--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগুলীৰ শব্দত আজি পুনৰ কঁপি উঠিল  কাশ্মীৰ উপত্যকাত ।  জম্মু আৰু কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তা বাহিনীয়ে বুধবাৰে  দুজন সন্ত্ৰাসবাদীক  গুলীয়াই হত্যা কৰে।লুকাই থকা বুলি সন্দেহ কৰা  জিহাদীসকলক বিচাৰি উলিয়াবলৈ   এতিয়াও অভিযান  চলি আছে।

 বুধবাৰে কাশ্মীৰ আৰক্ষী আৰু সেনাই কুলগামৰ কুজ্জাৰ অঞ্চলত জিহাদীৰ বিৰুদ্ধে   তালাচী অভিযান আৰম্ভ কৰে।নিৰাপত্তা বাহিনীৰে  এনকাউণ্টাৰটোত দুজন উগ্ৰপন্থী নিহত হৈছিল। জেহাদীসকলৰ মৃতদেহ ইতিমধ্যে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে। অঞ্চলটোত এতিয়াও তালাচী অভিযান চলি আছে বুলি কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে।

সেনা, কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফৰ এটা সন্মিলিত  দলে সোমবাৰে সন্ধিয়া কাশ্মীৰৰ ৰাজৌৰী অঞ্চলৰ কালাকোটৰ জংঘলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে  অভিযান আৰম্ভ কৰিছিল। ১ অক্টোবৰত চোৰাংচোৱা সূত্ৰই অঞ্চলটোত কেইবাজনো সন্দেহজনক লোকৰ উপস্থিতিৰ কথা প্ৰকাশ কৰাৰ পিছতে অভিযান আৰম্ভ হৈছিল। 

যোৱা সপ্তাহত, সেনা আৰু কাশ্মীৰ আৰক্ষীয়ে জম্মু আৰু কাশ্মীৰৰ পৰা চাৰিজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল। যুটীয়া বাহিনী আৰু চোৰাংচোৱা সংস্থাৰ যুটীয়া অভিযানৰ সময়ত সন্ত্ৰাসবাদী কেইজনৰ পৰা তিনিটা পিষ্টল উদ্ধাৰ কৰিছিল। কিছুদিন পূৰ্বে কুলগামৰ পৰা পাঁচজন লস্কৰ-ই-তৈবা (এল ই টি) সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছিল। জম্মু-কাশ্মীৰৰ অনন্তনাগত সেনাই আৰক্ষীৰে যুটীয়া অভিযান চলাই  লস্কৰৰ কমাণ্ডাৰ উজাৰ খানকো হত্যা কৰিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু