--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগুলীৰ শব্দত আজি পুনৰ কঁপি উঠিল  কাশ্মীৰ উপত্যকাত ।  জম্মু আৰু কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তা বাহিনীয়ে বুধবাৰে  দুজন সন্ত্ৰাসবাদীক  গুলীয়াই হত্যা কৰে।লুকাই থকা বুলি সন্দেহ কৰা  জিহাদীসকলক বিচাৰি উলিয়াবলৈ   এতিয়াও অভিযান  চলি আছে।

 বুধবাৰে কাশ্মীৰ আৰক্ষী আৰু সেনাই কুলগামৰ কুজ্জাৰ অঞ্চলত জিহাদীৰ বিৰুদ্ধে   তালাচী অভিযান আৰম্ভ কৰে।নিৰাপত্তা বাহিনীৰে  এনকাউণ্টাৰটোত দুজন উগ্ৰপন্থী নিহত হৈছিল। জেহাদীসকলৰ মৃতদেহ ইতিমধ্যে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে। অঞ্চলটোত এতিয়াও তালাচী অভিযান চলি আছে বুলি কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে।

সেনা, কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফৰ এটা সন্মিলিত  দলে সোমবাৰে সন্ধিয়া কাশ্মীৰৰ ৰাজৌৰী অঞ্চলৰ কালাকোটৰ জংঘলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে  অভিযান আৰম্ভ কৰিছিল। ১ অক্টোবৰত চোৰাংচোৱা সূত্ৰই অঞ্চলটোত কেইবাজনো সন্দেহজনক লোকৰ উপস্থিতিৰ কথা প্ৰকাশ কৰাৰ পিছতে অভিযান আৰম্ভ হৈছিল। 

যোৱা সপ্তাহত, সেনা আৰু কাশ্মীৰ আৰক্ষীয়ে জম্মু আৰু কাশ্মীৰৰ পৰা চাৰিজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল। যুটীয়া বাহিনী আৰু চোৰাংচোৱা সংস্থাৰ যুটীয়া অভিযানৰ সময়ত সন্ত্ৰাসবাদী কেইজনৰ পৰা তিনিটা পিষ্টল উদ্ধাৰ কৰিছিল। কিছুদিন পূৰ্বে কুলগামৰ পৰা পাঁচজন লস্কৰ-ই-তৈবা (এল ই টি) সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছিল। জম্মু-কাশ্মীৰৰ অনন্তনাগত সেনাই আৰক্ষীৰে যুটীয়া অভিযান চলাই  লস্কৰৰ কমাণ্ডাৰ উজাৰ খানকো হত্যা কৰিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement