--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা বাতৰি ৱেবছাইট নিউজক্লিকৰ সৈতে জড়িত বহুকেইগৰাকী সাংবাদিকৰ ঘৰত দিল্লী আৰক্ষীয়ে অভিযান চলায়। এই বাতৰি পৰ্টেলটোৰ বিৰুদ্ধে  চীনৰ পৰা পুঁজি গ্ৰহণ কৰাৰ  অভিযোগ উত্থাপিত হৈছিল আৰু ইডিয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল। অৱশ্যে,আজি আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত  এতিয়ালৈকে কাকো  গ্ৰেপ্তাৰ কৰা হোৱা নাই। 


সাংবাদিক অভিসাৰ শৰ্মাই এটা টুইটযোগে কয়, "দিল্লী আৰক্ষীয়ে মোৰ ঘৰত উপস্থিত হৈছে। আৰক্ষীয়ে মোৰ লেপটপ আৰু ফোনটো কাঢ়ি লৈ গৈছে।" 

জানিব পৰা মতে  চীনৰ পৰা পুঁজি যোগান ধৰাৰ অভিযোগত  ৩০ টাতকৈও অধিক স্থানত অভিযান চলি আছে।
সাংবাদিক বৰ্ষা সিঙে ছ'চিয়েল মিডিয়াত লিখিছে, "এইটো মোৰ এই ফোনটোৰ পৰা শেষ টুইট। দিল্লী আৰক্ষীয়ে মোৰ ফোনটো জব্দ কৰিছে।’’

প্ৰেছ ক্লাব অৱ ইণ্ডিয়াই কয়, "সাংবাদিক আৰু নিউজক্লিকৰ সৈতে জড়িত লোকসকলৰ ঘৰত অভিযান চলোৱাটো গভীৰভাৱে উদ্বেগজনক কথা। আমি বিষয়টোৰ ওপৰত চকু ৰাখিছো। আমি সাংবাদিকসকলৰ সৈতে থিয় দিছো আৰু দাবী কৰিছো যে চৰকাৰে অধিক তথ্য প্ৰদান কৰক।" 





উল্লেখ্য  আগষ্ট মাহতো এই বাতৰি পৰ্টেলটো চৰ্চালৈ  আহিছিল ।  এই ৱেবছাইটৰ উদ্ধৃতি দি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ৰাহুল গান্ধীক লক্ষ্য কৰি লৈছিল।

ঠাকুৰে কৈছিল "ৰাহুলৰ ভুৱা প্ৰেমৰ দোকানত চীনা সামগ্ৰী ওলাবলৈ আৰম্ভ কৰিছে," 
অনুৰাগ ঠাকুৰে আগষ্টত কৈছিল, "আমি ২০২১ চনৰ বাতৰিৰ বিষয়ে প্ৰকাশ কৰিছিলো ভাৰতৰ বিৰুদ্ধে বিদেশী হাত কেনেকুৱা, ভাৰতৰ বিৰুদ্ধে বিদেশী প্ৰচাৰ কেনেকুৱা সেয়া কৈছিলো।  ভাৰত বিৰোধী, ব্ৰেক ইণ্ডিয়া অভিযানত কংগ্ৰেছ আৰু বিৰোধী দলসমূহে তেওঁসোকৰ সমৰ্থনত ওলাই আহিছিল।’’

অভিযোগ অনুসৰি  চীনা কোম্পানীবোৰে নেভিল ৰয় সিংঘমৰ জৰিয়তে নিউজক্লিকক পুঁজি যোগান ধৰিছিল। যেতিয়া ভাৰত চৰকাৰে বাতৰি ৱেবছাইটটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল, বহুতেই  ৱেবছাইটটোৰ সমৰ্থনত ওলাই আহিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement