--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ্জেণ্টিনাৰ এখন আদালতে সিদ্ধান্ত লৈছে যে ২০২০ চনত ফুটবল কিংবদন্তি ডিয়েগো মাৰাডোনাৰ মৃত্যুৰ গোচৰত আঠজন চিকিৎসা পেছাদাৰীৰ বিৰুদ্ধে বিচাৰ হ’ব।

খবৰ অনুসৰি মঙলবাৰে আদালতে কয় যে যদিও এতিয়াও এই পদ্ধতিৰ সময় নিৰ্ধাৰণ কৰা হোৱা নাই, তথাপিও অহা বছৰৰ পূৰ্বে আৰম্ভ হোৱাৰ সম্ভাৱনা নাই।পূৰ্বে বিচাৰ বিভাগক প্ৰদান কৰা মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদন অনুসৰি, যদিহে তেওঁক সঠিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল তেন্তে মাৰাডোনা এতিয়াও জীয়াই থাকিব পাৰিলেহেতেন। ১২ ঘণ্টাৰো অধিক সময় ধৰি মাৰাডোনা তীব্ৰ বিষত ভুগিছিল আৰু চিকিৎসকে প্ৰয়োজনীয় যত্ন লোৱা নাছিল। বুয়েনছ আয়াৰ্ছৰ বাহিৰৰ ছান ইচিড্ৰ’ৰ এখন আপীল আদালতৰ তিনিজন ন্যায়াধীশে মাৰাডোনাৰ চিকিৎসা কৰ্মচাৰীয়ে গাফিলতিৰ জৰিয়তে হত্যা কৰা বুলি বিচাৰ বিভাগৰ অভিযোগক সমৰ্থন কৰে।

লিঅ’পল্ডো লুকে নামৰ এজন স্নায়ু বিশেষজ্ঞ আৰু অগষ্টিনা কোছাচ’ভ নামৰ এগৰাকী মনোৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে মাৰাডোনাৰ যত্নত গাফিলতিৰ অভিযোগ উত্থাপন হৈছে।

চিকিৎসক নেন্সি ফৰ্লিনি আৰু পেড্ৰ’ ডি স্পাগনা, মনোবিজ্ঞানী কাৰ্লোছ ডাজ, নাৰ্চিং পৰিচালক মাৰিয়ানো পেৰ’নি আৰু নাৰ্ছ ৰিকাৰ্ডো আলমিৰন আৰু ডাহিয়ানা মাদ্ৰিদ আটাইকেইজনেই আছিল মাৰাডোনাৰ চিকিৎসা কৰ্মচাৰীৰ সদস্য।মৃত্যুৰ দুসপ্তাহ পূৰ্বে মগজুৰ অস্ত্ৰোপচাৰ কৰাৰ পিছত ১৯৮৬ চনত আৰ্জেণ্টিনাক বিশ্বকাপ জয় কৰাত সহায় কৰা মাৰাডোনা ২০২০ চনৰ ২৫ নৱেম্বৰত বুয়েনছ আয়াৰ্ছৰ বাহিৰৰ ভাড়াঘৰত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ।মাৰাডোনাৰ মৰণোত্তৰ পৰীক্ষাত দেখা গ’ল যে তেওঁৰ স্বাভাৱিকতে মৃত্যু হৈছে। 

স্পেনিছ ভাষাত মাৰাডোনাৰ অন্যতম সন্তান ডালমাই ইনষ্টাগ্ৰামত পোষ্ট কৰি কয় যে, “বহু সময়ত এই প্ৰক্ৰিয়াটো বেদনাদায়ক আৰু লেহেমীয়া হয়, কিন্তু ইয়াত আমি আছো আৰু ন্যায় নোহোৱালৈকে আমি বন্ধ নহ’ম! যিসকলে নিজৰ কাম কৰা বন্ধ কৰি দিলে (কাৰোবাৰ অনুৰোধত বা অকাৰ্যকৰীতাৰ বাবে) প্ৰতিজনক তাৰ বাবে বিচাৰ কৰা হ’ব!”









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস