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক