--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইন আক্ৰমণত ৰাছিয়ান সৈন্যই ধৰ্ষণ আৰু যৌন অত্যাচাৰক 'অস্ত্ৰ’ হিচাপে ব্যৱহাৰ কৰিছে। এই বিস্ফোৰক মন্তব্য কৰিছে ইউক্ৰেইনৰ ফাৰ্ষ্ট লেডি অলেনা জেলেনস্কাই।

ব্ৰিটিছ নিউজ চেনেল স্কাই নিউজে প্ৰকাশ কৰা মতে, ফাৰ্ষ্ট লেডীগৰাকীয়ে লণ্ডনৰ এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত এই মন্তব কৰিছে। ৪৪ বৰ্ষীয়া ফাৰ্ষ্ট লেডীগৰাকীয়ে এইক্ষেত্ৰত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে।

তেওঁ কয় যে ৰাছিয়াৰ সৈনিকসকলৰ পত্নীসকলেও আনকি ইউক্ৰেইনৰ মহিলাসকলৰ ওপৰত আসুৰিক নিৰ্যাতন চলাবলৈ উৎসাহ প্ৰদান কৰি আহিছে। ফাৰ্ষ্ট লেডীগৰাকীয়ে কয় যে এই যৌন অত্যাচাৰ ৰাছিয়াই পদ্ধতিগত আৰু মকলিভাৱে কৰি আহিছে। বিষয়টোক যুদ্ধ অপৰাধ বুলিও অভিহিত কৰিছে ফাৰ্ষ্ট লেডীগৰাকীয়ে। 

''যৌন হিংসা হৈছে কাৰোবাৰ ওপৰত দমন চলাবলৈ কৰা আটাইতকৈ নিৰ্দয়, জীঘাংসু কৌশল। ইউক্ৰেইনত এতিয়া কোনেও সুৰক্ষিত অনুভৱ কৰা নাই।’’- ফাৰ্ষ্ট লেডীগৰাকীয়ে কয়।

''এই যুদ্ধ আৰু সংঘাতৰ সময়ছোৱাত যৌন নিৰ্যাতন ৰাছিয়ানসকলৰ অন্যতম এক অস্ত্ৰ। সেইবাবেই ইয়াক পদ্ধতিগত আৰু মুকলিভাৱে তেওঁলোকে ব্যৱহাৰ কৰিছে।’’- তেওঁ কয়।

''মুঠতে, ৰাছিয়ান সৈনিকসকলৰ পত্নীসকলেও এইক্ষেত্ৰত উৎসাহিত কৰি আহিছে। তেওঁলোকে কৈছে যে যোৱা, ইউক্ৰেইনৰ মহিলাসকলক ধৰ্ষণ কৰা, কেৱল মোক কথাটো নক’বা।’’- ফাৰ্ষ্ট লেডীগৰাকীয়ে দাবী কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক