--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইন আক্ৰমণত ৰাছিয়ান সৈন্যই ধৰ্ষণ আৰু যৌন অত্যাচাৰক 'অস্ত্ৰ’ হিচাপে ব্যৱহাৰ কৰিছে। এই বিস্ফোৰক মন্তব্য কৰিছে ইউক্ৰেইনৰ ফাৰ্ষ্ট লেডি অলেনা জেলেনস্কাই।

ব্ৰিটিছ নিউজ চেনেল স্কাই নিউজে প্ৰকাশ কৰা মতে, ফাৰ্ষ্ট লেডীগৰাকীয়ে লণ্ডনৰ এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত এই মন্তব কৰিছে। ৪৪ বৰ্ষীয়া ফাৰ্ষ্ট লেডীগৰাকীয়ে এইক্ষেত্ৰত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে।

তেওঁ কয় যে ৰাছিয়াৰ সৈনিকসকলৰ পত্নীসকলেও আনকি ইউক্ৰেইনৰ মহিলাসকলৰ ওপৰত আসুৰিক নিৰ্যাতন চলাবলৈ উৎসাহ প্ৰদান কৰি আহিছে। ফাৰ্ষ্ট লেডীগৰাকীয়ে কয় যে এই যৌন অত্যাচাৰ ৰাছিয়াই পদ্ধতিগত আৰু মকলিভাৱে কৰি আহিছে। বিষয়টোক যুদ্ধ অপৰাধ বুলিও অভিহিত কৰিছে ফাৰ্ষ্ট লেডীগৰাকীয়ে। 

''যৌন হিংসা হৈছে কাৰোবাৰ ওপৰত দমন চলাবলৈ কৰা আটাইতকৈ নিৰ্দয়, জীঘাংসু কৌশল। ইউক্ৰেইনত এতিয়া কোনেও সুৰক্ষিত অনুভৱ কৰা নাই।’’- ফাৰ্ষ্ট লেডীগৰাকীয়ে কয়।

''এই যুদ্ধ আৰু সংঘাতৰ সময়ছোৱাত যৌন নিৰ্যাতন ৰাছিয়ানসকলৰ অন্যতম এক অস্ত্ৰ। সেইবাবেই ইয়াক পদ্ধতিগত আৰু মুকলিভাৱে তেওঁলোকে ব্যৱহাৰ কৰিছে।’’- তেওঁ কয়।

''মুঠতে, ৰাছিয়ান সৈনিকসকলৰ পত্নীসকলেও এইক্ষেত্ৰত উৎসাহিত কৰি আহিছে। তেওঁলোকে কৈছে যে যোৱা, ইউক্ৰেইনৰ মহিলাসকলক ধৰ্ষণ কৰা, কেৱল মোক কথাটো নক’বা।’’- ফাৰ্ষ্ট লেডীগৰাকীয়ে দাবী কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে