--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী চিকিৎসালয়ত পুনৰ ঔষধৰ অভাৱত কেইবাজনো ৰোগীৰ মৃত্যু ঘটাৰ খবৰ আহিছে। ঔষধৰ  যোগান নথকাৰ বাবেই  মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত ২৪ জন লোকৰ মৃত্যু ঘটিছে।  মৃত্যু ঘটা সকলৰ ভিতৰত  ১২ টি  নৱজাতকো আছে। । এই ঘটনাই বিজেপি শাসিত ৰাজ্যখনত  হুলস্থূলৰ সৃষ্টি কৰিছে। বিৰোধী দলবোৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰিছে। 

যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰৰ নান্দেৰ জিলাৰ শংকৰাৰাও চৱন চৰকাৰী চিকিৎসালয়ত ২৪ জন লোকৰ মৃত্যু ঘটে। চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ঔষধৰ পৰ্যাপ্ত যোগানৰ অভাৱৰ বাবেই  এনে ঘটনা ঘটিছে। চিকিৎসালয়ৰ ডিনৰ মতে চিকিৎসালয় খনত  পৰ্যাপ্ত আন্তঃগাঁথনি নাই। 

 ঔষধৰো কোনো নিয়মীয়া  যোগান নাই। তথাপি  হাজাৰ হাজাৰ লোকৰ আশা সেই চিকিৎসালয় খনেই ।এনচিপিয়ে বিষয়টোক লৈ মুখ্যমন্ত্ৰী একনাথ চিন্দেৰ চৰকাৰক সমালোচনা কৰিছে।  দলৰ মুখপাত্ৰ বিকাশ লৱাণ্ডে কয়, "চৰকাৰ লজ্জিত হোৱা উচিত। উৎসৱটোৰ আড়ম্বৰপূৰ্ণ  বিজ্ঞাপন দিয়া হৈছে। কিন্তু চিকিৎসালয়ত কোনো ঔষধ নাই। ৰোগীসকলে এনেদৰে প্ৰাণ হেৰুৱাইছে। "

উল্লেখ্য মহাৰাষ্ট্ৰই যোৱা বছৰ আগষ্টত একে ধৰণৰ ঘটনাৰ সাক্ষী হৈছিল।সেই সময়তো ২৪ ঘণ্টাত থানে জিলাৰ কালৱা অঞ্চলৰ ছত্ৰপতি শিৱাজী মহাৰাজ চিকিৎসালয়ত ১৭  জন ৰোগীৰ মৃত্যু হৈছিল। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু