--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ্জেণ্টিনাৰ এখন আদালতে সিদ্ধান্ত লৈছে যে ২০২০ চনত ফুটবল কিংবদন্তি ডিয়েগো মাৰাডোনাৰ মৃত্যুৰ গোচৰত আঠজন চিকিৎসা পেছাদাৰীৰ বিৰুদ্ধে বিচাৰ হ’ব।

খবৰ অনুসৰি মঙলবাৰে আদালতে কয় যে যদিও এতিয়াও এই পদ্ধতিৰ সময় নিৰ্ধাৰণ কৰা হোৱা নাই, তথাপিও অহা বছৰৰ পূৰ্বে আৰম্ভ হোৱাৰ সম্ভাৱনা নাই।পূৰ্বে বিচাৰ বিভাগক প্ৰদান কৰা মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদন অনুসৰি, যদিহে তেওঁক সঠিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল তেন্তে মাৰাডোনা এতিয়াও জীয়াই থাকিব পাৰিলেহেতেন। ১২ ঘণ্টাৰো অধিক সময় ধৰি মাৰাডোনা তীব্ৰ বিষত ভুগিছিল আৰু চিকিৎসকে প্ৰয়োজনীয় যত্ন লোৱা নাছিল। বুয়েনছ আয়াৰ্ছৰ বাহিৰৰ ছান ইচিড্ৰ’ৰ এখন আপীল আদালতৰ তিনিজন ন্যায়াধীশে মাৰাডোনাৰ চিকিৎসা কৰ্মচাৰীয়ে গাফিলতিৰ জৰিয়তে হত্যা কৰা বুলি বিচাৰ বিভাগৰ অভিযোগক সমৰ্থন কৰে।

লিঅ’পল্ডো লুকে নামৰ এজন স্নায়ু বিশেষজ্ঞ আৰু অগষ্টিনা কোছাচ’ভ নামৰ এগৰাকী মনোৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে মাৰাডোনাৰ যত্নত গাফিলতিৰ অভিযোগ উত্থাপন হৈছে।

চিকিৎসক নেন্সি ফৰ্লিনি আৰু পেড্ৰ’ ডি স্পাগনা, মনোবিজ্ঞানী কাৰ্লোছ ডাজ, নাৰ্চিং পৰিচালক মাৰিয়ানো পেৰ’নি আৰু নাৰ্ছ ৰিকাৰ্ডো আলমিৰন আৰু ডাহিয়ানা মাদ্ৰিদ আটাইকেইজনেই আছিল মাৰাডোনাৰ চিকিৎসা কৰ্মচাৰীৰ সদস্য।মৃত্যুৰ দুসপ্তাহ পূৰ্বে মগজুৰ অস্ত্ৰোপচাৰ কৰাৰ পিছত ১৯৮৬ চনত আৰ্জেণ্টিনাক বিশ্বকাপ জয় কৰাত সহায় কৰা মাৰাডোনা ২০২০ চনৰ ২৫ নৱেম্বৰত বুয়েনছ আয়াৰ্ছৰ বাহিৰৰ ভাড়াঘৰত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ।মাৰাডোনাৰ মৰণোত্তৰ পৰীক্ষাত দেখা গ’ল যে তেওঁৰ স্বাভাৱিকতে মৃত্যু হৈছে। 

স্পেনিছ ভাষাত মাৰাডোনাৰ অন্যতম সন্তান ডালমাই ইনষ্টাগ্ৰামত পোষ্ট কৰি কয় যে, “বহু সময়ত এই প্ৰক্ৰিয়াটো বেদনাদায়ক আৰু লেহেমীয়া হয়, কিন্তু ইয়াত আমি আছো আৰু ন্যায় নোহোৱালৈকে আমি বন্ধ নহ’ম! যিসকলে নিজৰ কাম কৰা বন্ধ কৰি দিলে (কাৰোবাৰ অনুৰোধত বা অকাৰ্যকৰীতাৰ বাবে) প্ৰতিজনক তাৰ বাবে বিচাৰ কৰা হ’ব!”









FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন