--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কে এল ৰাহুলৰ হাতত ধৰি নতুন জীৱনৰ আৰম্ভ কৰিলে আথিয়া শ্বেট্টীয়ে। আৰু বিয়াৰ অনুষ্ঠান সমাপ্ত হোৱাৰ পাছতেই প্ৰথমবাৰৰ বাবে স্বামীৰ সৈতে কেমেৰাৰ সন্মুখত অহাৰ সময়ত নেটিজেনৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ল অভিনেত্ৰীগৰাকী! সামাজিক মাধ্যমত আৰম্ভ হৈছে ট্ৰ’ল।

আচলতে সমগ্ৰ ঘটনাটো কি? নৱবিবাহিত আথিয়াক কিয় ইণ্টাৰনেটত ট্ৰ’ল কৰা হৈছে? আচলতে সোমবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা। ৰাহুলৰ লগত ডিনাৰ ডেটত যাবলৈ ঘৰৰ পৰা ওলাই আহিছিল আথিয়া । স্বাভাৱিকতে নৱবিবাহিত দম্পতীক ধৰিবলৈ পাপাৰাজী গোট খাইছিল। আৰু সেই মুহূৰ্তৰ ৰাহুল-আথিয়াৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পিবলৈ ধৰিলে। আচলতে অথিয়াই কিছু অভাৱনীয় ৰূপত দেখা পোৱা গৈছিল। তেওঁৰ ফালে চালে বুজিব পৰা নাযায় যে ২৩ জানুৱাৰীত তেওঁৰ বিয়া হৈছিল। শিৰত নাছিল সেন্দুৰ আনকি  তেওঁ মংগলসূত্ৰও পৰিধান কৰা নাছিল। হাতৰ মেহেন্দিও সম্পূৰ্ণ অস্বচ্ছ। নীলা ডেনিম আৰু নীলা-বগা চাৰ্ট পিন্ধি ৰাহুলৰ কাষত পোজ দিছিল।

এতিয়া নেটিজেনে  দাবী কৰে যে আঠিয়াক কোনো ফালৰ পৰাই কইনাৰ দৰে দেখা নাযায়। বহুতে এই প্ৰশ্ন উত্থাপন কৰিছে, বিয়াৰ পাছত কেনেকৈ শিৰৰ পৰা অন্তৰ্ধান হ'ল সেন্দুৰ? মংগলসূত্ৰ বা কিয় পিন্ধা নাছিল! অথিয়া অনুৰাগীয়ে আকৌ অলপ অসন্তুষ্টিৰে ক’লে, আঠিয়াই যিকোনো লুকটে ঘূৰি ফুৰিব পাৰে কাৰণ তেওঁ বলীউড তাৰকাৰ কন্যা। এই দেশৰ সাধাৰণ মহিলাই যেতিয়া এই কাম কৰে তেতিয়া আথিয়াই কিয় নোৱাৰিব? কিছুমানে আকৌ আথিয়াক ভাৰতীয় সংস্কৃতিৰ পাঠো দিছিল। কিছুমানে দাবী কৰে, এতিয়া ভাৰতীয় মহিলাসকলে পশ্চিমীয়া সভ্যতাত বিশ্বাস কৰে। ভাৰতীয় সংস্কৃতি তেওঁলোকৰ বাবে পুৰণি।

যদিও এতিয়াৰ বাবে এই ঠাট্টা-মস্কৰাবোৰ আথিয়া শুনিবলৈ অনিচ্ছুক। বৰ্তমান সময়ত স্বামীৰ সৈতে আথিয়াই নতুন জীৱনটো উপভোগ কৰিব বিচাৰিছে। ২৩ জানুৱাৰীত বিয়াৰ পৰ্যায় শেষ হ’ল যদিও অভ্যৰ্থনা এতিয়াও বাকী আছে। শুনা গৈছে যে আই পি এলৰ পিছত ভাৰতীয় অ’পেনাৰ ৰাহুলে গ্ৰেণ্ড ৰিচেপচন আয়োজন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক