--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী চিকিৎসালয়ত পুনৰ ঔষধৰ অভাৱত কেইবাজনো ৰোগীৰ মৃত্যু ঘটাৰ খবৰ আহিছে। ঔষধৰ  যোগান নথকাৰ বাবেই  মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত ২৪ জন লোকৰ মৃত্যু ঘটিছে।  মৃত্যু ঘটা সকলৰ ভিতৰত  ১২ টি  নৱজাতকো আছে। । এই ঘটনাই বিজেপি শাসিত ৰাজ্যখনত  হুলস্থূলৰ সৃষ্টি কৰিছে। বিৰোধী দলবোৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰিছে। 

যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰৰ নান্দেৰ জিলাৰ শংকৰাৰাও চৱন চৰকাৰী চিকিৎসালয়ত ২৪ জন লোকৰ মৃত্যু ঘটে। চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ঔষধৰ পৰ্যাপ্ত যোগানৰ অভাৱৰ বাবেই  এনে ঘটনা ঘটিছে। চিকিৎসালয়ৰ ডিনৰ মতে চিকিৎসালয় খনত  পৰ্যাপ্ত আন্তঃগাঁথনি নাই। 

 ঔষধৰো কোনো নিয়মীয়া  যোগান নাই। তথাপি  হাজাৰ হাজাৰ লোকৰ আশা সেই চিকিৎসালয় খনেই ।এনচিপিয়ে বিষয়টোক লৈ মুখ্যমন্ত্ৰী একনাথ চিন্দেৰ চৰকাৰক সমালোচনা কৰিছে।  দলৰ মুখপাত্ৰ বিকাশ লৱাণ্ডে কয়, "চৰকাৰ লজ্জিত হোৱা উচিত। উৎসৱটোৰ আড়ম্বৰপূৰ্ণ  বিজ্ঞাপন দিয়া হৈছে। কিন্তু চিকিৎসালয়ত কোনো ঔষধ নাই। ৰোগীসকলে এনেদৰে প্ৰাণ হেৰুৱাইছে। "

উল্লেখ্য মহাৰাষ্ট্ৰই যোৱা বছৰ আগষ্টত একে ধৰণৰ ঘটনাৰ সাক্ষী হৈছিল।সেই সময়তো ২৪ ঘণ্টাত থানে জিলাৰ কালৱা অঞ্চলৰ ছত্ৰপতি শিৱাজী মহাৰাজ চিকিৎসালয়ত ১৭  জন ৰোগীৰ মৃত্যু হৈছিল। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু