--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা বাতৰি ৱেবছাইট নিউজক্লিকৰ সৈতে জড়িত বহুকেইগৰাকী সাংবাদিকৰ ঘৰত দিল্লী আৰক্ষীয়ে অভিযান চলায়। এই বাতৰি পৰ্টেলটোৰ বিৰুদ্ধে  চীনৰ পৰা পুঁজি গ্ৰহণ কৰাৰ  অভিযোগ উত্থাপিত হৈছিল আৰু ইডিয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল। অৱশ্যে,আজি আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত  এতিয়ালৈকে কাকো  গ্ৰেপ্তাৰ কৰা হোৱা নাই। 


সাংবাদিক অভিসাৰ শৰ্মাই এটা টুইটযোগে কয়, "দিল্লী আৰক্ষীয়ে মোৰ ঘৰত উপস্থিত হৈছে। আৰক্ষীয়ে মোৰ লেপটপ আৰু ফোনটো কাঢ়ি লৈ গৈছে।" 

জানিব পৰা মতে  চীনৰ পৰা পুঁজি যোগান ধৰাৰ অভিযোগত  ৩০ টাতকৈও অধিক স্থানত অভিযান চলি আছে।
সাংবাদিক বৰ্ষা সিঙে ছ'চিয়েল মিডিয়াত লিখিছে, "এইটো মোৰ এই ফোনটোৰ পৰা শেষ টুইট। দিল্লী আৰক্ষীয়ে মোৰ ফোনটো জব্দ কৰিছে।’’

প্ৰেছ ক্লাব অৱ ইণ্ডিয়াই কয়, "সাংবাদিক আৰু নিউজক্লিকৰ সৈতে জড়িত লোকসকলৰ ঘৰত অভিযান চলোৱাটো গভীৰভাৱে উদ্বেগজনক কথা। আমি বিষয়টোৰ ওপৰত চকু ৰাখিছো। আমি সাংবাদিকসকলৰ সৈতে থিয় দিছো আৰু দাবী কৰিছো যে চৰকাৰে অধিক তথ্য প্ৰদান কৰক।" 





উল্লেখ্য  আগষ্ট মাহতো এই বাতৰি পৰ্টেলটো চৰ্চালৈ  আহিছিল ।  এই ৱেবছাইটৰ উদ্ধৃতি দি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ৰাহুল গান্ধীক লক্ষ্য কৰি লৈছিল।

ঠাকুৰে কৈছিল "ৰাহুলৰ ভুৱা প্ৰেমৰ দোকানত চীনা সামগ্ৰী ওলাবলৈ আৰম্ভ কৰিছে," 
অনুৰাগ ঠাকুৰে আগষ্টত কৈছিল, "আমি ২০২১ চনৰ বাতৰিৰ বিষয়ে প্ৰকাশ কৰিছিলো ভাৰতৰ বিৰুদ্ধে বিদেশী হাত কেনেকুৱা, ভাৰতৰ বিৰুদ্ধে বিদেশী প্ৰচাৰ কেনেকুৱা সেয়া কৈছিলো।  ভাৰত বিৰোধী, ব্ৰেক ইণ্ডিয়া অভিযানত কংগ্ৰেছ আৰু বিৰোধী দলসমূহে তেওঁসোকৰ সমৰ্থনত ওলাই আহিছিল।’’

অভিযোগ অনুসৰি  চীনা কোম্পানীবোৰে নেভিল ৰয় সিংঘমৰ জৰিয়তে নিউজক্লিকক পুঁজি যোগান ধৰিছিল। যেতিয়া ভাৰত চৰকাৰে বাতৰি ৱেবছাইটটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল, বহুতেই  ৱেবছাইটটোৰ সমৰ্থনত ওলাই আহিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু